--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ বিপদৰ দিশে অগ্ৰসৰ হৈছে আইচলেণ্ড। আগ্নেয়গিৰিৰ  উদ্গীৰণৰ আশংকাই এতিয়া চোপনি হৰিছে আইচলেণ্ডবাসীৰ। আইচলেণ্ডৰ ৰাস্তাত ফাট মেলা  দেখা গৈছে। সঘনাই অহা ভূমিকম্পই  আতংক বিয়পাই দিছে। এদিনতে ৯০০ বাৰকৈ হোৱা   ভূমিকম্পৰ পিছতে আইচলেণ্ডৰ জনতাই এতিয়া আসন্ন বিপদৰ কথা ভাবি নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে।  ভূগৰ্ভস্থ মেগমা বাহিৰলৈ ওলাই আহি বিভিন্ন স্থানত  বিয়পিবলৈ আৰম্ভ কৰিছে।

 লাভা এতিয়া  আইচলেণ্ডৰ বিশাল অঞ্চললৈ দ্ৰুতগতিত বিয়পি পৰিছে। দেশখনৰ  দক্ষিণ অংশত প্ৰায় ৯০০ ভূমিকম্প অনুভৱ কৰাৰ পিছতে  চৰকাৰ সতৰ্ক হৈ পৰিছে। দক্ষিণ-পশ্চিম আইচলেণ্ডত আৱাসীসকলে তীব্ৰ কম্পনৰ  অনুভৱ কৰি আছে।  ৰেকানছ এলেকাত  যোৱা কেইসপ্তাহমানত ১০,০০০ বাৰ কম্পন অনুভৱ হৈছে। গ্ৰিণ্ডাভিকৰ পৰা ৪,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। বিশেষজ্ঞসকলৰ মতেযিকোনো মুহূৰ্ততে আগ্নেয়গিৰিৰ উদ্গীৰণৰ ঘটি মহা বিপদ ঘটিব পাৰে। ফলত উপকূলীয় এলেকা আৰু দেশ খনৰ  শক্তি কেন্দ্ৰবোৰ প্ৰভাৱান্বিত হ'ব পাৰে।  

আইচলেণ্ডৰ চাভাৰ্টচেঙিত তাপ বিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ বাবে প্ৰতিৰক্ষাৰ এখন দেৱাল নিৰ্মাণ কৰা হৈছে। ই গ্ৰিণ্ডাভিকৰ পৰা ৬কিলোমিটাৰ দূৰত অৱস্থিত। যাতে লাভা সেই ঠাইলৈ বিয়পি নপৰে তাৰ বাবেই দেৱাল নিৰ্মাণ কৰা হৈছে।   গ্ৰিণ্ডাভিকত সাহায্য শিবিৰত বহু লোকে আশ্ৰয় গ্ৰহণ কৰিছে।বহুতে তেওঁলোকৰ আত্মীয় আৰু বন্ধুবৰ্গৰ ঘৰলৈ গৈছে বুলি জানিব পৰা গৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা