--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্ফি জাভেদৰ জীৱনত নতুন সমস্যা। উৰ্ফি জাভেদে প্ৰায়ে নিজৰ পোছাকৰ বাবে শিৰোনাম দখল কৰে। ছ’চিয়েল মিডিয়াত তেওঁৰ অদ্ভূত সাজ-পোছাকে মানুহক ইমানেই স্তম্ভিত কৰিছিল যে অতি কম সময়ৰ ভিতৰতে তেওঁ ভাইৰেল হৈ পৰিছিল। 

কাটাৰত বৰ্তমান ফিফা বিশ্বকাপ চলি আছে। কাটাৰলৈ অন্য দেশৰ পৰা অহা নাগৰিকৰ বাবে পোছাকৰ প্ৰতিবন্ধকতা লগোৱা আছে। কোৱা হৈছে কাটাৰলৈ অহা কোনো মানুহেই চুটি পোছাক আৰু দেহা প্ৰদৰ্শন কৰা কাপোৰ পিন্ধিব নোৱাৰিব। 

কাটাৰত অনুষ্ঠিত হৈ থকা বিশ্বকাপৰ বাবে উৰ্ফীয়ে নাপালে ভিছা! ইয়াৰ কাৰণ পাছে কাপোৰ নহয়। অন্য এটা কাৰণতহে উৰ্ফীৰ কাটাৰলৈ যোৱাৰ হেঁপাহ পূৰণ নহ’ল।

শেহতীয়াকৈ কাটাৰত প্ৰৱেশৰ নিয়মো সলনি হোৱাৰ পিছত ভ্ৰমণ নিষেধাজ্ঞাৰ আশংকা কৰিছে অভিনেত্ৰীগৰাকীয়ে। য’ত উপাধি নিলিখা ব্যক্তিক অগ্ৰাহ্যযোগ্য বুলি গণ্য কৰা হ’ব’।

উৰ্ফীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা নিউজ ৰিপ’ৰ্ট শ্বেয়াৰ কৰি প্ৰকাশ কৰে যে তেওঁৰ পাছপ’ৰ্টত তেওঁৰ একক নাম উৰ্ফি আছে। পাছপ’ৰ্টত জাভেদ উপাধিটো নাই।

চিন্তিত হৈ উৰ্ফীয়ে লিখিলে, "মোৰ চৰকাৰী নামটো কেৱল উৰ্ফি, কোনো উপাধি নাই। এতিয়া মোৰ খং উঠিছে।"

২১ নৱেম্বৰত একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে এটা নামৰ পাছপ’ৰ্টধাৰীক কাটাৰে গ্ৰহণ নকৰে।

এক বিবৃতিত কোৱা হৈছে যে, "এটা নাম (শব্দ) থকা কোনো পাছপ'ৰ্টধাৰীক ইউ এ ইত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব আৰু যাত্ৰীজনক আইএনএডি হিচাপে গণ্য কৰা হ'ব। " এই নিয়ম কেৱল পৰ্যটন ভিছাৰ ক্ষেত্ৰতহে প্ৰযোজ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু