--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ষ্টাণ্টমেন হিচাপে জনা যায় টাইগাৰ শ্ৰফক। তেওঁৰ ষ্টাণ্ট আৰু নৃত্যই দৰ্শকক সহজেই মুগ্ধ কৰে। তেওঁ নিজৰ কেৰিয়াৰত এনে এখন ছবিত ছুপাৰহিৰোৰ ষ্টাইলত অভিনয় কৰিছে, যাৰ নাম আছিল 'এ ফ্লাইং জাট'। কিন্তু ছবিখনে বক্স অফিচত বিশেষ সফলতা দেখুৱাব পৰা নাছিল। বহু ছুপাৰহিট ছবি দিয়া টাইগাৰে প্ৰকাশ কৰিছে যে তেওঁ স্পাইডাৰ-মেনৰ বাবে অডিচন দিছিল। কেৱল এয়াই নহয়, এই বিষয়ে কওঁতে অভিনেতাগৰাকীয়ে লগতে কয় যে তেওঁ ছবিখনৰ বাবে অডিচন দিছিল আৰু তেওঁৰ টেপসমূহো মাৰ্ভেললৈ প্ৰেৰণ কৰিছিল।

এক সাক্ষাৎকাৰত টাইগাৰ শ্ৰফে কয় যে, "মই স্পাইডাৰমেনৰ বাবে অডিচন দিছিলো। মই তেওঁলোকক মোৰ টেপটো পঠাইছিলো, যিটো চোৱাৰ পাছত তেওঁলোক অতিশয় আপ্লুত হৈছিল। মই কৈছিলো যে ভিএফএক্সত খৰচ হোৱা বহুত টকা মই বচাই দিব পাৰিম। কাৰণ মই স্পাইডাৰমেনে কৰা বেছিভাগ কামেই কৰিব পাৰোঁ। মই ছবিখন পোৱাৰ বাবে প্ৰায় ওচৰ চাপিছিলোৱেই কিন্তু শেষত মোৰ হাতৰ পৰা ছবিখন ওলাই গ’ল।"

টাইগাৰ শ্ৰফে লগতে কয় যে "মই ভাগ্যৱান যে হলিউডৰ সৈতে জড়িত বহু লোকক লগ পোৱাৰ সুযোগ পাইছো। মই কেনেধৰণৰ কাম কৰো সেই বিষয়েও তাত থকা মানুহখিনিৰ আগ্ৰহ আছে। জেকী চানৰ পিছত এতিয়ালৈকে হলিউডত তেনে কোনো একচন হিৰো দেখা পোৱা নাই। মোৰ বয়সৰ এনে কোনো একচন হিৰো আছে বুলি মই নাভাবোঁ।"

উল্লেখ্য যে ২০১৭ চনত মুক্তি পোৱা 'স্পাইডাৰ-মেন: ফৰ ফ্ৰম হোম' ছবিৰ হিন্দী ডাবত টাইগাৰ শ্ৰফে স্পাইডাৰ মেনৰ কণ্ঠ ধাৰলৈ দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?