--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ বজাৰত বিক্ৰী হ্ৰাস হৈছে গাড়ীৰ৷ যোৱা ডিচেম্বৰ মাহত ভাৰতৰ বজাৰত গাড়ীৰ বিক্ৰীৰ হাৰ ১৩ শতাংশ হ্ৰাস পাইছে৷ জানিব পৰা মতে, বিশ্বৰ বজাৰত ছেমিকণ্ডাক্টৰৰ নাটনিৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবেই ভাৰতত গাড়ীৰ বিক্ৰী হ্ৰাস হোৱা বুলি ধাৰণা কৰা হৈছে৷ দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বিগত ডিচেম্বৰ মাহত গ্ৰাহকৰ চাহিদা অনুসৰি গাড়ী যোগান ধৰিব নোৱাৰিলে৷ আনহাতে, গাড়ী বিক্ৰীৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বৃদ্ধি কৰি গৈছে গাড়ীৰ দাম৷ চলিত বিত্তীয় বৰ্ষত তৃতীয়বাৰৰ বাবে মাৰুতি ছুজুকীয়ে গাড়ীৰ দাম বৃদ্ধি কৰিছে৷ নিৰ্মাণ ব্যয় বৃদ্ধি হোৱা বাবেই গাড়ীৰ দাম বৃদ্ধি কৰা বুলি প্ৰতিষ্ঠানটোৱে সদৰি কৰিছে৷ ইপিনে, গাড়ীৰ সৰঞ্জাম নিৰ্মাতা প্ৰতিষ্ঠান এছ’চিয়েচন চমুকৈ একমাই চৰকাৰক গাড়ীৰ সৰঞ্জামত জিএছটিৰ হাৰ ১৩ শতাংশকৈ আৰোপ কৰিবলৈ আহ্বান জনাইছে৷ সংগঠনটোৰ মতে, গাড়ীৰ সৰঞ্জামত ১৮ শতাংশকৈ সমান হাৰত জিএছটি আৰোপ কৰিলে দেশত ক্ৰমবৰ্ধমান নকল সৰঞ্জামত নাকী লগাব পাৰিব বুলি একমাৰ অধ্যক্ষ সঞ্জয় কুমাৰে সদৰি কৰিছে৷ গাড়ীৰ বিক্ৰী হ্ৰাস হোৱাৰ প্ৰভাৱ অসমৰ গাড়ী ব্যৱসায়তো পৰিছে৷ দেখা গৈছে, অসমতো অসমীয়া ব্যৱসায়ীৰ গাড়ীৰ শ্ব’ৰূম বন্ধ হৈ পৰিছে৷ দেশজুৰি হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ প্ৰভাৱ পৰিছে অসমতো৷ তাৰেই প্ৰতিফলন অসমত বন্ধ হৈ পৰা গাড়ীৰ ব্যৱসায়৷ অসমৰ এইসকল প্ৰথম প্ৰজন্মৰ অসমীয়া ব্যৱসায়ী৷ এওঁলোকৰ ব্যৱসায় এনেদৰে বন্ধ হৈ পৰাতো অসমৰ ব্যৱসায়িক ক্ষেত্ৰ তথা সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতিৰ বাবে গভীৰ উদ্বেগৰ বিষয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু