--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে’ল। কি কৰিলে মহিলাগৰাকীয়ে? ওমৱতী নামৰ ৭০ বছৰীয়া মহিলাগৰাকীয়ে পথাৰলৈ কাম কৰিবলৈ ৰে’লপথেৰে খোজ কাঢ়ি আহি থকাৰ সময়তে দেখে যে ৰে’লপথৰ ট্ৰেকত আছে এটা প্ৰকাণ্ড ফাঁট। তেওঁ সেই ফাঁট দেখিয়ে বুজিলে যে ৰে'ল পাৰ হলেই এই স্থানত এক ভয়ংকৰ দুৰ্ঘটনা হোৱাটো নিশ্চিত। 

এখন ৰে’ল আহি থকাৰ উমান পায় ওমৱতীৱে। ৰে’লখন ৰক্ষা কৰিবলৈ তেওঁ অলপ সময়ো অপব্যৱহাৰ নকৰিলে। তেওঁ লগালগ পিন্ধি থকা ৰঙা ৰঙৰ শাৰীখন খোলে আৰু গছৰ দুটা ঠালৰ সহায়ত ৰে’লপথৰ ওপৰত শাৰীখন আঁৰি দিয়ে। ৰেলপথত ৰঙা ৰং দেখি এখন যাত্ৰীবাহী ৰে’লৰ পাইলটে বিপদৰ সংকেত পাই ৰে’লখন ৰখায় আৰু ৰে’লপথ পৰীক্ষা কৰি দেখে যে সেই স্থানত আছে এটা প্ৰকাণ্ড ফাঁট। 

ৰে'ল বিষয়াসকলক এই বিষয়টো অৱগত কৰা হয়। ৰেল কৰ্মচাৰী আহি ট্ৰেকটো মেৰামতিৰ কাম আৰম্ভ কৰে আৰু ৰে’লপথ মেৰামতিৰ আধা ঘণ্টা পাছত পুনৰ যাত্ৰা আৰম্ভ কৰে যাত্ৰীবাহী ৰে’লখনে। 

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাহ জিলাত। জিলাখনৰ আভাগড় খণ্ডৰ গুলেৰিয়া গাঁৱৰ সমীপৰ ৰে’লপথত সংঘটিত হয় এই ঘটনা। ইটাহৰ পৰা টুণ্ডলা অভিমুখী এখন যাত্ৰীবাহী ৰে’লক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে ওমৱতীৱে। ওমৱতীৰ এই সাহস আৰু বুদ্ধিমত্তাৰ সকলোৱে শলাগ লৈছে। ছচিয়েল মিডিয়াতো উচ্চ প্ৰশংসিত হৈছে ওমৱতী



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন