--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৫ বছৰীয়া এজন ব্যক্তিৰ মৃতদেহ ফালি- চিৰি ভক্ষণ কৰে তেওঁৰেই পোহনীয়া ১৭টা কুকুৰে। বয়োজ্যেষ্ঠ ব্যক্তিজনৰ ঘৰৰ ভিতৰত তেওঁৰ শৰীৰৰ অৱশিষ্ট অংগসমূহ উদ্ধাৰ হৈছে। আৰ্জেণ্টিনাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।

ব্যক্তিজনৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম কাৰ্লোছ টনিনি। বহুদিন দেখা নাপাই তেওঁৰ ঘৰত কিছুমান অস্বাভাৱিক কাণ্ড লক্ষ্য কৰাৰ পিছত ওচৰ-চুবুৰীয়াই থানাত খবৰ দিয়ে। আৰক্ষীয়ে ঘৰত প্ৰৱেশ কৰি মজিয়াত পৰি থকা ফাটি যোৱা জিন্স উদ্ধাৰ কৰে। তাৰ ভিতৰৰ পৰা উৰুৰ হাড় এটা উদ্ধাৰ কৰে। এটা টি-চাৰ্টৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে আঠ ইঞ্চিৰ দুটা হাড়।

প্ৰাথমিক তদন্তৰ অন্তত কোনো অজ্ঞাত কাৰণত জ্যেষ্ঠজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে অনুমান কৰিছে। ইয়াৰ পিছত পোহনীয়া জন্তুবোৰক খুৱাবলৈ কোনো নথকাৰ বাবে ১৭টা কুকুৰে ভোকাতুৰ মালিকৰ মৃতদেহ ফালি পেলায়।

তদন্তত এইটোও প্ৰকাশ পাইছে যে কাৰ্লোছে ঘৰত ১৭টা পোহনীয়া জন্তুৰ সৈতে অকলে বাস কৰিছিল। আৰক্ষীয়ে তেওঁৰ কন্যা চুজানা এলিজাবেথ টনিনিৰ সৈতেও যোগাযোগ কৰে। পৰিয়ালৰ সমস্যাৰ বাবে যোৱা দুবছৰ ধৰি পিতৃৰ সৈতে যোগাযোগ নাছিল বুলিও কয়। বয়োজ্যেষ্ঠজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে কোনেও হত্যা কৰাৰ কোনো প্ৰমাণ পোৱা নাই আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা