--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক হৃদয়বিদাৰক ঘটনা । বয়সে কুঁজা কৰি পেলোৱা দুৰ্ভগীয়া আইতাৰ কৰুন গাথা ৷ হয়তো আপুনিও এই বিষয়ে জানিলে আবেগিক হৈ পৰিব ৷ ভাৰতৰ দৰে চৰম অৰ্থনৈতিক বৈষম্যত ভূগি থকা এখন দেশত দিনক দিনে বৃদ্ধি পাইছে বিলিয়নেয়াৰৰ সংখ্যা । ১৬৯ গৰাকী বিলিয়নেয়াৰ থকা এখন দেশত ৮০ উৰ্ধৰ এগৰাকী বৃদ্ধাই এনেদৰে কেইটামান টকাৰ বাবে এনেদৰে হাবাথুৰি খোৱা দৃশ্যই নিশ্চয়কৈ দেশৰ উন্নতিৰ সকলো ৰহস্য বুজাই দিছে । 

ওড়িশাৰ কেওনঝাৰৰ এগৰাকী ৮০ বছৰীয়া বিশেষভাৱে সক্ষম বৃদ্ধাই বৃদ্ধ পেঞ্চনৰ সুবিধা ল’বলৈ ২ কিলোমিটাৰ খোজ কাঢ়ি স্থানীয় পঞ্চায়তলৈ যাবলগীয়া হয়। জীৱিকাৰ বাবে পেঞ্চন হিচাপে পোৱা কেইটামান টকাৰ ওপৰত নিৰ্ভৰশীল বৃদ্ধাগৰাকীয়ে এই কঠোৰ পদক্ষেপ ল’লে কাৰণ তেওঁক সহায় কৰিবলৈ কোনো নাছিল।ভালদৰে খোজ কাঢ়িব নোৱাৰা এইগৰাকী বৃদ্ধা মহিলাই আঁঠু লৈ খোজ কাঢ়ি পঞ্চায়তৰ কাৰ্যালয় পাবলৈ বাধ্য হ’ল। মাত্ৰ এই আশাত যে তাত থকা বিষয়াসকলে তেওঁৰ সমস্যা সমাধান কৰিব।


কেওঁঝাৰ জিলাৰ তেলকোই ব্লকৰ অন্তৰ্গত ৰাইছুৱান পঞ্চায়তৰ পৰা পোহৰলৈ আহিছে এই বেদনাদায়ক ঘটনা। বৃদ্ধা গৰাকীৰ দুৰ্দশাই উদঙাই দিছে চৰকাৰী বিষয়াসকলৰ অসাৱধান মনোভাৱ। বৃদ্ধাগৰাকীয়ে কয় যে পিইঅ'ই মোক পেঞ্চনৰ বাবে তেওঁলোকৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ কৈছিল, গতিকে আন কোনো বিকল্প নোহোৱাকৈয়ে মই ২ কিলোমিটাৰ খোজ কাঢ়ি পঞ্চায়তৰ কাৰ্যালয়লৈ আহিব লগা হ’ল। মোক সহায় কৰিবলৈ কোনো নাই। ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশতে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত চৰকাৰী কৰ্মচাৰীক লৈ ক্ষুব্ধ হৈ ৰাইজে কয় যে এইসকল কৰ্মচাৰীয়ে একেবাৰে লাজ অনুভৱ নকৰে। অসহায় আইতাগৰাকীৰ  সহায় কৰিবলৈ কোনো নাই ৷ তেওঁলোকৰ মানৱীয়তা মৃত নেকি? যেতিয়া বিষয়টো ৰাইছুয়ানৰ সম্পাদক বাগান চম্পিয়াৰ দৃষ্টিগোচৰ হয়, তেতিয়া তেওঁ কয়, "আমি ছ'চিয়েল মিডিয়াৰ পৰা এই ঘটনা সন্দৰ্ভত তথ্য পাইছো, এতিয়াৰ পৰা তেওঁৰ বৃদ্ধ পেঞ্চন পিইঅ'ৰ জৰিয়তে তেওঁৰ ঘৰলৈ পঠিওৱা হ'ব আৰু লগতে ৩ মাহৰ ৰেচন যোগান ধৰা হ’ব।’




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু