--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপিল শৰ্মাই মানুহক যিমান হঁহুৱাই, বিতৰ্কতো সিমানেই পাকৈত। বহুবাৰ বহু বিতৰ্কিত মন্তব্যৰ সৈতে জড়িত হৈ পৰিছে কপিল। তেনেধৰণৰ এটা কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে।

এবাৰ কপিল শৰ্মাই মদ্যপান কৰি টুইট কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেগ কৰি কপিলে লিখে- ''মই যোৱা ৫ বছৰ ধৰি ১৫ কোটি টকা আয়কৰ দি আহিছো। তাৰ পিছতো মই মোৰ কাৰ্যালয় নিৰ্মাণৰ বাবে মুম্বাই পৌৰসভাক ৫ লাখ টকাৰ উৎকোচ দিবলগীয়া হয়। এইটোৱে আপোনাৰ ভাল দিনৰ উদাহৰণ নেকি?''

মদ্যপান কৰি প্ৰধানমন্ত্ৰীক গালি-গালাজভৰা টুইটে কমেডিয়ানগৰাকীয়ে। কিন্তু সেই ঘটনা এতিয়া অতীত। তেওঁৰ শ্ব’ত এবাৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল। নৰেন্দ্ৰ মোদীয়ে এই আমন্ত্ৰণৰ উত্তৰস্বৰূপে কপিলক কি ক’লে জানি আপুনি হয়তো আচৰিত হ’ব।

কপিলৰ নতুন ছবি ‘জিগাটো’ শীঘ্ৰে মুক্তি পাব। এই ছবিখনৰ প্ৰচাৰৰ সময়ত এক সাক্ষাৎকাৰত কপিলে প্ৰধানমন্ত্ৰীক তেওঁৰ অনুষ্ঠানলৈ আহিবলৈ আমন্ত্ৰণ জনায়।

কপিলে কয়- ''মই ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাইছিলো। তেওঁ উত্তৰ দিলে যে তেওঁৰ বিৰোধীয়ে কমখন ধেমালি কৰি থকা নাই, মই আন এবাৰ মোৰ অনুষ্ঠানত দেখা দিব।’’

নন্দিতা দাসৰ পৰিচালনাত কপিলক দেখা যাব ছাহানা গোস্বামীৰ বিপৰীতে 'জ্জিগাট’ত। ইতিমধ্যে ছবিখনে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ভ্ৰমণ কৰিছে। ১৭ মাৰ্চত ভাৰতত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী