--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ বিপদৰ দিশে অগ্ৰসৰ হৈছে আইচলেণ্ড। আগ্নেয়গিৰিৰ  উদ্গীৰণৰ আশংকাই এতিয়া চোপনি হৰিছে আইচলেণ্ডবাসীৰ। আইচলেণ্ডৰ ৰাস্তাত ফাট মেলা  দেখা গৈছে। সঘনাই অহা ভূমিকম্পই  আতংক বিয়পাই দিছে। এদিনতে ৯০০ বাৰকৈ হোৱা   ভূমিকম্পৰ পিছতে আইচলেণ্ডৰ জনতাই এতিয়া আসন্ন বিপদৰ কথা ভাবি নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে।  ভূগৰ্ভস্থ মেগমা বাহিৰলৈ ওলাই আহি বিভিন্ন স্থানত  বিয়পিবলৈ আৰম্ভ কৰিছে।

 লাভা এতিয়া  আইচলেণ্ডৰ বিশাল অঞ্চললৈ দ্ৰুতগতিত বিয়পি পৰিছে। দেশখনৰ  দক্ষিণ অংশত প্ৰায় ৯০০ ভূমিকম্প অনুভৱ কৰাৰ পিছতে  চৰকাৰ সতৰ্ক হৈ পৰিছে। দক্ষিণ-পশ্চিম আইচলেণ্ডত আৱাসীসকলে তীব্ৰ কম্পনৰ  অনুভৱ কৰি আছে।  ৰেকানছ এলেকাত  যোৱা কেইসপ্তাহমানত ১০,০০০ বাৰ কম্পন অনুভৱ হৈছে। গ্ৰিণ্ডাভিকৰ পৰা ৪,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। বিশেষজ্ঞসকলৰ মতেযিকোনো মুহূৰ্ততে আগ্নেয়গিৰিৰ উদ্গীৰণৰ ঘটি মহা বিপদ ঘটিব পাৰে। ফলত উপকূলীয় এলেকা আৰু দেশ খনৰ  শক্তি কেন্দ্ৰবোৰ প্ৰভাৱান্বিত হ'ব পাৰে।  

আইচলেণ্ডৰ চাভাৰ্টচেঙিত তাপ বিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ বাবে প্ৰতিৰক্ষাৰ এখন দেৱাল নিৰ্মাণ কৰা হৈছে। ই গ্ৰিণ্ডাভিকৰ পৰা ৬কিলোমিটাৰ দূৰত অৱস্থিত। যাতে লাভা সেই ঠাইলৈ বিয়পি নপৰে তাৰ বাবেই দেৱাল নিৰ্মাণ কৰা হৈছে।   গ্ৰিণ্ডাভিকত সাহায্য শিবিৰত বহু লোকে আশ্ৰয় গ্ৰহণ কৰিছে।বহুতে তেওঁলোকৰ আত্মীয় আৰু বন্ধুবৰ্গৰ ঘৰলৈ গৈছে বুলি জানিব পৰা গৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ