--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে’ল। কি কৰিলে মহিলাগৰাকীয়ে? ওমৱতী নামৰ ৭০ বছৰীয়া মহিলাগৰাকীয়ে পথাৰলৈ কাম কৰিবলৈ ৰে’লপথেৰে খোজ কাঢ়ি আহি থকাৰ সময়তে দেখে যে ৰে’লপথৰ ট্ৰেকত আছে এটা প্ৰকাণ্ড ফাঁট। তেওঁ সেই ফাঁট দেখিয়ে বুজিলে যে ৰে'ল পাৰ হলেই এই স্থানত এক ভয়ংকৰ দুৰ্ঘটনা হোৱাটো নিশ্চিত। 

এখন ৰে’ল আহি থকাৰ উমান পায় ওমৱতীৱে। ৰে’লখন ৰক্ষা কৰিবলৈ তেওঁ অলপ সময়ো অপব্যৱহাৰ নকৰিলে। তেওঁ লগালগ পিন্ধি থকা ৰঙা ৰঙৰ শাৰীখন খোলে আৰু গছৰ দুটা ঠালৰ সহায়ত ৰে’লপথৰ ওপৰত শাৰীখন আঁৰি দিয়ে। ৰেলপথত ৰঙা ৰং দেখি এখন যাত্ৰীবাহী ৰে’লৰ পাইলটে বিপদৰ সংকেত পাই ৰে’লখন ৰখায় আৰু ৰে’লপথ পৰীক্ষা কৰি দেখে যে সেই স্থানত আছে এটা প্ৰকাণ্ড ফাঁট। 

ৰে'ল বিষয়াসকলক এই বিষয়টো অৱগত কৰা হয়। ৰেল কৰ্মচাৰী আহি ট্ৰেকটো মেৰামতিৰ কাম আৰম্ভ কৰে আৰু ৰে’লপথ মেৰামতিৰ আধা ঘণ্টা পাছত পুনৰ যাত্ৰা আৰম্ভ কৰে যাত্ৰীবাহী ৰে’লখনে। 

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাহ জিলাত। জিলাখনৰ আভাগড় খণ্ডৰ গুলেৰিয়া গাঁৱৰ সমীপৰ ৰে’লপথত সংঘটিত হয় এই ঘটনা। ইটাহৰ পৰা টুণ্ডলা অভিমুখী এখন যাত্ৰীবাহী ৰে’লক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে ওমৱতীৱে। ওমৱতীৰ এই সাহস আৰু বুদ্ধিমত্তাৰ সকলোৱে শলাগ লৈছে। ছচিয়েল মিডিয়াতো উচ্চ প্ৰশংসিত হৈছে ওমৱতী



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ