--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে সেনাবাহিনীত পুনৰ নিযুক্তিৰ বাবে ‘অগ্নিপথ’ আঁচনি ঘোষণা কৰে। দেশৰ বহু ৰাজ্যত ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। ইয়াৰ সৰ্বোচ্চ প্ৰভাৱ বিহাৰ আৰু উত্তৰ প্ৰদেশত দেখা গৈছে। এই আঁচনিৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদ। সমগ্ৰ দেশতে চলি থকা হিংসাত্মক আন্দোলনৰ মাজতে বিহাৰত ইণ্টাৰনেট নিষিদ্ধ কৰা হৈছে। হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাতো ২৪ ঘণ্টাৰ বাবে স্থগিত ৰখা হৈছে ইণ্টাৰনেট। আনহাতে এজেন্সীসমূহে ৰাজ্যসমূহক সতৰ্ক কৰি দিছে। 

উত্তৰ প্ৰদেশত অগ্নিপথৰ বিৰুদ্ধে পথত প্ৰতিবাদ কৰা দুষ্কৃতিকাৰীক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে যোগী চৰকাৰে। ধৃত যুৱককেইজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাকে ধৰি গুৰুতৰ ধাৰা সংযোজন কৰা হৈছে।অগ্নিপথ আঁচনিক লৈ চলি থকা প্ৰতিবাদ সন্দৰ্ভত বিদেশ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে কয় যে চৰকাৰে সঠিক উদ্দেশ্যৰে এই আঁচনিখন ৰচনা কৰিছে, হয়তো একাংশ লোকে আন্দোলন কৰিছে ভুল বুজাবুজিৰ বাবে। 

অগ্নিপথক লৈ দেশত সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে পুনৰ এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই বিজ্ঞপ্তি অনুসৰি কোৱা হৈছে যে অগ্নিপথ আঁচনিৰ জৰিয়তে যিসকলক নিযুক্তি প্ৰদান কৰা হ’ব তেওঁলোকৰ বয়সৰ উচ্চতম সীমা ২ বছৰ বৃদ্ধি কৰা হৈছে। পূৰ্বে অগ্নিপথ আঁচনিত বয়সৰ ন্যুনতম সীমা ১৭.৫ বছৰ আৰু উচ্চতম সীমা ২১ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ধাৰাবাহিক প্ৰতিবাদৰ মাজতে বয়সৰ উচ্চতম সীমা ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে। য়োৱা ২ টা বছৰত সেনা বাহিনীত কোনো নিযুক্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। 

উল্লেখ্যে যে অগ্নিপথ আঁচনি ঘোষণাৰ লগে লগে দেশৰ উত্তৰ প্ৰদেশ, হাৰিয়ানা,পঞ্জাব,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড,ঝাৰখণ্ড আৰু দিল্লীকে ধৰি মুঠ ১১ খন ৰাজ্যত প্ৰতিবাদ হৈছে। ইয়াৰ মাজতে বহু ঠাইত প্ৰতিবাদে লৈছে ভয়ংকৰ পৰিস্থিতি। এই পৰ্যন্ত উপলব্ধ তথ্য অনুসৰি দুষ্কৃতিকাৰীয়ে মালবাহী ৰে’লসহ ১৩খন ৰে’ল জ্বলাই দিয়ে।ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি নৰেশ টিকাইটে কয় যে ৩০ জুনত ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়া-কৰ্মীসকলে অগ্নিপথ নিযুক্তিৰ বিৰোধিতা কৰিব সমগ্ৰ দেশতে। এই সন্দৰ্ভত জিলা পৰ্যায়ৰ ভাৰতীয় কিষাণ ইউনিয়নৰ কৰ্মীসকলেও বিক্ষোভ কৰি জিলা দণ্ডাধীশক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ