--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰতি বছৰে ভাৰতত লাখ লাখ লোক ডায়েবেটিছৰ চিকাৰ হৈ আহিছে। আমি জনাত দুবিধ ডায়েবেটিছ ৰোগ আছে, কিন্তু কিছুমানৰ ক্ষেত্ৰত টাইপ-৩ ডায়েবেটিছো হোৱা দেখা যায়। ভুল খাদ্যাভ্যাস, পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে ডায়েবেটিছৰ সমস্যা নিতৌ বৃদ্ধি পাইছে। এই লেখাত ইয়াত আমি ডায়েবেটিছৰ বিষয়ে বিতংভাৱে জানো আহক।

ডায়েবেটিছ টাইপ-১
ইয়াক ডায়েবেটিছৰ প্ৰথম পৰ্যায় বুলি কোৱা হয়। টাইপ-১ ডায়েবেটিছক কিছুদিনৰ বাবে জুভেনাইল ডায়েবেটিছ বা ইনচুলিন-নিৰ্ভৰশীল ডায়েবেটিছ বুলিও কোৱা হয়। এই পৰ্যায়ত ৰোগীৰ শৰীৰৰ পেনক্ৰিয়াছে ইনচুলিন কম বা একেবাৰেই তৈয়াৰ নকৰে। জেনেটিক্স আৰু কিছুমান বিশেষ ভাইৰাছে টাইপ-১ ডায়েবেটিছৰ সৃষ্টি কৰিব পাৰে। সাধাৰণতে মানুহৰ শৈশৱ বা কৈশোৰ কালত ই বিকশিত হ’বলৈ আৰম্ভ কৰে। টাইপ-১ ডায়েবেটিছৰ কোনো নিৰাময় নাই। ইনচুলিন, সুষম খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ দ্বাৰা ইয়াক কম মাত্ৰাত নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।
 
ডায়েবেটিছ টাইপ-২
টাইপ-২ ডায়েবেটিছৰ বাবে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন, স্নায়ু, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়। ডায়েবেটিছৰ এই পৰ্যায়ত ৰোগীৰ শৰীৰৰ পেনক্ৰিয়াছে প্ৰয়োজন অনুসৰি বা পৰ্যাপ্ত পৰিমাণত ইনচুলিন তৈয়াৰ কৰিবলৈ সক্ষম নহয়।

ডায়েবেটিছ টাইপ-৩
টাইপ-৩ ডায়েবেটিছ অতি বিৰল। কেতিয়াবা কিছুমান ক্ষেত্ৰত ইয়াৰ উল্লেখ কৰা হয় যেতিয়া টাইপ-২ ডায়েবেটিছ ৰোগী এজন চিকিৎসাৰ সময়ত বা পাছত আলঝাইমাৰ ৰোগত আক্ৰান্ত হয়। আলঝাইমাৰ ৰোগ, য’ত মানুহৰ স্মৃতিশক্তি দুৰ্বল হৈ পৰে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল এক বিশেষ ধৰণৰ ইনচুলিনৰ প্ৰতিৰোধ ক্ষমতা আৰু ইনচুলিন প্ৰয়োগ কৰিলে মগজুৱে একেবাৰেই কাম নকৰে। চিকিৎসকৰ মতে, এই তিনিটাৰ ভিতৰত আটাইতকৈ গুৰুতৰ পৰ্যায়টো টাইপ-৩ ডায়েবেটিছ।
 
টাইপ-৩ ডায়েবেটিছৰ লক্ষণ-
স্মৃতিশক্তি হেৰুৱাই পেলোৱাৰ ফলত দৈনন্দিন কাম-কাজ আৰু সামাজিক যোগাযোগত প্ৰভাৱ পেলায়। কাম সম্পূৰ্ণ কৰাত অসুবিধা অনুভৱ কৰে আৰু সঠিক সিদ্ধান্ত ল’ব নোৱাৰা হয়। ব্যক্তিত্ব বা আচৰণৰ ক্ষেত্ৰটো পৰিৱৰ্তন হোৱা দেখা যায়। লিখা, কোৱা আৰু বুজিবলৈ অসুবিধা অনুভৱ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক