--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: খোজ কঢ়া বা বহি থাকোঁতে হাত-ভৰিৰ গাঁঠিত বিষ, জঠৰতা আৰু জঠৰ হোৱা এনে কিছুমান লক্ষণ, যিবোৰ হাড় দুৰ্বল হোৱাৰ লগতে গাঁঠিবোৰত তৈলাক্ত পদাৰ্থৰ অভাৱৰ লক্ষণ। যেতিয়া এজন ব্যক্তিৰ গাঁঠিত থকা লুব্ৰিকেণ্ট ক্ষয় হৈ যায় তেতিয়া তেওঁৰ প্ৰায়ে এনেধৰণৰ সমস্যা হ’ব পাৰে।

লুব্ৰিকেণ্ট কি?
হাড়ৰ গাঁঠিবোৰত এটা তৰল পদাৰ্থ থাকে, যিয়ে গাঁঠিবোৰক তৈলাক্ত কৰাৰ কাম কৰে যাতে হাড়বোৰ একেলগে লাগি নাযায়। ইয়াক কাৰ্টিলেজ আৰু চাইন’ভিয়াম বুলিও কোৱা হয়। সাধাৰণ ভাষাত ইয়াক জইণ্ট গ্রীজ বোলা হয়, অৰ্থাৎ গ্রীজে যিকোনো লোহাৰ অংশ মসৃণ কৰি ৰাখে।

বৃদ্ধ সকলৰ গাঁঠিৰ বিষ বা অন্যান্য ৰোগ পূৰ্বতে দেখা গৈছিল যদিও এতিয়া যুৱক-যুৱতীসকলো ইয়াৰ সন্মুখীন হৈছে। দৰাচলতে বহু সময় বহি বা থিয় হৈ থকা আদি বেয়া অভ্যাস, খাদ্যাভ্যাস বেয়া হোৱা আৰু অত্যধিক মদ্যপান কৰা আদিয়ে গাঁঠিবোৰত প্ৰভাৱ পেলায়। বয়স বৃদ্ধি, আঘাত বা অত্যধিক ওজন তুলিলে আপোনাৰ কাৰ্টিলেজৰ ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত এনে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে যিয়ে আপোনাৰ গাঁঠিৰ ক্ষতি কৰিব পাৰে আৰু বাতবিষৰ সৃষ্টি কৰিব পাৰে।

ৰঙা কেপচিকাম: কেপচিকাম খাবলৈ সুস্বাদু হোৱাৰ লগতে সামগ্ৰিক স্বাস্থ্যৰ বাবে এক উত্তম পাচলি। ৰেড কেপচিকামত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চিয়ে আপোনাৰ শৰীৰক কলাজেন তৈয়াৰ কৰাত সহায় কৰে আৰু আপোনাৰ গাঁঠিত নমনীয়তা আৰু শক্তি গঢ়ি তোলাত সহায় কৰে।

নহৰু আৰু পিঁয়াজঃ নহৰু আৰু পিয়াঁজ অবিহনে খাদ্যৰ সোৱাদৰ কথা ভাবিবই নোৱাৰি। এক প্ৰতিবেদন অনুসৰি এই দুয়োবিধ পাচলিত এটা শক্তিশালী চালফাৰ যৌগ থাকে, যিয়ে প্ৰদাহ আৰু বিষৰ বিৰুদ্ধে যুঁজ দিয়ে। যদি আপুনি আপোনাৰ গাঁঠিবোৰ শক্তিশালী আৰু নমনীয় কৰি তুলিব বিচাৰে, তেন্তে আপুনি শাক-পাচলিত ব্যৱহাৰ কৰাৰ লগতে কেঁচাকৈ খাব লাগে।

আদা: আদাত ওপৰোক্ত সকলোবোৰ গুণ আছে, গতিকে ই আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে। আদা প্ৰদাহ নিবাৰণকাৰী আৰু বিষ নিবাৰণকাৰী গুণ আছে। হাড় আৰু গাঁঠিৰ স্বাস্থ্য ৰক্ষাৰ বাবে আদা  কেঁচা ৰূপত সেৱন কৰিব লাগে।

বীন: বীন স্বাস্থ্য উপকাৰীতাৰে ভৰপূৰ। এই শাকত প্ৰটিন, অত্যাৱশ্যকীয় খনিজ পদাৰ্থ আৰু আঁহৰ এক বৃহৎ উৎস। বীনত উপস্থিত থকা যাদুকৰী ফ্লেভন’ইডবোৰৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে গাঁঠিৰ বিষ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু