--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ এগৰাকী ব্যক্তিয়ে দাবী কৰিছে যে ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াস্বৰূপে তেওঁৰ কন্যাৰ মৃত্যু হৈছে৷ জানিব পৰা মতে, ঔৰঙ্গাবাদৰ এজন বাসিন্দাই মহাৰাষ্ট্ৰ চৰকাৰ, চিৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়াৰ পৰা ১০০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে আৰু তেওঁ দাবী কৰিছে যে যোৱা বছৰ জানুৱাৰীত তেওঁৰ কন্যাক প্ৰদান কৰা কভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত তেওঁৰ কন্যাৰ মৃত্যু হৈছিল। যোৱা সপ্তাহত উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠৰ সন্মুখত আৱেদন দাখিল কৰা আৱেদনকাৰী দিলীপ লুনাৱতে দাবী কৰিছিল যে তেওঁৰ জীয়ৰী স্নেহাল, নাছিকৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী৷ সকলো স্বাস্থ্যসেৱা কৰ্মীক টিকাকৰণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপৰ অংশ হিচাপে ভেকচিনৰ দুয়োটা পালি প্ৰদান কৰা হৈছিল। আৱেদনত কোৱা হৈছে যে স্নেহালক ক’ভিড-১৯ ভেকচিনটো সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি আশ্বাস দিয়া হৈছিল, আৰু শৰীৰৰ বাবে কোনো বিপদাশংকা নাই বুলি জনোৱা হৈছিল৷ লুনাৱাটৰ আৱেদনত কোৱা হৈছে যে তেওঁৰ জীয়েকৰ দৰে স্বাস্থ্যকৰ্মীসকলে ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই), মহাৰাষ্ট্ৰ চৰকাৰ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স (এইমছ)ৰ সঞ্চালক আৰু কেন্দ্ৰীয় চৰকাৰে ভেকচিনবোৰ সুৰক্ষিত বুলি সৃষ্টি কৰা মিছা বৰ্ণনাৰ বাবে ভেকচিনটো ল’বলৈ বাধ্য হৈছিল। তেওঁ কয় যে তেওঁৰ জীয়ৰীয়ে যোৱাবৰ্ষৰ ২৮ জানুৱাৰীত ভেকচিনটো গ্ৰহণ কৰিছিল আৰু সেই ভেকচিনবোৰৰ পাৰ্শ্বক্ৰিয়াৰ বাবে কেইসপ্তাহমান পিছত ১ মাৰ্চত মৃত্যুবৰণ কৰিছিল। লুনাৱাটৰ আৱেদনত দাবী কৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এখন স্বাস্থ্য সমিতিয়ে যোৱা বছৰৰ ২ অক্টোৱৰত স্বীকাৰ কৰিছিল যে তেওঁৰ জীয়েকৰ মৃত্যু কভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই হৈছিল। পিতৃগৰাকীয়ে লগতে কয়, মোৰ ছোৱালীক ন্যায় দিবলৈ আৰু উত্তৰদাতা কৰ্তৃপক্ষৰ এনে বেআইনী কাৰ্যকলাপৰ বাবে হত্যা হোৱাৰ সম্ভাৱনা থকা আৰু বহুলোকৰ জীৱন ৰক্ষা কৰিবলৈ এই আৱেদন দাখিল কৰা হৈছে৷ অৱশ্যে, বোম্বাই উচ্চ ন্যায়ালয়ে এতিয়াও আৱেদনৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰা নাই, যাৰ ফলত মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় চৰকাৰ, ভেকচিন নিৰ্মাতা চিৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়া উত্তৰদাতা পক্ষ হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি