--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে আহিছে ভাল খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই অতিশীঘ্ৰে বিভিন্ন মাধ্যমত ৰাছিয়াৰ সৈতে কূটনৈতিক আলোচনা আৰম্ভ কৰিবলৈ হৈছে প্ৰস্তুত । বাইডেন প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে, তুৰ্কীৰ এক সংবাদ মাধ্যমে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে। বিষয়াজনে টেলি কনফাৰেন্সৰ জৰিয়তে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰেমলিনৰ সৈতে আৰু নাটো-ৰাছিয়া পৰিষদৰ জৰিয়তে আৰু ইউৰোপৰ নিৰাপত্তা আৰু সহযোগিতা সংস্থাৰ মাধ্যমেৰে পোনপটীয়াকৈ আলোচনাৰ বাবে আগ্ৰহী। যিকোনো আলোচনা পাৰস্পৰিক তাৰতম্যৰ ভিত্ততে গ্ৰহণযোগ্য হ'ব লাগিব আৰু ৰাছিয়াৰ কাৰ্যকলাপ সম্পৰ্কে আমাৰ উদ্বেগৰ সমাধানেই হ'ব একমাত্ৰ লক্ষ্য।‘


ইয়াৰ পূৰ্বেৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও কৰিছিল অনুৰূপ মন্তব্য। তেওঁ কয়, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই আগন্তুক বৰ্ষত জেনেভাত ৰাছিয়াৰ নিৰাপত্তা সন্দৰ্ভত আলোচনাত বহিবলৈ সন্মত হৈছে। ইফালে মস্কোৰ এক সংবাদমেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয়,ৰাছিয়াৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰস্তাৱটোৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিবাচক সঁহাৰি আগবঢ়াইছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আগন্তুক বৰ্ষৰ আৰম্ভণিতে জেনেভাত এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ সাজু হৈছে।‘


উল্লেখ্য যে, ইউক্ৰেইনৰ সীমান্ততৰাছিয়াৰ সামৰিক সমদলক লৈ পশ্চিমীয়া বিশ্বৰ সৈতে উত্তেজনা বিয়পি পৰাৰ সময়তে দুয়োপক্ষই আলোচনাৰ মজিয়ালৈ অহা কথাটো বিভিন্ন মাধ্যমত আলোচনা হৈছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মস্কোৱে ইউক্ৰেইনত আক্ৰমণৰ পৰিকল্পনা কৰা বলিও হৈছে চৰ্চা। অৱশ্যে, ৰাছিয়াই এই অভিযোগ খাৰিজ কৰিছে। দেশখনে তেওঁলোকৰ পূৰ্বাঞ্চলত নাটোৰ সম্প্ৰসাৰণ বিচৰা নাই বুলিও স্পষ্ট কৰি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু