--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে আহিছে ভাল খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই অতিশীঘ্ৰে বিভিন্ন মাধ্যমত ৰাছিয়াৰ সৈতে কূটনৈতিক আলোচনা আৰম্ভ কৰিবলৈ হৈছে প্ৰস্তুত । বাইডেন প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে, তুৰ্কীৰ এক সংবাদ মাধ্যমে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে। বিষয়াজনে টেলি কনফাৰেন্সৰ জৰিয়তে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰেমলিনৰ সৈতে আৰু নাটো-ৰাছিয়া পৰিষদৰ জৰিয়তে আৰু ইউৰোপৰ নিৰাপত্তা আৰু সহযোগিতা সংস্থাৰ মাধ্যমেৰে পোনপটীয়াকৈ আলোচনাৰ বাবে আগ্ৰহী। যিকোনো আলোচনা পাৰস্পৰিক তাৰতম্যৰ ভিত্ততে গ্ৰহণযোগ্য হ'ব লাগিব আৰু ৰাছিয়াৰ কাৰ্যকলাপ সম্পৰ্কে আমাৰ উদ্বেগৰ সমাধানেই হ'ব একমাত্ৰ লক্ষ্য।‘


ইয়াৰ পূৰ্বেৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও কৰিছিল অনুৰূপ মন্তব্য। তেওঁ কয়, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই আগন্তুক বৰ্ষত জেনেভাত ৰাছিয়াৰ নিৰাপত্তা সন্দৰ্ভত আলোচনাত বহিবলৈ সন্মত হৈছে। ইফালে মস্কোৰ এক সংবাদমেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয়,ৰাছিয়াৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰস্তাৱটোৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিবাচক সঁহাৰি আগবঢ়াইছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আগন্তুক বৰ্ষৰ আৰম্ভণিতে জেনেভাত এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ সাজু হৈছে।‘


উল্লেখ্য যে, ইউক্ৰেইনৰ সীমান্ততৰাছিয়াৰ সামৰিক সমদলক লৈ পশ্চিমীয়া বিশ্বৰ সৈতে উত্তেজনা বিয়পি পৰাৰ সময়তে দুয়োপক্ষই আলোচনাৰ মজিয়ালৈ অহা কথাটো বিভিন্ন মাধ্যমত আলোচনা হৈছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মস্কোৱে ইউক্ৰেইনত আক্ৰমণৰ পৰিকল্পনা কৰা বলিও হৈছে চৰ্চা। অৱশ্যে, ৰাছিয়াই এই অভিযোগ খাৰিজ কৰিছে। দেশখনে তেওঁলোকৰ পূৰ্বাঞ্চলত নাটোৰ সম্প্ৰসাৰণ বিচৰা নাই বুলিও স্পষ্ট কৰি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ