--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ বজাৰত বিক্ৰী হ্ৰাস হৈছে গাড়ীৰ৷ যোৱা ডিচেম্বৰ মাহত ভাৰতৰ বজাৰত গাড়ীৰ বিক্ৰীৰ হাৰ ১৩ শতাংশ হ্ৰাস পাইছে৷ জানিব পৰা মতে, বিশ্বৰ বজাৰত ছেমিকণ্ডাক্টৰৰ নাটনিৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবেই ভাৰতত গাড়ীৰ বিক্ৰী হ্ৰাস হোৱা বুলি ধাৰণা কৰা হৈছে৷ দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বিগত ডিচেম্বৰ মাহত গ্ৰাহকৰ চাহিদা অনুসৰি গাড়ী যোগান ধৰিব নোৱাৰিলে৷ আনহাতে, গাড়ী বিক্ৰীৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বৃদ্ধি কৰি গৈছে গাড়ীৰ দাম৷ চলিত বিত্তীয় বৰ্ষত তৃতীয়বাৰৰ বাবে মাৰুতি ছুজুকীয়ে গাড়ীৰ দাম বৃদ্ধি কৰিছে৷ নিৰ্মাণ ব্যয় বৃদ্ধি হোৱা বাবেই গাড়ীৰ দাম বৃদ্ধি কৰা বুলি প্ৰতিষ্ঠানটোৱে সদৰি কৰিছে৷ ইপিনে, গাড়ীৰ সৰঞ্জাম নিৰ্মাতা প্ৰতিষ্ঠান এছ’চিয়েচন চমুকৈ একমাই চৰকাৰক গাড়ীৰ সৰঞ্জামত জিএছটিৰ হাৰ ১৩ শতাংশকৈ আৰোপ কৰিবলৈ আহ্বান জনাইছে৷ সংগঠনটোৰ মতে, গাড়ীৰ সৰঞ্জামত ১৮ শতাংশকৈ সমান হাৰত জিএছটি আৰোপ কৰিলে দেশত ক্ৰমবৰ্ধমান নকল সৰঞ্জামত নাকী লগাব পাৰিব বুলি একমাৰ অধ্যক্ষ সঞ্জয় কুমাৰে সদৰি কৰিছে৷ গাড়ীৰ বিক্ৰী হ্ৰাস হোৱাৰ প্ৰভাৱ অসমৰ গাড়ী ব্যৱসায়তো পৰিছে৷ দেখা গৈছে, অসমতো অসমীয়া ব্যৱসায়ীৰ গাড়ীৰ শ্ব’ৰূম বন্ধ হৈ পৰিছে৷ দেশজুৰি হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ প্ৰভাৱ পৰিছে অসমতো৷ তাৰেই প্ৰতিফলন অসমত বন্ধ হৈ পৰা গাড়ীৰ ব্যৱসায়৷ অসমৰ এইসকল প্ৰথম প্ৰজন্মৰ অসমীয়া ব্যৱসায়ী৷ এওঁলোকৰ ব্যৱসায় এনেদৰে বন্ধ হৈ পৰাতো অসমৰ ব্যৱসায়িক ক্ষেত্ৰ তথা সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতিৰ বাবে গভীৰ উদ্বেগৰ বিষয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ