--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰ সুস্থ কৰি ৰাখিবলৈ বৃক্ক সুস্থ হোৱাটো অতি প্ৰয়োজন। ইয়াৰ সহায়ত আমি শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰো, কিন্তু আমাৰ খাদ্যাভ্যাসে বৃক্কত প্ৰভাৱ পেলায়। সেয়েহে সুস্থ স্বাস্থ্যৰ বাবে বৃক্ক সুস্থ কৰি ৰখাটো অতি আৱশ্যক। আজি আমি এনে কিছুমান অভ্যাসৰ বিষয়ে জানিম যাৰ ফলত বৃক্কৰ ক্ষতিৰ আশংকা বৃদ্ধি কৰে। কোনটো অভ্যাসে বৃক্কৰ ক্ষতি কৰিব পাৰে জানো আহক।

 ১. বিষনাশক দৰবৰ অতিমাত্ৰা ব্যৱহাৰঃ-যদি আপুনি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ অধিক মাত্ৰাত বিষনাশক দৰব সেৱন কৰে, তেন্তে ই আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ যদি ইতিমধ্যে বৃক্কৰ ৰোগত আক্ৰান্ত হয়, তেন্তে এই ক্ষতিৰ আশংকা দুগুণে বৃদ্ধি কৰে। সেয়েহে কেতিয়াও বিষনাশক ঔষধ ব্যৱহাৰ কৰিব নালাগে।

২. অধিক নিমখ গ্ৰহণঃ-অধিক নিমখযুক্ত খাদ্যত ছ’ডিয়াম অধিক হোৱাৰ প্ৰৱণতা থাকে, যিয়ে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু পাছলৈ আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। নিমখৰ সলনি বনৌষধি আৰু মছলাৰে খাদ্যৰ সোৱাদ বঢ়োৱাৰ চেষ্টা কৰিব লাগে।

৩. প্ৰচেছড খাদ্য গ্ৰহণ কৰাঃ-প্ৰচেছড খাদ্যত ছ’ডিয়াম আৰু ফছফৰাছ অধিক মাত্ৰাত থাকে, যিটো আপোনাৰ বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ বাহিৰেও অধিক পৰিমাণে ফছফৰাছ সেৱনে আপোনাৰ বৃক্কৰ লগতে হাড়ৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে।

৪. পৰ্যাপ্ত পৰিমাণে পানী নোখোৱাঃ-কিডনী সুস্থ কৰি ৰাখিবলৈ শৰীৰৰ খাদ্যাভ্যাস ৰখাটো অতি প্ৰয়োজন। বিশেষকৈ যদি আপুনি পৰ্যাপ্ত পৰিমাণে পানী নাখায় তেন্তে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে অধিক পৰিমাণে পানী খোৱা অভ্যাগ গঢ়ি তোলক।

৫. পৰ্যাপ্ত টোপনি নোপোৱাঃ-কিডনী সুস্থ কৰি ৰাখিবলৈ ভাল আৰু গভীৰ টোপনিৰ প্ৰয়োজন। ইয়াৰ বাবে ২৪ ঘণ্টাত কমেও ৮ ঘণ্টা সময় শুব লাগে।

৬. অধিক মাংস খোৱাঃ-মাংস অত্যধিক সেৱনৰ ফলত তেজত অধিক পৰিমাণৰ এচিড উৎপন্ন হয় যি বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে আৰু এচিড’ছিছৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বৃক্ক সুস্থ কৰি ৰাখিবলৈ অধিক মাংস সেৱনৰ পৰা বিৰত থাকক

৭. চেনিযুক্ত খাদ্যঃ চেনিয়ে মেদবহুলতাত প্ৰভাৱ পেলায়। বেছিকৈ চেনি খালে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগ হ’ব পাৰে। ইয়াৰ ফলত বৃক্কৰ ক্ষতি হোৱাৰ আশংকা বাঢ়ি যায়।

৮. ধূমপান কৰাঃ-ধূমপানে কেৱল হাওঁফাওঁ আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলোৱাই নহয়, ই বৃক্কৰো ক্ষতি কৰিব পাৰে। অধিক পৰিমাণে ধূমপান কৰিলে প্ৰস্ৰাৱত প্ৰটিনৰ সৃষ্টি হ’ব পাৰে যিয়ে বৃক্কৰ ক্ষতিৰ মাত্ৰা বৃদ্ধি কৰে।

৯. মদ্যপান কৰাঃ-যদি আপুনি দৈনিক মদ্যপান কৰে তেন্তে আপোনাৰ এই অভ্যাস ত্যাগ কৰা উচিত। ইয়াৰ বাবে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

১০. বহু সময় ধৰি বহি থাকিলেঃ-বেছি সময় বহি থাকিলেও কিডনীৰ ক্ষতি হ’ব পাৰে। কিন্তু বহি থকা সময় বা শাৰীৰিক কাৰ্যকলাপে বৃক্কৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় কিয় বা কেনেদৰে এতিয়াও গৱেষকসকলে গৱেষণা অব্যাহত ৰাখিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক