--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। ইয়াৰ ৭০ শতাংশ লোকেই জড়িত কৃষিখণ্ডৰে। কৃষকসকলে একেডোখৰ মাটিতে ঋতু অনুযায়ী বিভিন্ন ধৰণে খেতি কৰাৰ বাবে মাটিৰ অনুৰ্বৰ হৈ পৰে অৰ্থাৎ উৎপাদন শক্তি কমিবলৈ ধৰে। আনহাতে, ভাৰতবৰ্ষ এখন জনবহুল দেশ হোৱাৰ বাবেই কৃষকসকলে বৰ্ধিত চাহিদা পূৰাবলৈ অত্যধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগে ৫০ শতাংশ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ লোকসভা সমষ্টি গান্ধীনগৰৰ এখন সভাত অংশ লৈ কৃষকসকলক ৰাসায়নিক সাৰৰ সলনি প্ৰাকৃতিক আৰু সাৰবিহীনভাৱে খেতি কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ‘ভাৰতীয় কৃষিয়ে এক ভয়ংকৰ ভৱিষ্যতৰ দিশে ধাৱমান হৈছে।’ এইদৰে ৰাসায়নিক সাৰৰ প্ৰয়োগে কৃষিখণ্ডত উৎপাদিত শস্যবোৰ বিষাক্ত হৈ পৰাৰ লগতে আগন্তুক ১০-১৫ বছৰৰ ভিতৰত আমাৰ ভূখণ্ডৰ পানীভাগো সমানে বিষাক্ত হৈ পৰিব আৰু বিজ্ঞানীসকলে শংকা কৰা মতেই আমাৰ দেশত কৰ্কট ৰোগৰ সংখ্যা ৫০ শতাংশলৈ বৃদ্ধি পাব। মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগে ভয়ংকৰ বিপদ কঢ়িয়াব পাৰে দেশৰ জলপৃষ্ঠলৈ। কাৰণ কৃষিখণ্ডত ব্যৱহাৰ কৰা সাৰ পানীৰ লগত ভূগৰ্ভলৈও সম্প্ৰসাৰিত হৈ পৰে। ইয়াৰ ফলত দেশৰ জলপৃষ্ঠ দূষিত হ’ব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ সমষ্টিত কৃষকক সম্বোধন কৰি কৃষকসকলক গৰু আৰু গোবৰৰ পৰা তৈয়াৰ কৰা জৈৱিক সাৰে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। লগতে গোবৰে মাটিৰ জৈৱ-কাৰ্বন ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰে। গোহালিৰ আৱৰ্জনাৰ পৰা হোৱা পামসাৰ, পচনসাৰ, কেঁচুসাৰ আদিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। আনহাতে, জৈৱিক সাৰৰ প্ৰয়োগে মিথেন নিৰ্গমণৰ লগতে মাটিত কাৰ্বনৰ পৰিমাণ বৃদ্ধি কৰে। শ্বাহে লগতে সদৰী কৰে যে গুজৰাটত ইতিমধ্যে ২ লাখ কৃষকে জৈৱিক পদ্ধতিৰে কৃষি খণ্ডত খোজ দিছে আৰু মাত্ৰ দুবছৰত সলনি কৰি কৃষি ক্ষেত্ৰখনক প্ৰভাৱিত কৰিছে। অৱেশ্য প্ৰাকৃতিক কৃষি পদ্ধতিৰ দ্বাৰা ৫০ শতাংশ পানী ব্যৱহাৰ কম হোৱাও পৰিলক্ষিত হয়। তেওঁৰ সমষ্টিত ২০২২ৰ পৰা গান্ধীনগৰৰ প্ৰত্যেক গাঁৱৰ কমেও ১৫জন কৃষকক উৎসাহ যোগাবলৈ কৃষি বিষয়াসকলকো আহ্বান জনায়। ইফালে, গৱেষকসকলৰ মতে সহজলভ্য জৈৱিক সাৰৰ প্ৰয়োগে শস্য উৎপাদনত প্ৰধান ভূমিকা পালন কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ অভিশাপক এক আশীৰ্বাদ হিচাপে প্ৰধান ভূমিকা পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ