--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক হৃদয়বিদাৰক ঘটনা । বয়সে কুঁজা কৰি পেলোৱা দুৰ্ভগীয়া আইতাৰ কৰুন গাথা ৷ হয়তো আপুনিও এই বিষয়ে জানিলে আবেগিক হৈ পৰিব ৷ ভাৰতৰ দৰে চৰম অৰ্থনৈতিক বৈষম্যত ভূগি থকা এখন দেশত দিনক দিনে বৃদ্ধি পাইছে বিলিয়নেয়াৰৰ সংখ্যা । ১৬৯ গৰাকী বিলিয়নেয়াৰ থকা এখন দেশত ৮০ উৰ্ধৰ এগৰাকী বৃদ্ধাই এনেদৰে কেইটামান টকাৰ বাবে এনেদৰে হাবাথুৰি খোৱা দৃশ্যই নিশ্চয়কৈ দেশৰ উন্নতিৰ সকলো ৰহস্য বুজাই দিছে । 

ওড়িশাৰ কেওনঝাৰৰ এগৰাকী ৮০ বছৰীয়া বিশেষভাৱে সক্ষম বৃদ্ধাই বৃদ্ধ পেঞ্চনৰ সুবিধা ল’বলৈ ২ কিলোমিটাৰ খোজ কাঢ়ি স্থানীয় পঞ্চায়তলৈ যাবলগীয়া হয়। জীৱিকাৰ বাবে পেঞ্চন হিচাপে পোৱা কেইটামান টকাৰ ওপৰত নিৰ্ভৰশীল বৃদ্ধাগৰাকীয়ে এই কঠোৰ পদক্ষেপ ল’লে কাৰণ তেওঁক সহায় কৰিবলৈ কোনো নাছিল।ভালদৰে খোজ কাঢ়িব নোৱাৰা এইগৰাকী বৃদ্ধা মহিলাই আঁঠু লৈ খোজ কাঢ়ি পঞ্চায়তৰ কাৰ্যালয় পাবলৈ বাধ্য হ’ল। মাত্ৰ এই আশাত যে তাত থকা বিষয়াসকলে তেওঁৰ সমস্যা সমাধান কৰিব।


কেওঁঝাৰ জিলাৰ তেলকোই ব্লকৰ অন্তৰ্গত ৰাইছুৱান পঞ্চায়তৰ পৰা পোহৰলৈ আহিছে এই বেদনাদায়ক ঘটনা। বৃদ্ধা গৰাকীৰ দুৰ্দশাই উদঙাই দিছে চৰকাৰী বিষয়াসকলৰ অসাৱধান মনোভাৱ। বৃদ্ধাগৰাকীয়ে কয় যে পিইঅ'ই মোক পেঞ্চনৰ বাবে তেওঁলোকৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ কৈছিল, গতিকে আন কোনো বিকল্প নোহোৱাকৈয়ে মই ২ কিলোমিটাৰ খোজ কাঢ়ি পঞ্চায়তৰ কাৰ্যালয়লৈ আহিব লগা হ’ল। মোক সহায় কৰিবলৈ কোনো নাই। ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশতে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত চৰকাৰী কৰ্মচাৰীক লৈ ক্ষুব্ধ হৈ ৰাইজে কয় যে এইসকল কৰ্মচাৰীয়ে একেবাৰে লাজ অনুভৱ নকৰে। অসহায় আইতাগৰাকীৰ  সহায় কৰিবলৈ কোনো নাই ৷ তেওঁলোকৰ মানৱীয়তা মৃত নেকি? যেতিয়া বিষয়টো ৰাইছুয়ানৰ সম্পাদক বাগান চম্পিয়াৰ দৃষ্টিগোচৰ হয়, তেতিয়া তেওঁ কয়, "আমি ছ'চিয়েল মিডিয়াৰ পৰা এই ঘটনা সন্দৰ্ভত তথ্য পাইছো, এতিয়াৰ পৰা তেওঁৰ বৃদ্ধ পেঞ্চন পিইঅ'ৰ জৰিয়তে তেওঁৰ ঘৰলৈ পঠিওৱা হ'ব আৰু লগতে ৩ মাহৰ ৰেচন যোগান ধৰা হ’ব।’




FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু