--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইৱানৰ চিকিৎসকে এগৰাকী মহিলাৰ বৃক্কৰ পৰা ৩০০ৰো অধিক পাথৰ আঁতৰাবলৈ সক্ষম হৈছে। উল্লেখ্য যে মহিলাগৰাকীয়ে স্বাভাৱিক পানীৰ পৰিৱৰ্তে কেৱল মিঠা পানীয়হে গ্ৰহণ কৰি আহিছিল। কিন্তু কঁকালৰ তলৰ অংশত গুৰুতৰ বিষৰ লগতে জ্বৰ ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰাৰ পিছত যোৱা সপ্তাহত টাইনান চহৰৰ চি মেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জিয়াও ইউ নামৰ এই মহিলাগৰাকীক।

আল্ট্ৰাছাউণ্ড স্কেনত দেখা গ’ল যে তেওঁৰ সোঁ বৃক্কটো তৰল পদাৰ্থৰে ফুলি উঠিছে আৰু তাত শ শ বৃক্কত পাথৰ আছে। চিটি স্কেন অনুসৰি শিলবোৰৰ আকাৰ ৫ মিলিমিটাৰৰ পৰা ২ চে.মি.ৰ ভিতৰত আছিল। তেওঁৰ এই অৱস্থাৰ বিষয়ে সোধাত তেওঁ চিকিৎসকক কয় যে তেওঁ পানী খাই ভাল নাপায় আৰু ইয়াৰ পৰিৱৰ্তে বছৰ বছৰ ধৰি বাবল টি, ফলৰ ৰস, মদ্যপান আদি পানীয়ৰে নিজকে হাইড্ৰেট কৰিছিল। ইয়াৰ ফলত দীৰ্ঘদিনীয়া পানীলগা আৰু বৃক্কত খনিজ পদাৰ্থ জমা হৈ পৰে।

ইয়াৰ পিছত চিকিৎসকে ২ ঘণ্টাৰ অস্ত্ৰোপচাৰ কৰি পাৰ্কিউটেনিয়াছ নেফ্ৰ’লিথ’টমী নামৰ অস্ত্ৰোপচাৰ কৰি তাইৰ বৃক্কৰ পৰা প্ৰায় ৩০০ টা পাথৰ উলিয়াই আনে। এই প্ৰক্ৰিয়াৰ পিছত মহিলাগৰাকীৰ অৱস্থা সুস্থিৰ হৈ পৰাৰ কিছুদিন পিছতে তেওঁক ডিচচাৰ্জ দিয়া হয়। এই পদ্ধতি চলোৱা চাৰ্জন ডাঃ লিম চ্যে-য়াঙে কয় যে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰা বা কেলচিয়াম আৰু প্ৰ’টিনযুক্ত খাদ্য আদি কিছুমান কাৰণত বৃক্কত পাথৰ হ’ব পাৰে।

''প্ৰস্ৰাৱত থকা খনিজ পদাৰ্থ পাতল কৰাৰ বাবে পানী সঠিকভাৱে গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত পৰ্যাপ্ত পানীৰ অভাৱ হয় তেন্তে প্ৰস্ৰাৱত থকা খনিজ পদাৰ্থবোৰ সহজেই ঘনীভূত হৈ পৰিব পাৰে, যাৰ ফলত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।''- তেওঁ কয়।

গড়ে পুৰুষৰ বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি। চিকিৎসকগৰাকীয়ে লগতে কয় যে টাইৱানত মহিলাতকৈ পুৰুষৰ বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি, টাইৱানৰ ৯.৬% লোকৰ জীৱনকালত বৃক্কত পাথৰ হোৱা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ