--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰতি বছৰে ভাৰতত লাখ লাখ লোক ডায়েবেটিছৰ চিকাৰ হৈ আহিছে। আমি জনাত দুবিধ ডায়েবেটিছ ৰোগ আছে, কিন্তু কিছুমানৰ ক্ষেত্ৰত টাইপ-৩ ডায়েবেটিছো হোৱা দেখা যায়। ভুল খাদ্যাভ্যাস, পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে ডায়েবেটিছৰ সমস্যা নিতৌ বৃদ্ধি পাইছে। এই লেখাত ইয়াত আমি ডায়েবেটিছৰ বিষয়ে বিতংভাৱে জানো আহক।

ডায়েবেটিছ টাইপ-১
ইয়াক ডায়েবেটিছৰ প্ৰথম পৰ্যায় বুলি কোৱা হয়। টাইপ-১ ডায়েবেটিছক কিছুদিনৰ বাবে জুভেনাইল ডায়েবেটিছ বা ইনচুলিন-নিৰ্ভৰশীল ডায়েবেটিছ বুলিও কোৱা হয়। এই পৰ্যায়ত ৰোগীৰ শৰীৰৰ পেনক্ৰিয়াছে ইনচুলিন কম বা একেবাৰেই তৈয়াৰ নকৰে। জেনেটিক্স আৰু কিছুমান বিশেষ ভাইৰাছে টাইপ-১ ডায়েবেটিছৰ সৃষ্টি কৰিব পাৰে। সাধাৰণতে মানুহৰ শৈশৱ বা কৈশোৰ কালত ই বিকশিত হ’বলৈ আৰম্ভ কৰে। টাইপ-১ ডায়েবেটিছৰ কোনো নিৰাময় নাই। ইনচুলিন, সুষম খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ দ্বাৰা ইয়াক কম মাত্ৰাত নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।
 
ডায়েবেটিছ টাইপ-২
টাইপ-২ ডায়েবেটিছৰ বাবে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন, স্নায়ু, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়। ডায়েবেটিছৰ এই পৰ্যায়ত ৰোগীৰ শৰীৰৰ পেনক্ৰিয়াছে প্ৰয়োজন অনুসৰি বা পৰ্যাপ্ত পৰিমাণত ইনচুলিন তৈয়াৰ কৰিবলৈ সক্ষম নহয়।

ডায়েবেটিছ টাইপ-৩
টাইপ-৩ ডায়েবেটিছ অতি বিৰল। কেতিয়াবা কিছুমান ক্ষেত্ৰত ইয়াৰ উল্লেখ কৰা হয় যেতিয়া টাইপ-২ ডায়েবেটিছ ৰোগী এজন চিকিৎসাৰ সময়ত বা পাছত আলঝাইমাৰ ৰোগত আক্ৰান্ত হয়। আলঝাইমাৰ ৰোগ, য’ত মানুহৰ স্মৃতিশক্তি দুৰ্বল হৈ পৰে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল এক বিশেষ ধৰণৰ ইনচুলিনৰ প্ৰতিৰোধ ক্ষমতা আৰু ইনচুলিন প্ৰয়োগ কৰিলে মগজুৱে একেবাৰেই কাম নকৰে। চিকিৎসকৰ মতে, এই তিনিটাৰ ভিতৰত আটাইতকৈ গুৰুতৰ পৰ্যায়টো টাইপ-৩ ডায়েবেটিছ।
 
টাইপ-৩ ডায়েবেটিছৰ লক্ষণ-
স্মৃতিশক্তি হেৰুৱাই পেলোৱাৰ ফলত দৈনন্দিন কাম-কাজ আৰু সামাজিক যোগাযোগত প্ৰভাৱ পেলায়। কাম সম্পূৰ্ণ কৰাত অসুবিধা অনুভৱ কৰে আৰু সঠিক সিদ্ধান্ত ল’ব নোৱাৰা হয়। ব্যক্তিত্ব বা আচৰণৰ ক্ষেত্ৰটো পৰিৱৰ্তন হোৱা দেখা যায়। লিখা, কোৱা আৰু বুজিবলৈ অসুবিধা অনুভৱ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু