--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমত স্ত্ৰীশিক্ষাৰ বাটকটীয়া, স্বাধীনতা সংগ্ৰামী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আধাৰিত এখন গ্ৰন্থই লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্মান৷ হিৰণ্য বৰা ৰচিত ‘চন্দ্ৰপ্ৰভা, দ্য আইৰণ লেডী অব্ আছাম’ শীৰ্ষক গ্ৰন্থখনে সৰ্বাধিক বিক্ৰীৰ অভিলেখ স্পৰ্শ কৰাৰ বাবে ব্লুৰ’জ বেষ্টচেলাৰ- ২০২১ বঁটা লাভ কৰিছে৷ গ্ৰন্থখনৰ প্ৰকাশক ব্লু ৰ’জ এক আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰকাশক সংস্থা আৰু ব্লু ৰ’জ প্ৰকাশিত বৰাৰ গ্ৰন্থখন প্ৰায় সকলো ইউৰোপীয় দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত উপলব্ধ।

প্ৰকাশকে লেখক বৰালৈ দিয়া এক পত্ৰত লিখিছে এনেদৰে, “আমি নিশ্চিত যে, আপুনি সন্তুষ্ট আৰু গৌৰৱান্বিত অনুভৱ কৰিছে। আমিও আপোনাৰ দৰে এজন লেখকক আমাৰ সৈতে পাই আনন্দিত আৰু একেধৰণে আপোনাৰ সৈতে কাম কৰিবলৈ বাট চাই আছোঁ। আমি আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনাক শুভকামনা জনাইছো আৰু আপোনাৰ সফলতাৰ আৰু বহুতো কাহিনী শুনিবলৈ আশা কৰোঁ। এই বঁটাটো আপোনাৰ গৌৰৱময় কেৰিয়াৰৰ আৰম্ভণি। ভাল কাম অব্যাহত ৰাখিব!’’

উল্লেখযোগ্য যে, এই গ্ৰন্থখনৰ প্ৰথমটো কপী এই বৰ্ষৰ ১৬ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰীক অৰ্পণ কৰা হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে হিৰণ্য বৰাৰ ‘চন্দ্ৰপ্ৰভা- দ্য আয়ৰণ লেডী অব্ আছাম’ নামৰ গ্ৰন্থখনৰ প্ৰতিলিপি লাভ কৰি আনন্দিত হৈছিল। গ্ৰন্থখনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনগাথাক লিখা হৈছে, যিগৰাকী মহীয়সীয়ে অসমৰ প্ৰগতি, সামাজিক সংস্কাৰ আৰু মহিলাৰ সৱলীকৰণৰ দিশত উল্লেখনীয় অৱদান আগবঢ়াইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু