--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকললৈ এক আশাৰ খবৰ৷ বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশত ৬০ লাখ নতুন নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰাৰ দুদিন পাছতে আজি ৰাজ্যসভাত কৰ্মচাৰী ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে সদৰি কৰে এক তথ্য৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, ২০২০ চনৰ ১ মাৰ্চ পৰ্যন্ত ভাৰত চৰকাৰৰ অধীনস্থ বিভাগসমূহত খালী হৈ আছে ৮.৭২ লাখ পদ৷ দেশৰ মুখ্য নিয়োগকাৰী সংস্থাবোৰে ২০১৮-১৯ বৰ্ষ আৰু ২০২০-২১ বৰ্ষত ২,৬৫,৪৬৮টা পদত নিযুক্তি সম্পন্ন কৰিছে। বৃহস্পতিবাৰে ৰাজ্যসভাত কৰ্মচাৰী ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে দিয়া এক লিখিত উত্তৰ অনুসৰি ২০১৯ চনৰ ১ মাৰ্চলৈ ৯,১০,১৫৩টা খালী পদ আৰু ২০১৮ চনৰ ১ মাৰ্চলৈ ৬,৮৩,৮২৩টা পদ খালী হৈ আছে৷ দেশৰ তিনিটা মুখ্য নিয়োগকাৰী সংস্থা, কৰ্মচাৰী বাছনি আয়োগ (এছএছচি), কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছচি) আৰু ৰে’লৱে নিযুক্তি পৰিষদ (আৰআৰবি)এ ২০১৮-১৯ আৰু ২০২০-২১ বৰ্ষত ২,৬৫,৪৬৮ টা নিযুক্তি প্ৰদান কৰিছে বুলি উত্তৰত কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র