--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰ সুস্থ কৰি ৰাখিবলৈ বৃক্ক সুস্থ হোৱাটো অতি প্ৰয়োজন। ইয়াৰ সহায়ত আমি শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰো, কিন্তু আমাৰ খাদ্যাভ্যাসে বৃক্কত প্ৰভাৱ পেলায়। সেয়েহে সুস্থ স্বাস্থ্যৰ বাবে বৃক্ক সুস্থ কৰি ৰখাটো অতি আৱশ্যক। আজি আমি এনে কিছুমান অভ্যাসৰ বিষয়ে জানিম যাৰ ফলত বৃক্কৰ ক্ষতিৰ আশংকা বৃদ্ধি কৰে। কোনটো অভ্যাসে বৃক্কৰ ক্ষতি কৰিব পাৰে জানো আহক।

 ১. বিষনাশক দৰবৰ অতিমাত্ৰা ব্যৱহাৰঃ-যদি আপুনি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ অধিক মাত্ৰাত বিষনাশক দৰব সেৱন কৰে, তেন্তে ই আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ যদি ইতিমধ্যে বৃক্কৰ ৰোগত আক্ৰান্ত হয়, তেন্তে এই ক্ষতিৰ আশংকা দুগুণে বৃদ্ধি কৰে। সেয়েহে কেতিয়াও বিষনাশক ঔষধ ব্যৱহাৰ কৰিব নালাগে।

২. অধিক নিমখ গ্ৰহণঃ-অধিক নিমখযুক্ত খাদ্যত ছ’ডিয়াম অধিক হোৱাৰ প্ৰৱণতা থাকে, যিয়ে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু পাছলৈ আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। নিমখৰ সলনি বনৌষধি আৰু মছলাৰে খাদ্যৰ সোৱাদ বঢ়োৱাৰ চেষ্টা কৰিব লাগে।

৩. প্ৰচেছড খাদ্য গ্ৰহণ কৰাঃ-প্ৰচেছড খাদ্যত ছ’ডিয়াম আৰু ফছফৰাছ অধিক মাত্ৰাত থাকে, যিটো আপোনাৰ বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ বাহিৰেও অধিক পৰিমাণে ফছফৰাছ সেৱনে আপোনাৰ বৃক্কৰ লগতে হাড়ৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে।

৪. পৰ্যাপ্ত পৰিমাণে পানী নোখোৱাঃ-কিডনী সুস্থ কৰি ৰাখিবলৈ শৰীৰৰ খাদ্যাভ্যাস ৰখাটো অতি প্ৰয়োজন। বিশেষকৈ যদি আপুনি পৰ্যাপ্ত পৰিমাণে পানী নাখায় তেন্তে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে অধিক পৰিমাণে পানী খোৱা অভ্যাগ গঢ়ি তোলক।

৫. পৰ্যাপ্ত টোপনি নোপোৱাঃ-কিডনী সুস্থ কৰি ৰাখিবলৈ ভাল আৰু গভীৰ টোপনিৰ প্ৰয়োজন। ইয়াৰ বাবে ২৪ ঘণ্টাত কমেও ৮ ঘণ্টা সময় শুব লাগে।

৬. অধিক মাংস খোৱাঃ-মাংস অত্যধিক সেৱনৰ ফলত তেজত অধিক পৰিমাণৰ এচিড উৎপন্ন হয় যি বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে আৰু এচিড’ছিছৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বৃক্ক সুস্থ কৰি ৰাখিবলৈ অধিক মাংস সেৱনৰ পৰা বিৰত থাকক

৭. চেনিযুক্ত খাদ্যঃ চেনিয়ে মেদবহুলতাত প্ৰভাৱ পেলায়। বেছিকৈ চেনি খালে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগ হ’ব পাৰে। ইয়াৰ ফলত বৃক্কৰ ক্ষতি হোৱাৰ আশংকা বাঢ়ি যায়।

৮. ধূমপান কৰাঃ-ধূমপানে কেৱল হাওঁফাওঁ আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলোৱাই নহয়, ই বৃক্কৰো ক্ষতি কৰিব পাৰে। অধিক পৰিমাণে ধূমপান কৰিলে প্ৰস্ৰাৱত প্ৰটিনৰ সৃষ্টি হ’ব পাৰে যিয়ে বৃক্কৰ ক্ষতিৰ মাত্ৰা বৃদ্ধি কৰে।

৯. মদ্যপান কৰাঃ-যদি আপুনি দৈনিক মদ্যপান কৰে তেন্তে আপোনাৰ এই অভ্যাস ত্যাগ কৰা উচিত। ইয়াৰ বাবে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

১০. বহু সময় ধৰি বহি থাকিলেঃ-বেছি সময় বহি থাকিলেও কিডনীৰ ক্ষতি হ’ব পাৰে। কিন্তু বহি থকা সময় বা শাৰীৰিক কাৰ্যকলাপে বৃক্কৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় কিয় বা কেনেদৰে এতিয়াও গৱেষকসকলে গৱেষণা অব্যাহত ৰাখিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু