--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজহুৱা সমাৱেশত ভাষণ দি থকাৰ সময়তে ঘটিল এক অঘটন। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি থকাৰ সময়তে হঠাতে এজন শ্ৰমিকে নিজৰ এবছৰীয়া সন্তানক মঞ্চলৈ দলিয়াই দিয়ে। শিশুটি ঠিক মঞ্চত নপৰিলে যদিও মঞ্চৰ পৰা ১ ফুট দূৰত পৰি যায়। 

এই ঘটনাৰ পাছতেই হুলস্থূলৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ চকুও কপালত উঠে। পাছত আৰক্ষীয়ে শিশুটিক তুলি আনি মাকৰ হাতত দিয়ে। মুখ্যমন্ত্ৰী চৌহানে জানিব বিচাৰিলে এই দম্পতীয়ে এনেকুৱা কাম কিয় কৰিলে। তাৰপাছত আচল কাৰণটো পোহৰলৈ আহে। যি কথা শুনিলে হয়তো আপুনি আৱেগিক হৈ পৰিব। 

পেছাত শ্ৰমিক মুকেশ পেটেলে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এই কাম কৰিছিল। মুকেশ পেটেলে কয় যে তেওঁৰ পুত্ৰৰ ৩ মাহ বয়সত তেওঁৰ হৃদযন্ত্ৰত চিকিৎসকে এটা ফুটা ধৰা পেলাইছিল। অশেষ কষ্ট কৰি তেওঁ এই পৰ্যন্ত পুত্ৰৰ চিকিৎসাৰ বাবে ৪ লাখৰো অধিক টকা খৰচ কৰিছে।

ইয়াৰ লগতে মুকেশে কয় "আমাৰ সন্তানৰ বয়স এতিয়া এবছৰ। ডাক্তৰে আমাক অস্ত্ৰোপচাৰ কৰিবলৈ কৈছে। তেওঁলোকে কৈছিল যে ইয়াৰ বাবে ৩.৫০ লাখ টকা খৰচ হ'ব। ইমান বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাটো আমাৰ বাবে সম্ভৱ নহয়। আমি বিচাৰো আমাৰ সন্তানৰ চিকিৎসা হওক, কিন্তু কোনেও আমাক সহায় কৰা নাই। আমাক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈও দিয়া হোৱা নাছিল। আৰক্ষীয়েও তেওঁৰ ওচৰলৈ যাবলৈ আমাক সহায় কৰা নাছিল। কিন্তু মই মোৰ সমস্যাৰ কথা মুখ্যমন্ত্ৰীক শুনাব বিচাৰিছিলোঁ, সেয়ে মই মোৰ সন্তানক মঞ্চলৈ দলিয়াই দিছিলোঁ। এতিয়া বিষয়াসকলে বিষয়টোৰ প্ৰতি গুৰুত্ব দিছে আৰু মোক মুখ্যমন্ত্ৰীক লগ কৰিবলৈ আহিবলৈ কৈছে।

মুকেশ আৰু পত্নী নেহাই পুত্ৰৰ জীৱন ৰক্ষা কৰিবৰ বাবে এনেদৰে মুখ্যমন্ত্ৰী চৌহানৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁলোকক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰী চৌহানে কালেক্টৰ দীপক আৰিয়াক এই ঘটনা মুখ্যমন্ত্ৰী সদনলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস