--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহ বহু পৰিমাণে মোবাইল আসক্ত হৈ পৰিছে। যাৰবাবে বহু মানুহ বহু বিপদতো পৰিছে। কিছুমানে মৃত্যু পৰ্যন্ত আঁকোৱালি লৈছে। ছেলফি ল'বৰ বাবে বিপদসংকুল স্থানলৈ গৈ কিমানে যে কৰুণ মৃত্যুক সাবটিলে তাৰ লেখজোখ নাই। এইবাৰ ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে ২ শিক্ষাৰ্থী আৰু এজন শিক্ষকে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত।

জবলপুৰৰ ভেৰাঘাট অঞ্চলত নমৰ্দা নদীত পিছলি দুই শিক্ষাৰ্থীসহ প্ৰাণ হেৰুৱালে শিক্ষকজনে। মৃতকেইজনৰ নাম খুছবু সিং(১৮), ৰাম সাহু(১৭) আৰু ৰাকেশ কুমাৰ(৩১)। তিলৱাৰাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এল এছ ঝাৰিয়াই জনোৱা মতে, বুধবাৰে পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কটনী বিজয়ৰাঘাউগড়ৰ পৰা ৮ গৰাকী ছাত্ৰ-ছাত্ৰী জবলপুৰলৈ আহিছিল। নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আটাইকেইজন সদস্যই ভ্ৰমণ কৰিবলৈ ভেৰাঘাটত উপস্থিত হৈছিল।
 
প্ৰত্যক্ষদৰ্শীৰ মতে, খুছবু সিং, ৰাম সাহু আৰু ৰাকেশ কুমাৰে দিনৰ প্ৰায় ১.৩০ বজাত শিলত বহি আছিল। খুছবুৱে তাতে ইনষ্টাগ্ৰামৰ ৰীল বনাই আছিল। সেই সময়ত খুছবুৱে ভৰিৰ নিয়ন্ত্ৰণ হেৰুৱায় নদীত পৰে। খুছবুক বচাবৰ বাবে ছাত্ৰ ৰাম সাহু আৰু শিক্ষক ৰাকেশ কুমাৰেও নদীত জাপ দিয়ে। নদীৰ প্ৰবল সোঁতে তিনিওকে উটুৱাই নিয়ে। বিয়লিলৈ নদীৰ পৰা এক কিলোমিটাৰ আঁতৰত খুছবু সিঙৰ মৃতদেহ উদ্ধাৰ হয়। আনহাতে শিক্ষকগৰাকী আৰু ছাত্ৰজনৰ মৃতদেহ ঘটনাটো সংঘটিত হোৱাৰ দুদিন পাছত শুকুৰবাৰে নদীৰ পৰা দুই কিলোমিটাৰ আঁতৰত উদ্ধাৰ হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ