--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহ বহু পৰিমাণে মোবাইল আসক্ত হৈ পৰিছে। যাৰবাবে বহু মানুহ বহু বিপদতো পৰিছে। কিছুমানে মৃত্যু পৰ্যন্ত আঁকোৱালি লৈছে। ছেলফি ল'বৰ বাবে বিপদসংকুল স্থানলৈ গৈ কিমানে যে কৰুণ মৃত্যুক সাবটিলে তাৰ লেখজোখ নাই। এইবাৰ ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে ২ শিক্ষাৰ্থী আৰু এজন শিক্ষকে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত।

জবলপুৰৰ ভেৰাঘাট অঞ্চলত নমৰ্দা নদীত পিছলি দুই শিক্ষাৰ্থীসহ প্ৰাণ হেৰুৱালে শিক্ষকজনে। মৃতকেইজনৰ নাম খুছবু সিং(১৮), ৰাম সাহু(১৭) আৰু ৰাকেশ কুমাৰ(৩১)। তিলৱাৰাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এল এছ ঝাৰিয়াই জনোৱা মতে, বুধবাৰে পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কটনী বিজয়ৰাঘাউগড়ৰ পৰা ৮ গৰাকী ছাত্ৰ-ছাত্ৰী জবলপুৰলৈ আহিছিল। নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আটাইকেইজন সদস্যই ভ্ৰমণ কৰিবলৈ ভেৰাঘাটত উপস্থিত হৈছিল।
 
প্ৰত্যক্ষদৰ্শীৰ মতে, খুছবু সিং, ৰাম সাহু আৰু ৰাকেশ কুমাৰে দিনৰ প্ৰায় ১.৩০ বজাত শিলত বহি আছিল। খুছবুৱে তাতে ইনষ্টাগ্ৰামৰ ৰীল বনাই আছিল। সেই সময়ত খুছবুৱে ভৰিৰ নিয়ন্ত্ৰণ হেৰুৱায় নদীত পৰে। খুছবুক বচাবৰ বাবে ছাত্ৰ ৰাম সাহু আৰু শিক্ষক ৰাকেশ কুমাৰেও নদীত জাপ দিয়ে। নদীৰ প্ৰবল সোঁতে তিনিওকে উটুৱাই নিয়ে। বিয়লিলৈ নদীৰ পৰা এক কিলোমিটাৰ আঁতৰত খুছবু সিঙৰ মৃতদেহ উদ্ধাৰ হয়। আনহাতে শিক্ষকগৰাকী আৰু ছাত্ৰজনৰ মৃতদেহ ঘটনাটো সংঘটিত হোৱাৰ দুদিন পাছত শুকুৰবাৰে নদীৰ পৰা দুই কিলোমিটাৰ আঁতৰত উদ্ধাৰ হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে