--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় দেখিছে যে পাৰ্লাৰ বা ঘৰত কিছুমান মানুহে মূৰত টাৱেল দি গৰম পানীৰ ভাপ লয়, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কিয় এনে কৰা হয়, গতিকে আহকচোন জানো ইয়াৰ উত্তৰ। ভাপ লোৱাৰ সময়ত কিছুমান মানুহে গৰম পানীত নিম, নিমখ, নেমু আদি বস্তু মিহলাই দিয়ে। এইটো স্পষ্ট যে ইয়াৰ আঁৰত ছালৰ লগত জড়িত কিছুমান গোপন কথা আছে যিবোৰ কথা কিছুমানে জানে আৰু কিছুমানে নাজানে। 

মুখত গৰম ভাপ লোৱাৰ উপকাৰিতা কি 

১) পৰিষ্কাৰ কৰাঃ যিসকলে নিয়মিতভাৱে মুখত গৰম ভাপ লয় তেওঁলোকৰ ছালৰ ছিদ্ৰবোৰ খোল খায়, যিয়ে মলি আৰু মৃত ছালবোৰ আঁতৰায়। ই মুখখন পৰিষ্কাৰ কৰাত সহায় কৰে।

২) তেজৰ সঞ্চালনঃ আপুনি আপোনাৰ ছালখন যিমানেই যত্ন নলওক কিয়, কিন্তু কেতিয়াবা এনেকুৱাও হয় যে ইয়াক নিস্তেজ আৰু শুকান দেখা যায়, এনে অৱস্থাত মুখত গৰম ভাপ দিয়ক, ই ছালখনৰ তেজৰ সঞ্চালন উন্নত কৰাত অতি ফলপ্ৰসূ।

৩) ছালৰ সজীৱতাঃ  কেতিয়াবা পানীৰ অভাৱত আমাৰ মুখৰ ছালখন শুকান হ’বলৈ ধৰে। ছালৰ সজীৱতা বৃদ্ধি কৰিবলৈ আপুনি ফেচ ষ্টিমিং বা মুখত গৰম ভাপ দিব লাগে যাতে মুখৰ হাইড্ৰেচন অক্ষত থাকে, এনে কৰিলে আপোনাৰ মুখখন জিলিকি উঠিব।

৪) ছালখন যৌৱনপুষ্ট হ’বঃ গৰম ভাপ গ্ৰহণ কৰিলে মুখমণ্ডলত কলাজেন আৰু ইলাষ্টিনৰ উৎপাদন বৃদ্ধি পায়, যাৰ ফলত আমাৰ মুখখন যৌৱনপুষ্ট আৰু উজ্জ্বল যেন লাগে। সাধাৰণতে ছালৰ যত্ন বিশেষজ্ঞসকলে সপ্তাহত তিনিবাৰকৈ ভাপ ল’বলৈ পৰামৰ্শ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক