--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অকল্পনীয় ফৰ্মত আছে টীম ইণ্ডিয়া। বিশ্বকাপৰ আটাইকেওখন মেচতে ৰোহিত বাহিনী বেটে-বলে উজ্বলি উঠিছে। বিৰাট-ৰোহিতেৰে গঠিত ভাৰতৰ বেটিং ক্ৰমৰ উপৰিও বুমৰাহ-শ্বামী-ছিৰাজৰ ফাষ্ট বলিং, কুলদ্বীপ-জাডেজাৰ স্পিন বলিঙে জোলোকা জোলোকে পানী খুৱাইছে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ডৰ দৰে শক্তিশালী দলসমূহক। ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে। এই প্ৰদৰ্শনৰ পাছতো শংকামুক্ত হ’ব পৰা নাই বহু অনুৰাগী। ইয়াৰ কাৰণসমূহ এনেধৰণৰ-

২০১৫ চনৰ বিশ্বকাপতো মহেন্দ্ৰ সিং ধোনী নেতৃত্বধীন ভাৰতক ৰোধ কৰিব নোৱাৰা হৈ পৰিছিল। গ্ৰুপ পৰ্যায়ৰ ৬ খন মেচতে অপৰাজিত হৈ আছিল ভাৰত। ভাৰতে অপৰাজিত চেম্পিয়ন হোৱাৰ সুযোগ লাভ কৰিছিল। কিন্তু ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ ফলত ধোনীৰ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰিল।

২০১৯ চনৰ বিশ্বকাপতো অদম্য প্ৰদৰ্শন কৰিছিল ভাৰতে। ফৰ্মৰ তুংগত আছিল ৰোহিত-বিৰাট। কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে ভাল বলিং কৰিও বেটিং বিফলতাৰ বাবে ভাৰতে ছেমি ফাইনেলত পৰাস্ত হ’বলগীয়া হৈছিল।

২০১৬ চনৰ টি-২০ বিশ্বকাপত ভাৰত নিশ্চিতভাৱে চেম্পিয়ন হ’ব বুলি ভবা হৈছিল, কিন্তু ছেমি ফাইনেলত ভাৰতে আকৌ এবাৰ সকলোকে আচৰিত কৰি তুলিছিল। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলতো ইংলেণ্ডৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত হোৱাৰ ঘাঁ হয়তো ভাৰতীয়ই এতিয়াও পাহৰা নাই। এই বিফলতাৰ অন্ত পেলাব পাৰিবনে ৰোহিত বাহিনীয়ে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক