--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। ইয়াৰ ৭০ শতাংশ লোকেই জড়িত কৃষিখণ্ডৰে। কৃষকসকলে একেডোখৰ মাটিতে ঋতু অনুযায়ী বিভিন্ন ধৰণে খেতি কৰাৰ বাবে মাটিৰ অনুৰ্বৰ হৈ পৰে অৰ্থাৎ উৎপাদন শক্তি কমিবলৈ ধৰে। আনহাতে, ভাৰতবৰ্ষ এখন জনবহুল দেশ হোৱাৰ বাবেই কৃষকসকলে বৰ্ধিত চাহিদা পূৰাবলৈ অত্যধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগে ৫০ শতাংশ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ লোকসভা সমষ্টি গান্ধীনগৰৰ এখন সভাত অংশ লৈ কৃষকসকলক ৰাসায়নিক সাৰৰ সলনি প্ৰাকৃতিক আৰু সাৰবিহীনভাৱে খেতি কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ‘ভাৰতীয় কৃষিয়ে এক ভয়ংকৰ ভৱিষ্যতৰ দিশে ধাৱমান হৈছে।’ এইদৰে ৰাসায়নিক সাৰৰ প্ৰয়োগে কৃষিখণ্ডত উৎপাদিত শস্যবোৰ বিষাক্ত হৈ পৰাৰ লগতে আগন্তুক ১০-১৫ বছৰৰ ভিতৰত আমাৰ ভূখণ্ডৰ পানীভাগো সমানে বিষাক্ত হৈ পৰিব আৰু বিজ্ঞানীসকলে শংকা কৰা মতেই আমাৰ দেশত কৰ্কট ৰোগৰ সংখ্যা ৫০ শতাংশলৈ বৃদ্ধি পাব। মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগে ভয়ংকৰ বিপদ কঢ়িয়াব পাৰে দেশৰ জলপৃষ্ঠলৈ। কাৰণ কৃষিখণ্ডত ব্যৱহাৰ কৰা সাৰ পানীৰ লগত ভূগৰ্ভলৈও সম্প্ৰসাৰিত হৈ পৰে। ইয়াৰ ফলত দেশৰ জলপৃষ্ঠ দূষিত হ’ব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ সমষ্টিত কৃষকক সম্বোধন কৰি কৃষকসকলক গৰু আৰু গোবৰৰ পৰা তৈয়াৰ কৰা জৈৱিক সাৰে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। লগতে গোবৰে মাটিৰ জৈৱ-কাৰ্বন ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰে। গোহালিৰ আৱৰ্জনাৰ পৰা হোৱা পামসাৰ, পচনসাৰ, কেঁচুসাৰ আদিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। আনহাতে, জৈৱিক সাৰৰ প্ৰয়োগে মিথেন নিৰ্গমণৰ লগতে মাটিত কাৰ্বনৰ পৰিমাণ বৃদ্ধি কৰে। শ্বাহে লগতে সদৰী কৰে যে গুজৰাটত ইতিমধ্যে ২ লাখ কৃষকে জৈৱিক পদ্ধতিৰে কৃষি খণ্ডত খোজ দিছে আৰু মাত্ৰ দুবছৰত সলনি কৰি কৃষি ক্ষেত্ৰখনক প্ৰভাৱিত কৰিছে। অৱেশ্য প্ৰাকৃতিক কৃষি পদ্ধতিৰ দ্বাৰা ৫০ শতাংশ পানী ব্যৱহাৰ কম হোৱাও পৰিলক্ষিত হয়। তেওঁৰ সমষ্টিত ২০২২ৰ পৰা গান্ধীনগৰৰ প্ৰত্যেক গাঁৱৰ কমেও ১৫জন কৃষকক উৎসাহ যোগাবলৈ কৃষি বিষয়াসকলকো আহ্বান জনায়। ইফালে, গৱেষকসকলৰ মতে সহজলভ্য জৈৱিক সাৰৰ প্ৰয়োগে শস্য উৎপাদনত প্ৰধান ভূমিকা পালন কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ অভিশাপক এক আশীৰ্বাদ হিচাপে প্ৰধান ভূমিকা পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু