--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজহুৱা সমাৱেশত ভাষণ দি থকাৰ সময়তে ঘটিল এক অঘটন। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি থকাৰ সময়তে হঠাতে এজন শ্ৰমিকে নিজৰ এবছৰীয়া সন্তানক মঞ্চলৈ দলিয়াই দিয়ে। শিশুটি ঠিক মঞ্চত নপৰিলে যদিও মঞ্চৰ পৰা ১ ফুট দূৰত পৰি যায়। 

এই ঘটনাৰ পাছতেই হুলস্থূলৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ চকুও কপালত উঠে। পাছত আৰক্ষীয়ে শিশুটিক তুলি আনি মাকৰ হাতত দিয়ে। মুখ্যমন্ত্ৰী চৌহানে জানিব বিচাৰিলে এই দম্পতীয়ে এনেকুৱা কাম কিয় কৰিলে। তাৰপাছত আচল কাৰণটো পোহৰলৈ আহে। যি কথা শুনিলে হয়তো আপুনি আৱেগিক হৈ পৰিব। 

পেছাত শ্ৰমিক মুকেশ পেটেলে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এই কাম কৰিছিল। মুকেশ পেটেলে কয় যে তেওঁৰ পুত্ৰৰ ৩ মাহ বয়সত তেওঁৰ হৃদযন্ত্ৰত চিকিৎসকে এটা ফুটা ধৰা পেলাইছিল। অশেষ কষ্ট কৰি তেওঁ এই পৰ্যন্ত পুত্ৰৰ চিকিৎসাৰ বাবে ৪ লাখৰো অধিক টকা খৰচ কৰিছে।

ইয়াৰ লগতে মুকেশে কয় "আমাৰ সন্তানৰ বয়স এতিয়া এবছৰ। ডাক্তৰে আমাক অস্ত্ৰোপচাৰ কৰিবলৈ কৈছে। তেওঁলোকে কৈছিল যে ইয়াৰ বাবে ৩.৫০ লাখ টকা খৰচ হ'ব। ইমান বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাটো আমাৰ বাবে সম্ভৱ নহয়। আমি বিচাৰো আমাৰ সন্তানৰ চিকিৎসা হওক, কিন্তু কোনেও আমাক সহায় কৰা নাই। আমাক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈও দিয়া হোৱা নাছিল। আৰক্ষীয়েও তেওঁৰ ওচৰলৈ যাবলৈ আমাক সহায় কৰা নাছিল। কিন্তু মই মোৰ সমস্যাৰ কথা মুখ্যমন্ত্ৰীক শুনাব বিচাৰিছিলোঁ, সেয়ে মই মোৰ সন্তানক মঞ্চলৈ দলিয়াই দিছিলোঁ। এতিয়া বিষয়াসকলে বিষয়টোৰ প্ৰতি গুৰুত্ব দিছে আৰু মোক মুখ্যমন্ত্ৰীক লগ কৰিবলৈ আহিবলৈ কৈছে।

মুকেশ আৰু পত্নী নেহাই পুত্ৰৰ জীৱন ৰক্ষা কৰিবৰ বাবে এনেদৰে মুখ্যমন্ত্ৰী চৌহানৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁলোকক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰী চৌহানে কালেক্টৰ দীপক আৰিয়াক এই ঘটনা মুখ্যমন্ত্ৰী সদনলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ