--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপিল শৰ্মাই মানুহক যিমান হঁহুৱাই, বিতৰ্কতো সিমানেই পাকৈত। বহুবাৰ বহু বিতৰ্কিত মন্তব্যৰ সৈতে জড়িত হৈ পৰিছে কপিল। তেনেধৰণৰ এটা কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে।

এবাৰ কপিল শৰ্মাই মদ্যপান কৰি টুইট কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেগ কৰি কপিলে লিখে- ''মই যোৱা ৫ বছৰ ধৰি ১৫ কোটি টকা আয়কৰ দি আহিছো। তাৰ পিছতো মই মোৰ কাৰ্যালয় নিৰ্মাণৰ বাবে মুম্বাই পৌৰসভাক ৫ লাখ টকাৰ উৎকোচ দিবলগীয়া হয়। এইটোৱে আপোনাৰ ভাল দিনৰ উদাহৰণ নেকি?''

মদ্যপান কৰি প্ৰধানমন্ত্ৰীক গালি-গালাজভৰা টুইটে কমেডিয়ানগৰাকীয়ে। কিন্তু সেই ঘটনা এতিয়া অতীত। তেওঁৰ শ্ব’ত এবাৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল। নৰেন্দ্ৰ মোদীয়ে এই আমন্ত্ৰণৰ উত্তৰস্বৰূপে কপিলক কি ক’লে জানি আপুনি হয়তো আচৰিত হ’ব।

কপিলৰ নতুন ছবি ‘জিগাটো’ শীঘ্ৰে মুক্তি পাব। এই ছবিখনৰ প্ৰচাৰৰ সময়ত এক সাক্ষাৎকাৰত কপিলে প্ৰধানমন্ত্ৰীক তেওঁৰ অনুষ্ঠানলৈ আহিবলৈ আমন্ত্ৰণ জনায়।

কপিলে কয়- ''মই ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাইছিলো। তেওঁ উত্তৰ দিলে যে তেওঁৰ বিৰোধীয়ে কমখন ধেমালি কৰি থকা নাই, মই আন এবাৰ মোৰ অনুষ্ঠানত দেখা দিব।’’

নন্দিতা দাসৰ পৰিচালনাত কপিলক দেখা যাব ছাহানা গোস্বামীৰ বিপৰীতে 'জ্জিগাট’ত। ইতিমধ্যে ছবিখনে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ভ্ৰমণ কৰিছে। ১৭ মাৰ্চত ভাৰতত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ