--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সৰু পৰ্দাৰ ৰাম এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী।   অৰুণ গোভিলক সৰু পৰ্দাত ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰা  দেখা গৈছিল। সীতা আৰু লক্ষ্মণ আছিল ক্ৰমে দীপিকা চিখালিয়া আৰু সুনীল লাহৰী।  ৰামৰ চৰিত্ৰটোৱে অৰুণ গোভিলক জনপ্ৰিয় কৰি  তুলিছিল।এতিয়া ঘটনাক্ৰম সলনি হৈছে। সৰু পৰ্দাৰ 'ৰামচন্দ্ৰ'ই লোকসভা নিৰ্বাচনত জয়ী হ'ব বিচাৰে। গতিকে 'সীতা' আৰু 'লক্ষ্মণ' ক লগত লৈ তেওঁ হাত জোৰ কৰি মানুহৰ আদালতত হাজিৰ হৈছে। দৰ্শকৰ মনত অৰুণ গোভিলৰ উজ্জ্বল উপস্থিতি এতিয়াও ৰামৰ  অৱতাৰৰ ৰূপতে আছে।

 ভাৰতীয় জনতা পাৰ্টীয়ে মীৰাটত  ভোটৰ ৰণ  অতিক্ৰম কৰাৰ দায়িত্ব অভিনেতাজনৰ কান্ধতে  অৰ্পণ কৰিছে। দায়িত্ব পোৱাৰ পিছত অৰুণ প্ৰচাৰৰ ক্ষেত্ৰত নামি পৰিছে। বিৰোধীৰ এটা অংশই গোভিলে  নিৰ্বাচনী আচৰণ বিধি  উলংঘন কৰাৰ বিষয়ে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ কৰিছে । কেৱল এয়াই নহয়, মীৰাটৰ পল্লৱপুৰমত প্ৰচাৰ চলাই থকা সময়ত অৰুণ গোভিলে প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হৈছে। অঞ্চলটোৰ বাসিন্দাসকলে 'গো বেক' শ্লোগানেৰে বিজেপি প্ৰাৰ্থীগৰাকীৰ  বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।অৱশ্যে, অৰুণে এইবোৰ  প্ৰতিবাদলৈ কেৰেপ কৰা নাই।  তেওঁ ৰাইজৰ পৰা ভাল সঁহাৰি পোৱা বুলি দাবী কৰিছে। জ্যেষ্ঠসকলেও তেওঁৰ মূৰত হাত থৈ তেওঁক আশীৰ্বাদ দিছে। এইবাৰ দীপিকা চিখালিয়া আৰু সুনীল লাহৰী তেওঁৰ কাষত থিয় হৈছে।

ইয়াৰ পূৰ্বে ৰাম মন্দিৰৰ উদ্বোধনৰ সময়ত ৰাম, সীতা আৰু লক্ষ্মণে একেলগে খোজকাঢ়ি অযোধ্যা চহৰত প্ৰৱেশ কৰিছিল। দৰ্শকৰ চকু  আনন্দৰ চকুপানীৰে ভৰি পৰিছিল। । ৰাজনীতিৰ লগতে, অৰুণ গোভিলে ছবিৰ বাবেও  কাম কৰি আছে। তেওঁক পুনৰ 'ৰামায়ণ'ত দেখা যাব। এইবাৰ তেওঁ নীৰজ পাণ্ডেৰ দ্বাৰা পৰিচালিত ছবিখনত দশৰথৰ চৰিত্ৰত অভিনয় কৰিছে। দৰ্শকসকলে এই ছবিখনত ৰণবীৰ কাপুৰক ৰাম চন্দ্ৰৰ চৰিত্ৰত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement