--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইৱানৰ চিকিৎসকে এগৰাকী মহিলাৰ বৃক্কৰ পৰা ৩০০ৰো অধিক পাথৰ আঁতৰাবলৈ সক্ষম হৈছে। উল্লেখ্য যে মহিলাগৰাকীয়ে স্বাভাৱিক পানীৰ পৰিৱৰ্তে কেৱল মিঠা পানীয়হে গ্ৰহণ কৰি আহিছিল। কিন্তু কঁকালৰ তলৰ অংশত গুৰুতৰ বিষৰ লগতে জ্বৰ ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰাৰ পিছত যোৱা সপ্তাহত টাইনান চহৰৰ চি মেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জিয়াও ইউ নামৰ এই মহিলাগৰাকীক।

আল্ট্ৰাছাউণ্ড স্কেনত দেখা গ’ল যে তেওঁৰ সোঁ বৃক্কটো তৰল পদাৰ্থৰে ফুলি উঠিছে আৰু তাত শ শ বৃক্কত পাথৰ আছে। চিটি স্কেন অনুসৰি শিলবোৰৰ আকাৰ ৫ মিলিমিটাৰৰ পৰা ২ চে.মি.ৰ ভিতৰত আছিল। তেওঁৰ এই অৱস্থাৰ বিষয়ে সোধাত তেওঁ চিকিৎসকক কয় যে তেওঁ পানী খাই ভাল নাপায় আৰু ইয়াৰ পৰিৱৰ্তে বছৰ বছৰ ধৰি বাবল টি, ফলৰ ৰস, মদ্যপান আদি পানীয়ৰে নিজকে হাইড্ৰেট কৰিছিল। ইয়াৰ ফলত দীৰ্ঘদিনীয়া পানীলগা আৰু বৃক্কত খনিজ পদাৰ্থ জমা হৈ পৰে।

ইয়াৰ পিছত চিকিৎসকে ২ ঘণ্টাৰ অস্ত্ৰোপচাৰ কৰি পাৰ্কিউটেনিয়াছ নেফ্ৰ’লিথ’টমী নামৰ অস্ত্ৰোপচাৰ কৰি তাইৰ বৃক্কৰ পৰা প্ৰায় ৩০০ টা পাথৰ উলিয়াই আনে। এই প্ৰক্ৰিয়াৰ পিছত মহিলাগৰাকীৰ অৱস্থা সুস্থিৰ হৈ পৰাৰ কিছুদিন পিছতে তেওঁক ডিচচাৰ্জ দিয়া হয়। এই পদ্ধতি চলোৱা চাৰ্জন ডাঃ লিম চ্যে-য়াঙে কয় যে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰা বা কেলচিয়াম আৰু প্ৰ’টিনযুক্ত খাদ্য আদি কিছুমান কাৰণত বৃক্কত পাথৰ হ’ব পাৰে।

''প্ৰস্ৰাৱত থকা খনিজ পদাৰ্থ পাতল কৰাৰ বাবে পানী সঠিকভাৱে গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত পৰ্যাপ্ত পানীৰ অভাৱ হয় তেন্তে প্ৰস্ৰাৱত থকা খনিজ পদাৰ্থবোৰ সহজেই ঘনীভূত হৈ পৰিব পাৰে, যাৰ ফলত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।''- তেওঁ কয়।

গড়ে পুৰুষৰ বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি। চিকিৎসকগৰাকীয়ে লগতে কয় যে টাইৱানত মহিলাতকৈ পুৰুষৰ বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি, টাইৱানৰ ৯.৬% লোকৰ জীৱনকালত বৃক্কত পাথৰ হোৱা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে