--°C
Loading...
Listen to Article
2 min read
80%
এড শ্বীৰান। বিশ্ব সংগীত জগতৰ এক অনন্য চাঞ্চল্যৰ নাম এড শ্বীৰান। এড শ্বীৰানৰ এটা গানে বিশ্বজুৰি তোলপাৰ লগাইছিল। গীতটি আছিল ‘Shape of you’. ২০১৭ চনৰ ৩০ জানুৱাৰীত গীতটোৱে মুক্তি লাভ কৰিছিল আৰু মুক্তিৰ লগে লগেই ই সংগীত সাগৰত তুলিছিল প্ৰচণ্ড লহৰ। দেশ-বিদেশৰ পৰিসীমা ভাঙি গীতটি বিয়পি পৰিছিল বিশ্বৰ প্ৰান্তে প্ৰান্তে। পূৰ্বৰে পৰা জনপ্ৰিয় আছিল যদিও এই গীতটিৰ পৰা আৰু অধিক জনপ্ৰিয় হৈ পৰিছিল তেওঁ। লাভ কৰিছিল বিশ্বজুৰি প্ৰসিদ্ধি। এইজন মহাতাৰকা এড শ্বীৰান পিছে একেৰাতিতে জনপ্ৰিয় হোৱা গায়ক নহয়। এটা সময়ত তেওঁ আছিল অঘৰী। হয় ঠিকেই শুনিছে..এড শ্বীৰানে এসময়ত ফুটপাথতে খাইছিল..ফুটপাথতে শুইছিল। এড শ্বীৰানৰ সম্পূৰ্ণ নাম এডৱাৰ্ড খ্ৰীষ্টফাৰ শ্বীৰান।

কণ্ঠশিল্পী,গীতিকাৰ,সংগীতকাৰ,গীটাৰিষ্ট হিচাপে সংগীত জগতত অবাধ দখল থকা এড শ্বীৰানৰ জীৱন কিমান কণ্টকপূৰ্ণ আছিল, কিমান সমস্যাৰে জৰ্জৰিত আছিল সেয়া বহু লোকৰে অজ্ঞাত। মানুহে জানে কেৱল ছুপাৰষ্টাৰ এডক। এড শ্বীৰানৰ জন্ম হৈছিল ১৯৯১ চনৰ ১৭ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ হেলিফেক্সত। এটা তেনেই সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ সন্তান এড। পিতৃ-মাতৃৰ নাম ক্ৰমে জন শ্বীৰান আৰু ইম’জেন শ্বীৰান। এজনেই মাত্ৰ ককায়েক, নাম মেথিউ৷ এড মাত ফুটাৰে পৰা কথা কোৱা সমস্যাত ভুগিছিল। কথা কওঁতে খুব কষ্টৰে আৰু খুব লাহে-লাহে কৈছিল। দুবছৰ বয়সতে তেওঁ আক্ৰান্ত হৈছিল চকুৰ ৰোগত। কণমান বয়সতে চকুৰ অস্ত্ৰোপচাৰো কৰা হৈছিল এডৰ। কণমান বয়সৰে পৰা তেওঁ চশমা পিন্ধিবলগীয়া হৈছিল। তেওঁৰ চুলিৰ ৰঙো আছিল ৰঙা। এনেবোৰ কথাৰ বাবেই স্কুলত লগৰ ল'ৰা-ছোৱালীবোৰে এডক বৰকৈ জোকাইছিল। কোনোবাই যদি লাহে লাহে কথা কোৱা বাবে জোকাইছিল, কোনোবাই চশমাৱালা বুলি আকৌ আন কোনোবাই জোকাইছিল ৰঙামূৰীয়া বুলি।

মুঠৰ ওপৰত এডক লগৰীয়াবোৰে নগুৰ-নাকটি কৰি মাৰিছিল। ক্ৰমশঃ এডে নিজকে খুব অকলশৰীয়া অনুভৱ কৰিবলৈ ল'লে। তেওঁ ভুগিবলৈ ধৰিলে একাকীত্বত। স্কুললৈ যাবলৈ মন নকৰা হ’ল। মন নোযোৱা স্বত্বেও কেৱল মাক-দেউতাকৰ জোৰত তেওঁ স্কুললৈ যায়। লাহে লাহে এড প্ৰেমত পৰিল সংগীতৰ। সংগীতেই যেন তেওঁৰ বন্ধু এনে অনুভৱ কৰিবলৈ ললে এডে। কাৰণ অকলশৰীয়া এডক সংগ দিছিল কেৱল সংগীতে। স্পীচ থেৰাপি গ্ৰহণ কৰি তেওঁ নিজৰ কথা কোৱা সমস্যা দূৰ কৰিলে। পঢ়া-শুনাত মন নবহা এডে গীৰ্জাই গীৰ্জাই গান পৰিৱেশন কৰিবলৈ ল'লে। জীৱনৰ মাথো ১৪ বছৰ বয়সতে এডে লক্ষ্য স্থিৰ কৰি পেলালে যে গানতেই তেওঁ জীৱন গঢ়িব। গানেৰে নিজৰ পৰিচয় গঢ়িব বিচৰা ১৪ বছৰীয়া কিশোৰজন ঘৰ এৰি গুচি গ’ল লণ্ডনলৈ। সংগী হিচাপে আছিল গীটাৰখন। লণ্ডনত আৰম্ভ হ’ল এড শ্বীৰানৰ সংগ্ৰামী যাত্ৰা। প্ৰায় তিনি বছৰ কাল এডৰ থাকিবলৈ কোনো ঘৰ নাছিল। দিনৰ দিনটো হাতত গীটাৰখন লৈ ৰাস্তাই ৰাস্তাই, গীৰ্জাৰ সন্মুখে সন্মুখে গান গাই ঘূৰি ফুৰিছিল। ৰাতি হ'লে ফুটপাথত নহ'লে ৰে'লৱে ষ্টেচনত শুই পৰিছিল। বহুদিন খালী পেটেৰেও তেওঁ দিন কটাইছিল। লাহে-লাহে দুই এটা সংগীত দলৰ সৈতে লগ লাগি নাইট ক্লাৱ, বাৰ, ষ্ট্ৰীট আদিতো তেওঁ গান গাবলৈ ল'লে। অঘৰী এডৰ জীৱনত কিমান অনাহাৰ, অনিদ্ৰা, ভোক, পিয়াহ পাৰ হৈ গ’ল তাৰ হিচাপ নাই। তথাপিও তেওঁ ভাগি পৰা নাছিল।

এগৰাকী গায়ক হোৱাৰ সপোনে তেওঁক অহৰহ প্ৰেৰণা যোগাই আছিল। গান পৰিৱেশন কৰি হাতলৈ দুই-এটকা অহাৰ পিছত এডে ২০১০ চনত ‘Ed Sheeran’ নামেৰে এটা ইউটিউব চেনেল খুলি তেওঁ নিজে ৰচনা কৰা গানবোৰ আপলোড দিবলৈ ধৰিলে। প্ৰথমাৱস্থাত আশানুৰূপ ফল নাপালেও লাহে লাহে তেওঁৰ গানবোৰ বিশ্বৰ ভিন্ন কোণত চৰ্চিত হ’বলৈ ধৰিলে। সেই অনুপাতে মানুহৰ মৰম-প্ৰশংসাও তেওঁৰ জীৱনলৈ আহিল। ২০১১ চনত এডে মুকলি কৰিলে জীৱনৰ প্ৰথমটো এলবাম ‘The A Team’. এলাবমটোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ’ল। এড শ্বীৰানৰ প্ৰতিভাত মুগ্ধ হৈ বিশ্ব প্ৰসিদ্ধ গায়িকা টেইলৰ ছুইফট নিজে আগবাঢ়ি আহিল তেওঁৰ সৈতে এটা গানৰ এলবাম কৰিবলৈ। ‘Everything Has Changed’ নামৰ এইটো এলবামৰ জৰিয়তেও এডে লাভ কৰিলে সুকীয়া পৰিচয়। তাৰপাছতেই এড শ্বীৰানৰ ‘Plus’, ‘Multiply’, ‘Divide’ নামৰ এলবামকেইটাই সংগীত জগতত তুলিলে খলকনি। ‘Divide’ এলবামটোৰে ‘Shape of you’ গানটোৱে লাভ কৰিলে সীমাহীন জনপ্ৰিয়তা আৰু এড শ্বীৰানক দিলে সমগ্ৰ বিশ্বতে সুকীয়া পৰিচয়।

‘Shape of you’ৱে লাভ কৰিলে সংগীত ক্ষেত্ৰৰ সৰ্বোচ্চ বঁটা গ্ৰেমী এৱাৰ্ড। সংগীতৰ পৃথিৱীত তৰা হৈ উজলি উঠা এডে ৪ বাৰ গ্ৰেমী এৱাৰ্ড, ৬ বাৰ বিলবৰ্ড এৱাৰ্ড, ৫ বাৰ ব্ৰিট এৱাৰ্ড, ৬ বাৰ টীন চয়েচ এৱাৰ্ড, ২ বাৰ ৱল্ড মিউজিক এৱাৰ্ডকে ধৰি সৰ্বমুঠ ১১৩ টা এৱাৰ্ড এতিয়ালৈকে লাভ কৰিছে আৰু সংগীতৰ বিভিন্ন ক্ষেত্ৰত ৩২০ বাৰতকৈও অধিক মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। এইজনেই সেইজন এড শ্বীৰান, যি কথা ক’ব নোৱাৰে বুলি এটা সময়ত হাঁহিয়তৰ পাত্ৰ হৈছিল। এইজনেই সেইজন এড শ্বীৰান যি অঘৰী হৈ ভোকে পিয়াহে বহু বিনিদ্ৰ ৰজনী কটাই নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ যুঁজিছিল। এটা সময়ত নিজকে অকলশৰীয়া অনুভৱ কৰি একাকীত্বত ভোগা এইজনেই সেইজন এড শ্বীৰান যাক আগুৰি আছে বৰ্তমান অগনণ অনুৰাগী, নাম, যশ আৰু প্ৰচুৰ অৰ্থই।

- কস্তুৰী বৰঠাকুৰ



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক