--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ। কাইলৈ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ৰীমা দাস পৰিচালিত তৰাজ হাজবেণ্ড। এই খবৰে অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। ভিলেজ ৰকষ্টাৰ, বুলবলু কেন ছিং ছবিৰ নিৰ্দেশিকা তথা আন্তঃৰাষ্ট্ৰীয় ছবি পৰিচালিকা ৰীমা দাসে পুনৰবাৰ অসমক কৰিলে গৌৰৱান্বিত৷

উল্লেখ্য যে বিশ্বৰ অন্যতম প্ৰসিদ্ধ তথা শ্ৰেষ্ঠ এই ছবি মহোৎসৱৰ ৱৰ্ল্ড প্ৰিমিয়াৰলৈ বিশ্বৰ বিভিন্ন ভাষাৰ মাত্ৰ ১০ খন ছবিকহে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত ৰীমা দাসৰ তৰা’জ হাজবেণ্ড-এ নামৰ ছবিখনেও স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিপ্ৰেমী। 

এই ১০খন ছবিয়ে বেষ্ট প্লেটফৰ্ম প্ৰাইজৰ যোগ্যতাও অর্জন কৰিছে। এই বঁটাৰ মূল্য ২০,০০০ চিএডি। ১০ খন ছবিৰ ভিতৰত বিচাৰকে বাছনি কৰা শ্ৰেষ্ঠ ছবিখনক এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰীমা দাসে ‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘বুলবুল কেন ছিং’ ছবি নিৰ্মাণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভুয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভিলেজ ৰকষ্টাৰ-এ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে ভাৰতৰ পৰা অস্কাৰলৈ মনোনয়ন লাভ কৰিছিল৷ ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে আৰু এতিয়া যেন অসমীয়া ছবিয়ে বিশ্বমুখী যাত্ৰা কৰিবলৈ সক্ষম হৈ উঠিছে। উল্লেখ্য যে ‘তৰা’জ হাজবেণ্ড’ত ছয়গাঁৱৰ স্থানীয় গ্ৰাম্য ভাষা ব্যৱহাৰ কৰা হৈছে। 

অসমবাসীৰ বাবে আছে আৰু এটা ভাল খবৰ। বুছান আন্তৰ্জাতিক চলচ্চিত্র মহোৎসৱতো প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ তৰা’জ হাজবেণ্ড। দক্ষিণ কোৰিয়াৰ বুছান চহৰৰ হাউণ্ডে বীচ্চৰ গাতে লাগি থকা অঞ্চলত প্ৰতি বছৰে অনুষ্ঠিত হয় এই চলচ্চিত্ৰ মহোৎসৱ। বৰ্তমান এই চলচ্চিত্ৰ মহোৎসৱক এছিয়াৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে গণ্য কৰা হয়। বিশ্বৰ এনে এক আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠিব এখন অসমীয়া ভাষাৰ ছবি...ইয়াতকৈ সুখৰ কথা আৰু কি হ'ব পাৰে। যি সময়ত অসমীয়া ভাষা সংকটত বুলি চৰ্চা চলি থাকে তেনে সময়তে এখন অসমীয়া ছবিয়ে বিশ্বমুখী যাত্ৰা কৰাটো নিশ্চয়কৈ গৌৰৱৰ বিষয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু