--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: একৈশ শতিকাৰ এই বিজ্ঞানৰ চমকপ্ৰদ উন্নতিৰ যুগতো দেশৰ পৰা আঁতৰা নাই অন্ধ বিশ্বাসৰ কলীয়া ডাৱৰ। এতিয়া দেশৰ অধিকাংশ জনসাধাৰণ অন্ধ বিশ্বাস তথা কুসংস্কাৰৰ কৰাল গ্ৰাসত ডুব গৈ আছে। অশিক্ষিত সাধাৰণ লোকৰ কথা বাদেই, দেশৰ প্ৰায়খিনি শিক্ষিত, উচ্চপ্ৰদস্থ ভব্য-গব্য লোকেই প্ৰতিনিয়ত অন্ধ বিশ্বাসৰ প্ৰচাৰ চলাই আহিছে। এতিয়াও নিজৰ উত্থান-পতনৰ বাবে এইসকল লোকে দোষাৰোপ কৰে গ্ৰহ-নক্ষত্ৰক, নহ'লে ভাবি লয় কাৰোবাৰ ক'লা যাদুৰ চিকাৰ হোৱা বুলি। আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে এইসকলে আশ্ৰয় লয় কিছুমান কুপ্ৰথাৰ। এনে অন্ধ বিশ্বাসৰ বাবে বিপদৰ সন্মুখীন হোৱা উদাহৰণ দেশৰ চুকে-কোণে অনেক ওলাব। শেহতীয়াকৈ এনে এক ভয়াৱহ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত।

অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ এজন লোকে ক’লা যাদুৰ আশ্ৰয় ল’বলৈ গৈ হত্যা কৰিছে নিজৰে তিনি বছৰীয়া কন্যা সন্তানক। প্ৰকাশিত খবৰ অনুসৰি পেৰাৰেড্ডীপল্লী গাঁৱৰ বেণুগোপাল নামৰ লোকজন নিজৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছিল। এই লোকচানৰ অন্তৰালত কোনো দুষ্ট শক্তিৰ ক’লা যাদুৰ ছাঁ আছে বুলি বিশ্বাস কৰি বেণুগোপালে এই ছাঁ আঁতৰাবৰ বাবে নিজ গৃহত এক ক’লা যাদুৰ অনুষ্ঠান আয়োজন কৰিছিল। বেণুগোপালে প্ৰায়ে তেওঁৰ পৰিয়ালক কৈছিল যে তেওঁৰ শনি ভাল নহয়। আনকি ঘটনাটোৰ দিনাও, তেওঁ একে শাৰী বাক্যকে দোহাৰিছিল আৰু এই 'শনি'ৰ পৰা পৰিত্ৰাণ পাবলৈ পূজা কৰাৰ সিদ্ধান্ত লৈছিল।

এই পূজাৰ অংশ হিচাপে বেণুগোপালে তেওঁৰ ৩ বছৰীয়া কন্যাৰ গাত হালধিপানী ঢালিছিল। তাৰ পিছতে বেণুগোপালে শিশুটিৰ মুখত সোপা দি শ্বাসৰুদ্ধ কৰি তুলিছিল। আনহাতে বেণুগোপালৰ ডাঙৰ কন্যা সন্তান গৰাকীয়ে ইয়াত বিপদৰ উমান পাই কান্দি কান্দি ঘৰৰ বাহিৰলৈ দৌৰি গৈছিল। তেওঁ চুবুৰীয়াসকলক এক ভয়াৱহ ঘটনাৰ আশংকাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। চুবুৰীয়া লোকসকলে লগে লগে শিশুটিক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।

কিন্তু শিশুটিৰ শাৰীৰিক অৱস্থা গুৰুতৰ হৈ পৰাৰ বাবে লগে লগে উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাত শিশুটিৰ মৃত্যু হয়।তিনি বছৰীয়া কন্যা শিশুটিৰ মৃত্যুৰ পিছতে শিশুটিৰ পিতৃ বেণুগোপালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে হত্যাকাৰী বেণুগোপালক গ্ৰেপ্তাৰ কৰিছে। 

স্থানীয় আত্মাকুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক শিৱশংকৰৰ মতে এই ঘটনাত কোনো গডমেনৰ ভূমিকা নাই। দেউতাকে নিজৰ অন্ধ বিশ্বাসৰ ফলশ্ৰুতিতে নিজ কন্যা সন্তানক হত্যা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ