--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমত স্ত্ৰীশিক্ষাৰ বাটকটীয়া, স্বাধীনতা সংগ্ৰামী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আধাৰিত এখন গ্ৰন্থই লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্মান৷ হিৰণ্য বৰা ৰচিত ‘চন্দ্ৰপ্ৰভা, দ্য আইৰণ লেডী অব্ আছাম’ শীৰ্ষক গ্ৰন্থখনে সৰ্বাধিক বিক্ৰীৰ অভিলেখ স্পৰ্শ কৰাৰ বাবে ব্লুৰ’জ বেষ্টচেলাৰ- ২০২১ বঁটা লাভ কৰিছে৷ গ্ৰন্থখনৰ প্ৰকাশক ব্লু ৰ’জ এক আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰকাশক সংস্থা আৰু ব্লু ৰ’জ প্ৰকাশিত বৰাৰ গ্ৰন্থখন প্ৰায় সকলো ইউৰোপীয় দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত উপলব্ধ।

প্ৰকাশকে লেখক বৰালৈ দিয়া এক পত্ৰত লিখিছে এনেদৰে, “আমি নিশ্চিত যে, আপুনি সন্তুষ্ট আৰু গৌৰৱান্বিত অনুভৱ কৰিছে। আমিও আপোনাৰ দৰে এজন লেখকক আমাৰ সৈতে পাই আনন্দিত আৰু একেধৰণে আপোনাৰ সৈতে কাম কৰিবলৈ বাট চাই আছোঁ। আমি আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনাক শুভকামনা জনাইছো আৰু আপোনাৰ সফলতাৰ আৰু বহুতো কাহিনী শুনিবলৈ আশা কৰোঁ। এই বঁটাটো আপোনাৰ গৌৰৱময় কেৰিয়াৰৰ আৰম্ভণি। ভাল কাম অব্যাহত ৰাখিব!’’

উল্লেখযোগ্য যে, এই গ্ৰন্থখনৰ প্ৰথমটো কপী এই বৰ্ষৰ ১৬ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰীক অৰ্পণ কৰা হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে হিৰণ্য বৰাৰ ‘চন্দ্ৰপ্ৰভা- দ্য আয়ৰণ লেডী অব্ আছাম’ নামৰ গ্ৰন্থখনৰ প্ৰতিলিপি লাভ কৰি আনন্দিত হৈছিল। গ্ৰন্থখনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনগাথাক লিখা হৈছে, যিগৰাকী মহীয়সীয়ে অসমৰ প্ৰগতি, সামাজিক সংস্কাৰ আৰু মহিলাৰ সৱলীকৰণৰ দিশত উল্লেখনীয় অৱদান আগবঢ়াইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ