--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কাৰাউলীত সাম্প্ৰদায়িক হিংসাৰ সময়তে এক ডাঙৰ অঘটন ঘটিছে। সাম্প্ৰদায়িক হিংসাৰ সময়তে এটা নৱজাতকক জুইৰ পৰা ৰক্ষাৰ পাবলৈ এজন আৰক্ষী কনিষ্টবলে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ৩১ বছৰীয়া নেত্ৰেশ শৰ্মা আৰক্ষী কনিষ্টবলজনে অঞ্চলটোত আবদ্ধ হৈ থকা দুগৰাকী মহিলাই শিশু লৈ জুইৰ মাজেৰে পাৰ হৈ গৈছে।

হিন্দু নৱবৰ্ষ উদযাপন কৰিবলৈ চহৰখনত এখন মটৰ চাইকেল ৰেলী আৰম্ভ হোৱাৰ পাছতে এই হিংসাৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ লোকজনে কয় যে, দোকানবোৰত জুই লগোৱা হৈছিল আৰু আৰক্ষীসকল জুই নুমুৱাবলৈ আৰু মানুহ উদ্ধাৰ কৰা কামত ব্যস্ত আছিল।

আৰক্ষী বিষয়াজনে কয় যে, ‘মই হঠাতে দুখন দোকানৰ মাজত এটা ঘৰ দেখিছিলো যিবোৰ জ্বলি আছিল আৰু ভিতৰত দুই-তিনিগৰাকী মহিলাৰ শিশু আবদ্ধ হৈ আছিল।

জুইৰ লেহিয়ান শিখাৰ ফলত দুৱাৰ বন্ধ হৈ পৰিছিল। মহিলাসকলে মোক সহায় কৰিবলৈ অনুৰোধ কৰিছিল। তেতিয়াই আৰক্ষী বিষয়াজনে আবদ্ধ হৈ থকা শিশুটোক বুকুৰ ভিতৰত সোমোৱাই জুইৰ মাজেৰে দৌৰি গৈছিল। সেই ফটোখনেই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

তেওঁৰ সাহসিকতাৰ কাৰ্যক সামাজিক মাধ্যমৰ লগতে ৰাজস্থান আৰক্ষীৰ দ্বাৰা প্ৰশংসা কৰা হৈছে, কনিষ্টবলজনে নম্ৰতাৰে কৈছিল যে, তেওঁ ‘কেৱল এই মোৰ কৰ্তব্য পালন কৰিছো’।


ইফালে, টুইটাৰত ব্যৱহাৰকাৰীসকলে সাহসী কনিষ্টবলজনক অভিবাদন জনাইছে আৰু তেওঁৰ বীৰত্বৰ বাবে পুৰস্কাৰ দাবী কৰিছে। নেটিজেনসকলে দাবী কৰে যে, ‘নেত্ৰেশ শৰ্মাক পদোন্নতি আৰু বীৰত্ব বঁটাৰে সন্মানিত কৰা উচিত, তেওঁ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ৪জন লোকৰ জীৱনৰক্ষা কৰিছে। তেওঁ ৰাজস্থান আৰক্ষীৰ প্ৰতি দুগুণ সন্মান বৃদ্ধি কৰিলে।

উল্লেখ্য যে, হিংসাৰ পাছত কাৰাউলীত কাৰফিউ জাৰি কৰা হৈছে। আৰক্ষীয়ে শনিবাৰে শিল বৰ্ষণৰ ঘটনা সন্দৰ্ভত ৪৬জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু আন সাতজনক আটক কৰিছে।

‘কাৰাউলী আৰক্ষী থানাত পঞ্জীয়ন কৰা গোচৰটোৰ সন্দৰ্ভত ১৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কাৰফিউ আদেশ উলংঘা কৰাৰ বাবে ৩৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সোধা-পোছাৰ বাবে ৭গৰাকী লোকক আটক কৰা হৈছে। আৰক্ষীয়ে মুঠ ২১খন দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনো জব্দ কৰে’-বুলি ভৰতপুৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক (আইজি)প্ৰসন্ন কুমাৰ খামেচৰাই এই কথা কয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত