--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আড়ম্বৰ আয়োজন। সাগৰীয় মাছ, গৰুৰ মাংস, স্কোৱাব, হাঁহ, চিকেন... শেষত ভিক্টোৰিয়া পুডিং! টাইটানিকত আয়োজন কৰা হৈছিল এই ৰাজকীয় আয়োজন। সেই জাহাজখনৰ প্ৰথম শ্ৰেণীৰ কোটিপতি যাত্ৰীসকলৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণৰ মেনু। এতিয়া সেই বগা মেনু কাৰ্ডখনে মলিয়ন হৈ পৰিছে। অৱশ্যে খাদ্যৰ নামসমূহ পঢ়িব পৰা হৈয়েই আছে। কাৰ্ডখনৰ সোঁফালে লিখা আছে০ ১১ এপ্ৰিল, ১৯১২! ওপৰত ৰঙা পতাকা, মাজত বগা তৰা। এইখন টাইটানিকৰ পতাকা।

মেনু কাৰ্ডখন আৰ এম এছ টাইটানিকৰ। ইমান বিশাল জাহাজ পৃথিৱীত আগতে কেতিয়াও নিৰ্মাণ হোৱা নাছিল। বিশেষজ্ঞসকলে কৈছিল এই জাহাজখন কেতিয়াও ডুব নাযায়। কিন্তু ইংলেণ্ডৰ চাউথমপটনৰ পৰা নিউয়ৰ্কলৈ যোৱা জাহাজখনে প্ৰথম যাত্ৰাতে দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়। ১৯১২ চনৰ ১৪ এপ্ৰিলত টাইটানিক জাহাজে উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটা বিশাল বৰফৰ পাহাৰত খুন্দা মাৰে। সেই নিশা টাইটানিক ডুব গ’ল। কমেও ১৫০০ লোকে প্ৰাণ হেৰুৱালে। লাইফবোটত উপনীত হোৱাসকল বাচিল।

তেনে এজন যাত্ৰীয়ে হয়তো টাইটানিকৰ পৰা ওলাই যোৱাৰ আগতে মেনু কাৰ্ড এখন স্মৃতি হিচাপে লগত লৈ গৈছিল। জাহাজ ডুবাৰ তিনিদিন আগৰ মেনু কাৰ্ডখন এইবাৰ লণ্ডনত নিলাম কৰা হৈছে। মূল্য ৮৩ হাজাৰ পাউণ্ডলৈ বৃদ্ধি পাইছে। ভাৰতীয় মুদ্ৰাত ৮৪.৫ লাখ টকা। মেনু কাৰ্ডখন কাৰ আছিল, কোনে জাহাজৰ পৰা আনিছিল সেয়া জনা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ