--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলাতা দীক্ষিতৰ মৃত্যু হৈছে। ১২ মাৰ্চ দেওবাৰে পুৱা শেষ উশাহ লয় অভিনেত্ৰীগৰাকীৰ মাতৃয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।

দেওবাৰে বিয়লি ৩ বজাত মুম্বাইৰ ৱৰ্লি শ্মশানত তেওঁৰ সৎকাৰ কৰা হয়।  পৰিয়ালৰ সূত্ৰ অনুসৰি, বাৰ্ধক্যৰ বাবেই স্নেহালতাৰ মৃত্যু হয়। 

মাতৃক হেৰুৱাই মাধুৰী মৰ্মাহত হৈ পৰিছে৷ মাধুৰী দীক্ষিত আৰু তেওঁৰ স্বামী শ্ৰীৰাম নেনে এক যৌথ বিবৃতিত কয়- ‘‘আমাৰ মৰমৰ আই স্নেহলাতা দীক্ষিত আজি পুৱা আপোনজনে ঘেৰি থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।’’ 

উল্লেখ্য যে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ প্ৰথম দিনৰে পৰাই আছিল মাতৃ স্নেহলাতা দেৱী তেওঁৰ ছাঁয়া সংগী। শ্বুটিং চেটত সকলো সময়তে মাধুৰীক মাকৰ স’তেই দেখা গৈছিল৷

মন কৰিবলগীয়া যে যোৱা বছৰ জুন মাহত মাধুৰীয়ে মাতৃৰ জন্মদিনটো অতি ধুমধামেৰে পালন কৰিছিল। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছিল- “হেপি বাৰ্থডে আই। সকলোৱে কয়, এগৰাকী মাতৃৰ বেষ্ট ফ্ৰেণ্ড তাইৰ ছোৱালী। তুমি মোৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। দীৰ্ঘায়ু কামনা কৰিছো।''

কিন্তু নতুন বছৰৰ আৰম্ভণিতে মাতৃক হেৰুৱালে অভিনেত্ৰীগৰাকীয়ে। এতিয়া মাধুৰীৰ দুগৰাকী ডাঙৰ ভনীয়েক আৰু এজন ডাঙৰ ভাই আছে। ২০১৩ চনত ৯১ বছৰ বয়সত তেওঁলোকৰ পিতৃৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ