--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ষ্টাণ্টমেন হিচাপে জনা যায় টাইগাৰ শ্ৰফক। তেওঁৰ ষ্টাণ্ট আৰু নৃত্যই দৰ্শকক সহজেই মুগ্ধ কৰে। তেওঁ নিজৰ কেৰিয়াৰত এনে এখন ছবিত ছুপাৰহিৰোৰ ষ্টাইলত অভিনয় কৰিছে, যাৰ নাম আছিল 'এ ফ্লাইং জাট'। কিন্তু ছবিখনে বক্স অফিচত বিশেষ সফলতা দেখুৱাব পৰা নাছিল। বহু ছুপাৰহিট ছবি দিয়া টাইগাৰে প্ৰকাশ কৰিছে যে তেওঁ স্পাইডাৰ-মেনৰ বাবে অডিচন দিছিল। কেৱল এয়াই নহয়, এই বিষয়ে কওঁতে অভিনেতাগৰাকীয়ে লগতে কয় যে তেওঁ ছবিখনৰ বাবে অডিচন দিছিল আৰু তেওঁৰ টেপসমূহো মাৰ্ভেললৈ প্ৰেৰণ কৰিছিল।

এক সাক্ষাৎকাৰত টাইগাৰ শ্ৰফে কয় যে, "মই স্পাইডাৰমেনৰ বাবে অডিচন দিছিলো। মই তেওঁলোকক মোৰ টেপটো পঠাইছিলো, যিটো চোৱাৰ পাছত তেওঁলোক অতিশয় আপ্লুত হৈছিল। মই কৈছিলো যে ভিএফএক্সত খৰচ হোৱা বহুত টকা মই বচাই দিব পাৰিম। কাৰণ মই স্পাইডাৰমেনে কৰা বেছিভাগ কামেই কৰিব পাৰোঁ। মই ছবিখন পোৱাৰ বাবে প্ৰায় ওচৰ চাপিছিলোৱেই কিন্তু শেষত মোৰ হাতৰ পৰা ছবিখন ওলাই গ’ল।"

টাইগাৰ শ্ৰফে লগতে কয় যে "মই ভাগ্যৱান যে হলিউডৰ সৈতে জড়িত বহু লোকক লগ পোৱাৰ সুযোগ পাইছো। মই কেনেধৰণৰ কাম কৰো সেই বিষয়েও তাত থকা মানুহখিনিৰ আগ্ৰহ আছে। জেকী চানৰ পিছত এতিয়ালৈকে হলিউডত তেনে কোনো একচন হিৰো দেখা পোৱা নাই। মোৰ বয়সৰ এনে কোনো একচন হিৰো আছে বুলি মই নাভাবোঁ।"

উল্লেখ্য যে ২০১৭ চনত মুক্তি পোৱা 'স্পাইডাৰ-মেন: ফৰ ফ্ৰম হোম' ছবিৰ হিন্দী ডাবত টাইগাৰ শ্ৰফে স্পাইডাৰ মেনৰ কণ্ঠ ধাৰলৈ দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি