--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলাতা দীক্ষিতৰ মৃত্যু হৈছে। ১২ মাৰ্চ দেওবাৰে পুৱা শেষ উশাহ লয় অভিনেত্ৰীগৰাকীৰ মাতৃয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।

দেওবাৰে বিয়লি ৩ বজাত মুম্বাইৰ ৱৰ্লি শ্মশানত তেওঁৰ সৎকাৰ কৰা হয়।  পৰিয়ালৰ সূত্ৰ অনুসৰি, বাৰ্ধক্যৰ বাবেই স্নেহালতাৰ মৃত্যু হয়। 

মাতৃক হেৰুৱাই মাধুৰী মৰ্মাহত হৈ পৰিছে৷ মাধুৰী দীক্ষিত আৰু তেওঁৰ স্বামী শ্ৰীৰাম নেনে এক যৌথ বিবৃতিত কয়- ‘‘আমাৰ মৰমৰ আই স্নেহলাতা দীক্ষিত আজি পুৱা আপোনজনে ঘেৰি থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।’’ 

উল্লেখ্য যে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ প্ৰথম দিনৰে পৰাই আছিল মাতৃ স্নেহলাতা দেৱী তেওঁৰ ছাঁয়া সংগী। শ্বুটিং চেটত সকলো সময়তে মাধুৰীক মাকৰ স’তেই দেখা গৈছিল৷

মন কৰিবলগীয়া যে যোৱা বছৰ জুন মাহত মাধুৰীয়ে মাতৃৰ জন্মদিনটো অতি ধুমধামেৰে পালন কৰিছিল। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছিল- “হেপি বাৰ্থডে আই। সকলোৱে কয়, এগৰাকী মাতৃৰ বেষ্ট ফ্ৰেণ্ড তাইৰ ছোৱালী। তুমি মোৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। দীৰ্ঘায়ু কামনা কৰিছো।''

কিন্তু নতুন বছৰৰ আৰম্ভণিতে মাতৃক হেৰুৱালে অভিনেত্ৰীগৰাকীয়ে। এতিয়া মাধুৰীৰ দুগৰাকী ডাঙৰ ভনীয়েক আৰু এজন ডাঙৰ ভাই আছে। ২০১৩ চনত ৯১ বছৰ বয়সত তেওঁলোকৰ পিতৃৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়