--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ আৰম্ভ হোৱা এমাহৰো অধিক সময় সম্পূৰ্ণ হ’ল৷ এতিয়া চূড়ান্ত খেলখনলৈ মাত্ৰ এসপ্তাহতকৈও কম সময় বাকী আছে। ৫ অক্টোবৰত এদিনীয়া বিশ্বকাপৰ প্ৰথমখন খেল অনুষ্ঠিত হয়। অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো দলকে আইচিচিয়ে ধন প্ৰদান কৰিব। বহু আগতেই এই কথা ঘোষণা কৰিছিল ক্ৰিকেট ব’ৰ্ডে। সকলো দলকে তেওঁলোকৰ প্ৰদৰ্শন অনুসৰি ধনৰাশি দিয়া হ’ব। ছেমি ফাইনেলত প্ৰৱেশ কৰা দলটোৱে সুকীয়াকৈ পুৰস্কাৰৰ ধন লাভ কৰিব। যিটো দলক প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰা হ’ব সেই দলটোক সৰ্বাধিক ধন দিয়া হ’ব। আজিৰ বিশেষ লেখাটোত আমি এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা দলবোৰে কিমান টকা লাভ কৰিব আৰু এই মেচখনৰ বিজয়ী হোৱা দলটোৱে কিমান টকা উপাৰ্জন কৰিব সেইবিষয়ে আলোচনা কৰিম৷

২০২৩ চনৰ বিশ্বকাপৰ বাবে পুৰস্কাৰ ধন ঘোষণা কৰিছে আই চি চিয়ে। ভাৰতীয় টকাৰ কথা ক’বলৈ গ’লে বিশ্বকাপ জয় কৰা দলটোৱে পাব প্ৰায় ৩৩ কোটি ১৭ লাখ টকা। একে সময়তে ফাইনেলত পৰাস্ত হোৱা দলটোৱে লাভ কৰিব প্ৰায় ১৬ কোটি ৫৮ লাখ টকা। গ্ৰুপ পৰ্যায়ৰ পিছত বাহিৰ হোৱা দলটোৱে লাভ কৰিব ১ লাখ ডলাৰ।

এই প্ৰতিযোগিতাৰ সময়ত প্ৰতিখন খেলৰ সময়ত যি দলে বিজয়ী হয়, সেই দলে সেই এখন খেলৰ বাবে অতিৰিক্ত ৪০,০০০ মাৰ্কিন ডলাৰ (প্ৰায় ৩৩ লাখ টকা) লাভ কৰিব। ছেমি ফাইনেল আৰু ফাইনেলৰ পুৰস্কাৰ ধনৰ কথা ক’বলৈ গ’লে বিশ্বকাপ বিজয়ী দলটোৱে ৪০ লাখ ডলাৰ (প্ৰায় ৩৩.১৭ কোটি টকা) পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলে ২০ লাখ ডলাৰ (প্ৰায় ১৬.৫৮ কোটি টকা) পুৰস্কাৰ লাভ কৰিব।ছেমি ফাইনেলত পৰাস্ত হোৱা দুয়োটা দলে সমান পৰিমাণৰ আঠ লাখ ডলাৰ (প্ৰায় ৬.৬৩ কোটি টকা) লাভ কৰিব। শেষত যিবোৰ দলে নকআউটত স্থান লাভ কৰিব নোৱাৰে সেইসমূহকো ১ লাখ মাৰ্কিন ডলাৰ দিয়া হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক