--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: কোৱা হয় যে ৰাতিপুৱাৰ আৰম্ভণি যিমানেই ভাল হ’ব সিমানেই আপোনাৰ দিনটো ভাল হ’ব। এই বস্তুটো ব্ৰেকফাষ্টৰ বাবে যথেষ্ট ভালদৰে খাপ খাই পৰে। ব্ৰেকফাষ্টত আমি খাদ্যত ফাইবাৰ, প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বি সেৱন কৰা উচিত যদিও কিছু সাৱধানতাও প্ৰয়োজনীয়। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত প্ৰখ্যাত ডায়েটিচিয়ান ডাঃ আয়ুষী যাদৱে কয় যে আমি ব্ৰেকফাষ্টত কিছুমান বস্তু একেবাৰেই খাব নালাগে নহলে স্বাস্থ্যৰ ক্ষতি হব পাৰে।

বগা ব্ৰেড

ৰাতিপুৱা অফিচলৈ যোৱাৰ আগত খৰখেদাত আমি প্ৰায়ে চাহ, জাম বা ঘিউৰ সৈতে বগা ব্ৰেড খাই ভাল পাওঁ, কিন্তু বগা ব্ৰেডত পুষ্টিকৰ উপাদান কম আৰু ইয়াৰ খোৱাৰ ফলত হজম শক্তিত বেয়া প্ৰভাৱ পৰে। মাল্টিগ্ৰেইন ব্ৰেডক ব্ৰেকফাষ্টৰ অংশ কৰি লোৱাটো ভাল।

কফি

বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ পাছত কফি খোৱাৰ অভ্যাস আছে, যদিও আপুনি কফি সেৱন কৰি সতেজ অনুভৱ কৰে, কিন্তু ই স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয়, খালী পেটত খালে হজম শক্তিত বেয়া প্ৰভাৱ পৰিব পাৰে। পেট ভৰ্তি হ’লেহে কফি খোৱা ভাল।

সোৱাদযুক্ত দৈ

আজিকালি ব্ৰেকফাষ্টত দৈৰ সলনি সোৱাদযুক্ত দৈ খোৱাৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে। কিন্তু এই খাদ্য সামগ্ৰীত চেনিৰ পৰিমাণ বেছি থাকে যিয়ে আমাৰ তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গতিকে ৰাতিপুৱা সেৱন নকৰিব।

পেকেটত ভৰোৱা ফলৰ ৰস

ৰাতিপুৱা ফলমূল আৰু ইয়াৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে সদায় উপকাৰী বুলি বিবেচিত হৈ আহিছে যদিও বজাৰত পোৱা পেকেটত ভৰোৱা ফলৰ ৰস কিছুমানে সেৱন কৰে।আপোনাৰো যদি এই অভ্যাস আছে তেন্তে আজিয়েই এই অভ্যাস এৰি দিয়ক কাৰণ পেকেটত ভৰোৱা জুচত থকা প্ৰিজাৰ্ভেটিভ আৰু চেনিৰ পৰিমাণ বেছি, যাৰ ফলত আমাৰ স্বাস্থ্য নষ্ট হ’ব পাৰে।

শস্য জাতীয় খাদ্য

যোৱা কেইবছৰমানৰ পৰা ব্ৰেকফাষ্টৰ সময়ত শস্যজাতীয় খাদ্য খোৱাৰ ধাৰা বহু বৃদ্ধি পাইছে যদিও ইয়াক প্ৰচেছ কৰি প্ৰস্তুত কৰি লোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে ভাল নহয়। ইয়াত গোটা শস্যৰ পৰিমাণ অতি কম থাকে আৰু চেনিৰ পৰিমাণ বেছি থাকে, গতিকে ইয়াৰ ফলত ডায়েবেটিছ, মেদবহুলতা আৰু হাৰ্ট এটেক হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী