--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ ৰাজনৈতিক পট পৰৱৰ্তনৰ পাছত ভৰতলৈ অবৈধ অনু্প্ৰৱেশ বৃদ্ধিপোৱাৰ শংকা কৰা হৈছিল৷ সেয়ে অবৈধ অনু্প্ৰৱেশ ৰোধ কৰিবৰ বাবে সীমান্তৰক্ষী বাহিনী সষ্টম কৰিতোলা হৈছিল৷ শেহতীয়াকৈ দক্ষিণ পশ্চিম খাছি পাহাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এজন বাংলাদেশী নাগৰিকক আটক কৰাৰ তথ্য পোহৰলৈ আহিছে৷      


প্ৰাপ্ত তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰত বি এছ এফে মেঘালয়ৰ দক্ষিণ পশ্চিম খাছি পাহাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এজন বাংলাদেশী নাগৰিকক আটক কৰিছে৷ নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত ১ম বেটেলিয়ন বি এছ এফে বি অ’ পি কানাইৰ ওচৰত এক বিশেষ অভিযান চলাই বাংলাদেশৰ নেট্ৰাকোনা জিলাৰ বাসিন্দা টনিক হাজং নামৰ এজন বাংলাদেশী নাগৰিক টনিক হাজঙক আটক কৰে৷

আটকাধীন ব্যক্তিজনৰ হাতত আছিল২,৩৭,৫০০ টাকা বাংলাদেশী মুদ্ৰা৷ অবৈধভাৱে সীমান্তৰ পাৰ কৰা কাৰ্যকলাপৰ উদ্দেশ্য আছিল বুলি জানিবলৈ দিছে৷ এক সুকীয়া অভিযানত একেদিনাই চতুৰ্থ বেটেলিয়ন বি এছ এফে ১৫ লাখ টকাৰ প্ৰসাধন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। সীমান্তৰ সিপাৰে চোৰাং সামগ্ৰী সৰবৰাহ কৰিবলৈ চেষ্টা কৰা ৪-৫ জনীয়া দুষ্কৃতিকাৰীৰ এটা দল এটা বিশেষ টহলদাৰী দলৰ মুখামুখি হয়।প্ৰত্যাহ্বান জনোৱাৰ লগে লগে দুৰ্বৃত্তই প্ৰসাধন সামগ্ৰী এৰি জংঘল ফালে পলায়ন কৰে।

জব্দ কৰা সামগ্ৰীৰ সৈতে ব্যক্তিজনক আইনী ব্যৱস্থাৰ বাবে স্থানীয় আৰক্ষীক গতাই দিয়ে আৰু জব্দ কৰা প্ৰসাধন সামগ্ৰীসমূহ শুল্ক কাৰ্যালয়ত গতাই দিয়ে সীমা সুৰক্ষাবাহিনীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু