--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে সেনাবাহিনীত পুনৰ নিযুক্তিৰ বাবে ‘অগ্নিপথ’ আঁচনি ঘোষণা কৰে। দেশৰ বহু ৰাজ্যত ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। ইয়াৰ সৰ্বোচ্চ প্ৰভাৱ বিহাৰ আৰু উত্তৰ প্ৰদেশত দেখা গৈছে। এই আঁচনিৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদ। সমগ্ৰ দেশতে চলি থকা হিংসাত্মক আন্দোলনৰ মাজতে বিহাৰত ইণ্টাৰনেট নিষিদ্ধ কৰা হৈছে। হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাতো ২৪ ঘণ্টাৰ বাবে স্থগিত ৰখা হৈছে ইণ্টাৰনেট। আনহাতে এজেন্সীসমূহে ৰাজ্যসমূহক সতৰ্ক কৰি দিছে। 

উত্তৰ প্ৰদেশত অগ্নিপথৰ বিৰুদ্ধে পথত প্ৰতিবাদ কৰা দুষ্কৃতিকাৰীক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে যোগী চৰকাৰে। ধৃত যুৱককেইজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাকে ধৰি গুৰুতৰ ধাৰা সংযোজন কৰা হৈছে।অগ্নিপথ আঁচনিক লৈ চলি থকা প্ৰতিবাদ সন্দৰ্ভত বিদেশ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে কয় যে চৰকাৰে সঠিক উদ্দেশ্যৰে এই আঁচনিখন ৰচনা কৰিছে, হয়তো একাংশ লোকে আন্দোলন কৰিছে ভুল বুজাবুজিৰ বাবে। 

অগ্নিপথক লৈ দেশত সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে পুনৰ এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই বিজ্ঞপ্তি অনুসৰি কোৱা হৈছে যে অগ্নিপথ আঁচনিৰ জৰিয়তে যিসকলক নিযুক্তি প্ৰদান কৰা হ’ব তেওঁলোকৰ বয়সৰ উচ্চতম সীমা ২ বছৰ বৃদ্ধি কৰা হৈছে। পূৰ্বে অগ্নিপথ আঁচনিত বয়সৰ ন্যুনতম সীমা ১৭.৫ বছৰ আৰু উচ্চতম সীমা ২১ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ধাৰাবাহিক প্ৰতিবাদৰ মাজতে বয়সৰ উচ্চতম সীমা ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে। য়োৱা ২ টা বছৰত সেনা বাহিনীত কোনো নিযুক্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। 

উল্লেখ্যে যে অগ্নিপথ আঁচনি ঘোষণাৰ লগে লগে দেশৰ উত্তৰ প্ৰদেশ, হাৰিয়ানা,পঞ্জাব,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড,ঝাৰখণ্ড আৰু দিল্লীকে ধৰি মুঠ ১১ খন ৰাজ্যত প্ৰতিবাদ হৈছে। ইয়াৰ মাজতে বহু ঠাইত প্ৰতিবাদে লৈছে ভয়ংকৰ পৰিস্থিতি। এই পৰ্যন্ত উপলব্ধ তথ্য অনুসৰি দুষ্কৃতিকাৰীয়ে মালবাহী ৰে’লসহ ১৩খন ৰে’ল জ্বলাই দিয়ে।ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি নৰেশ টিকাইটে কয় যে ৩০ জুনত ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়া-কৰ্মীসকলে অগ্নিপথ নিযুক্তিৰ বিৰোধিতা কৰিব সমগ্ৰ দেশতে। এই সন্দৰ্ভত জিলা পৰ্যায়ৰ ভাৰতীয় কিষাণ ইউনিয়নৰ কৰ্মীসকলেও বিক্ষোভ কৰি জিলা দণ্ডাধীশক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ