--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ। কাইলৈ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ৰীমা দাস পৰিচালিত তৰাজ হাজবেণ্ড। এই খবৰে অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। ভিলেজ ৰকষ্টাৰ, বুলবলু কেন ছিং ছবিৰ নিৰ্দেশিকা তথা আন্তঃৰাষ্ট্ৰীয় ছবি পৰিচালিকা ৰীমা দাসে পুনৰবাৰ অসমক কৰিলে গৌৰৱান্বিত৷

উল্লেখ্য যে বিশ্বৰ অন্যতম প্ৰসিদ্ধ তথা শ্ৰেষ্ঠ এই ছবি মহোৎসৱৰ ৱৰ্ল্ড প্ৰিমিয়াৰলৈ বিশ্বৰ বিভিন্ন ভাষাৰ মাত্ৰ ১০ খন ছবিকহে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত ৰীমা দাসৰ তৰা’জ হাজবেণ্ড-এ নামৰ ছবিখনেও স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিপ্ৰেমী। 

এই ১০খন ছবিয়ে বেষ্ট প্লেটফৰ্ম প্ৰাইজৰ যোগ্যতাও অর্জন কৰিছে। এই বঁটাৰ মূল্য ২০,০০০ চিএডি। ১০ খন ছবিৰ ভিতৰত বিচাৰকে বাছনি কৰা শ্ৰেষ্ঠ ছবিখনক এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰীমা দাসে ‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘বুলবুল কেন ছিং’ ছবি নিৰ্মাণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভুয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভিলেজ ৰকষ্টাৰ-এ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে ভাৰতৰ পৰা অস্কাৰলৈ মনোনয়ন লাভ কৰিছিল৷ ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে আৰু এতিয়া যেন অসমীয়া ছবিয়ে বিশ্বমুখী যাত্ৰা কৰিবলৈ সক্ষম হৈ উঠিছে। উল্লেখ্য যে ‘তৰা’জ হাজবেণ্ড’ত ছয়গাঁৱৰ স্থানীয় গ্ৰাম্য ভাষা ব্যৱহাৰ কৰা হৈছে। 

অসমবাসীৰ বাবে আছে আৰু এটা ভাল খবৰ। বুছান আন্তৰ্জাতিক চলচ্চিত্র মহোৎসৱতো প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ তৰা’জ হাজবেণ্ড। দক্ষিণ কোৰিয়াৰ বুছান চহৰৰ হাউণ্ডে বীচ্চৰ গাতে লাগি থকা অঞ্চলত প্ৰতি বছৰে অনুষ্ঠিত হয় এই চলচ্চিত্ৰ মহোৎসৱ। বৰ্তমান এই চলচ্চিত্ৰ মহোৎসৱক এছিয়াৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে গণ্য কৰা হয়। বিশ্বৰ এনে এক আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠিব এখন অসমীয়া ভাষাৰ ছবি...ইয়াতকৈ সুখৰ কথা আৰু কি হ'ব পাৰে। যি সময়ত অসমীয়া ভাষা সংকটত বুলি চৰ্চা চলি থাকে তেনে সময়তে এখন অসমীয়া ছবিয়ে বিশ্বমুখী যাত্ৰা কৰাটো নিশ্চয়কৈ গৌৰৱৰ বিষয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ