--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কাৰাউলীত সাম্প্ৰদায়িক হিংসাৰ সময়তে এক ডাঙৰ অঘটন ঘটিছে। সাম্প্ৰদায়িক হিংসাৰ সময়তে এটা নৱজাতকক জুইৰ পৰা ৰক্ষাৰ পাবলৈ এজন আৰক্ষী কনিষ্টবলে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ৩১ বছৰীয়া নেত্ৰেশ শৰ্মা আৰক্ষী কনিষ্টবলজনে অঞ্চলটোত আবদ্ধ হৈ থকা দুগৰাকী মহিলাই শিশু লৈ জুইৰ মাজেৰে পাৰ হৈ গৈছে।

হিন্দু নৱবৰ্ষ উদযাপন কৰিবলৈ চহৰখনত এখন মটৰ চাইকেল ৰেলী আৰম্ভ হোৱাৰ পাছতে এই হিংসাৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ লোকজনে কয় যে, দোকানবোৰত জুই লগোৱা হৈছিল আৰু আৰক্ষীসকল জুই নুমুৱাবলৈ আৰু মানুহ উদ্ধাৰ কৰা কামত ব্যস্ত আছিল।

আৰক্ষী বিষয়াজনে কয় যে, ‘মই হঠাতে দুখন দোকানৰ মাজত এটা ঘৰ দেখিছিলো যিবোৰ জ্বলি আছিল আৰু ভিতৰত দুই-তিনিগৰাকী মহিলাৰ শিশু আবদ্ধ হৈ আছিল।

জুইৰ লেহিয়ান শিখাৰ ফলত দুৱাৰ বন্ধ হৈ পৰিছিল। মহিলাসকলে মোক সহায় কৰিবলৈ অনুৰোধ কৰিছিল। তেতিয়াই আৰক্ষী বিষয়াজনে আবদ্ধ হৈ থকা শিশুটোক বুকুৰ ভিতৰত সোমোৱাই জুইৰ মাজেৰে দৌৰি গৈছিল। সেই ফটোখনেই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

তেওঁৰ সাহসিকতাৰ কাৰ্যক সামাজিক মাধ্যমৰ লগতে ৰাজস্থান আৰক্ষীৰ দ্বাৰা প্ৰশংসা কৰা হৈছে, কনিষ্টবলজনে নম্ৰতাৰে কৈছিল যে, তেওঁ ‘কেৱল এই মোৰ কৰ্তব্য পালন কৰিছো’।


ইফালে, টুইটাৰত ব্যৱহাৰকাৰীসকলে সাহসী কনিষ্টবলজনক অভিবাদন জনাইছে আৰু তেওঁৰ বীৰত্বৰ বাবে পুৰস্কাৰ দাবী কৰিছে। নেটিজেনসকলে দাবী কৰে যে, ‘নেত্ৰেশ শৰ্মাক পদোন্নতি আৰু বীৰত্ব বঁটাৰে সন্মানিত কৰা উচিত, তেওঁ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ৪জন লোকৰ জীৱনৰক্ষা কৰিছে। তেওঁ ৰাজস্থান আৰক্ষীৰ প্ৰতি দুগুণ সন্মান বৃদ্ধি কৰিলে।

উল্লেখ্য যে, হিংসাৰ পাছত কাৰাউলীত কাৰফিউ জাৰি কৰা হৈছে। আৰক্ষীয়ে শনিবাৰে শিল বৰ্ষণৰ ঘটনা সন্দৰ্ভত ৪৬জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু আন সাতজনক আটক কৰিছে।

‘কাৰাউলী আৰক্ষী থানাত পঞ্জীয়ন কৰা গোচৰটোৰ সন্দৰ্ভত ১৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কাৰফিউ আদেশ উলংঘা কৰাৰ বাবে ৩৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সোধা-পোছাৰ বাবে ৭গৰাকী লোকক আটক কৰা হৈছে। আৰক্ষীয়ে মুঠ ২১খন দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনো জব্দ কৰে’-বুলি ভৰতপুৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক (আইজি)প্ৰসন্ন কুমাৰ খামেচৰাই এই কথা কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ