--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মহোবাৰ পৰা পোহৰলৈ আহিছে এক আশ্চৰ্যজনক ঘটনা। এগৰাকী যুৱতীৰ ওচৰলৈ বাৰে বাৰে আহি থাকে নাগ।  এই সাপে ছোৱালীজনীক চাৰি বছৰত ১৩ বাৰ দংশন কৰিলে, আচৰিত কথাটো হ'ল ছোৱালীজনী এতিয়াও সুৰক্ষিত অৱস্থাত আছে। 

একাংশই এই ঘটনাক নাগ-নাগিনৰ প্ৰেম কাহিনীৰ সৈতে সংযোগ কৰিছে, আন কোনোৱে ইয়াক পূৰ্বজন্মৰ অসম্পূৰ্ণ কাহিনী বুলি অভিহিত কৰিছে। গাঁওবাসীয়ে কয় যে যুৱতীগৰাকী আগৰ জনমত নাগিন আছিল। সেয়েহে নাগিনৰ সন্ধানত নাগ বাৰে বাৰে আহি উপস্থিত হয়। বৰ্তমান সময়ত সাপ আৰু ছোৱালীজনীক লৈ অঞ্চলটোত বিভিন্ন ধৰণৰ আলোচনা চলি আছে। 

গোটেই ঘটনাটো চৰখাৰি তহচিলৰ পঞ্চমপুৰা গাঁৱৰ। চাৰি বছৰত ১৩ বাৰ সাপে খোঁটা কথাটোক গাঁওবাসীয়ে সহজভাৱে লব পৰা নাই। বুধবাৰে শেষবাৰৰ বাবে সাপটোৱে তেওঁক বুঢ়া আঙুলিত খুঁটিছিল। ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, বৰ্তমান তেওঁ বিপদমুক্ত।  

গাঁওবাসীৰ মাজত চৰ্চা চলিছে যে পূৰ্বৰ জীৱনৰ আধৰুৱা প্ৰেম কাহিনীৰ বাবেই সাপটোৱে বাৰে বাৰে আহি ছোৱালীজনীক দংশন কৰি হত্যা কৰিব বিচাৰে। যাতে পৰৱৰ্তী জীৱনত তেওঁৰ লগত একেলগে থাকিব পাৰে।

পঞ্চমপুৰাৰ বাসিন্দা ধনপটে জনোৱা মতে, বুধবাৰে তেওঁৰ ২০ বছৰীয়া কন্যা ৰোশনী চোতালতে বহি আছিল। তেনেতে ক’লা সাপ এটা আহি তেওঁৰ বুঢ়া আঙুলিটোত খুঁট মাৰে। যেতিয়া তেওঁলোকে সাপটোক ধৰি মাৰি মাৰিবলৈ চেষ্টা কৰিলে, তেতিয়া সেই সাপটো নোহোৱা হৈ গ’ল। পৰিয়ালৰ লোকৰ মতে ঘৰখনত সৰু সৰু ল’ৰা-ছোৱালী আৰু আন মানুহ বহুত আছে যদিও সাপটোৱে আহি কেৱল ৰোশনীকহে দংশন কৰে। 

ৰাইজৰ পৰামৰ্শ মতে তেওঁলোকে সকলো পদ্ধতি চেষ্টা কৰিলে, কিন্তু কোনো সকাহ পোৱা নাই। অসম্পূৰ্ণ প্ৰেম কাহিনীক লৈ গাঁওখনত তীব্ৰ আলোচনা চলিছে। অৱশ্যে একাংশ লোকে ইয়াক কাকতলীয় বুলিও অভিহিত কৰিছে।


ৰোশনীৰ মাতৃয়ে জনোৱা মতে, দেওবাৰ বা বুধবাৰেহে সাপে কন্যাক দংশন কৰে। বেলগ বাৰত দংশন নকৰে। এইবাৰো বুধবাৰে ছোৱালীজনীক খুঁট মাৰে সাপটোৱে। চিকিৎসালয়ৰ উপৰি জৰা-ফুঁকা কৰিও সকাহ পোৱা নাই ৰোশনীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা