--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৫ বছৰীয়া এজন ব্যক্তিৰ মৃতদেহ ফালি- চিৰি ভক্ষণ কৰে তেওঁৰেই পোহনীয়া ১৭টা কুকুৰে। বয়োজ্যেষ্ঠ ব্যক্তিজনৰ ঘৰৰ ভিতৰত তেওঁৰ শৰীৰৰ অৱশিষ্ট অংগসমূহ উদ্ধাৰ হৈছে। আৰ্জেণ্টিনাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।

ব্যক্তিজনৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম কাৰ্লোছ টনিনি। বহুদিন দেখা নাপাই তেওঁৰ ঘৰত কিছুমান অস্বাভাৱিক কাণ্ড লক্ষ্য কৰাৰ পিছত ওচৰ-চুবুৰীয়াই থানাত খবৰ দিয়ে। আৰক্ষীয়ে ঘৰত প্ৰৱেশ কৰি মজিয়াত পৰি থকা ফাটি যোৱা জিন্স উদ্ধাৰ কৰে। তাৰ ভিতৰৰ পৰা উৰুৰ হাড় এটা উদ্ধাৰ কৰে। এটা টি-চাৰ্টৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে আঠ ইঞ্চিৰ দুটা হাড়।

প্ৰাথমিক তদন্তৰ অন্তত কোনো অজ্ঞাত কাৰণত জ্যেষ্ঠজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে অনুমান কৰিছে। ইয়াৰ পিছত পোহনীয়া জন্তুবোৰক খুৱাবলৈ কোনো নথকাৰ বাবে ১৭টা কুকুৰে ভোকাতুৰ মালিকৰ মৃতদেহ ফালি পেলায়।

তদন্তত এইটোও প্ৰকাশ পাইছে যে কাৰ্লোছে ঘৰত ১৭টা পোহনীয়া জন্তুৰ সৈতে অকলে বাস কৰিছিল। আৰক্ষীয়ে তেওঁৰ কন্যা চুজানা এলিজাবেথ টনিনিৰ সৈতেও যোগাযোগ কৰে। পৰিয়ালৰ সমস্যাৰ বাবে যোৱা দুবছৰ ধৰি পিতৃৰ সৈতে যোগাযোগ নাছিল বুলিও কয়। বয়োজ্যেষ্ঠজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে কোনেও হত্যা কৰাৰ কোনো প্ৰমাণ পোৱা নাই আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ