--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। সুখী জীৱনৰ বাবে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। যেতিয়া হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়া হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। দৈনন্দিন জীৱনশৈলী বেয়া, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, টোপনিৰ অভাৱ, মানসিক চাপ হৃদৰোগ বৃদ্ধিৰ মূল কাৰণ।

ইয়াত আমি আপোনাক এনে ৫টা অভ্যাসৰ বিষয়ে ক'ম, যাৰ পৰা সাৱধান হৈ আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে।

১/ পৰ্যাপ্ত টোপনি নোপোৱা
আমাৰ শৰীৰৰ বাবে খাদ্য-পানীয় যিমানেই গুৰুত্বপূৰ্ণ, টোপনিও সমানেই গুৰুত্বপূৰ্ণ। সুস্থ হৃদযন্ত্ৰৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়। বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে দৈনিক ৭ ঘন্টাতকৈ কম টোপনি থাকিলে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল লোকে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বেছি।

২) শাৰীৰিক ক্ৰিয়া-কলাপ কমি যোৱা
আজিকালি জীৱনশৈলী হৃদৰোগৰ প্ৰধান কাৰণ। শাৰীৰিক কাৰ্যকলাপৰ অভাৱত মেদবহুলতা, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰলৰ সৃষ্টি হয়, যাৰ ফলত হৃদৰোগ হয়। সেয়ে নিয়মীয়াকৈ ব্যায়ামৰ অভ্যাস কৰক দৈনন্দিন কাম-কাজত। ইয়াৰ বাবে আপুনি খোজ কঢ়া, যোগাসন, সাঁতোৰ, চাইকেল চলোৱা কৰিব পাৰে।

৩/ অস্বাস্থ্যকৰ খাদ্যাভ্যাস
আমাৰ খাদ্য আৰু পানীয় আমাৰ হৃদযন্ত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। অস্বাস্থ্যকৰ আৰু প্ৰচেছড খাদ্য আমাৰ হৃদযন্ত্ৰৰ শত্ৰু। ইয়াৰ ফলত মেদবহুলতা, ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰল আদি বিপদৰ সৃষ্টি হয়।

৪/ অত্যধিক মানসিক চাপ লোৱা
আজিৰ যুগত মানসিক চাপ আমাৰ জীৱনৰ অংগ হৈ পৰিছে। কিন্তু অত্যধিক মানসিক চাপ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল নহয়। মানসিক চাপৰ বাবে ষ্ট্ৰেছ হৰম’ন কৰ্টিছল উৎপন্ন হয় যিয়ে কলেষ্টেৰল, ৰক্তচাপ আৰু ৰক্তশৰ্কৰা আদি ৰোগ বৃদ্ধি কৰে। মানসিক চাপ কমাবলৈ নিয়মিতভাৱে ব্যায়াম কৰা আৰু সঠিক টোপনি লোৱাটো অতি প্ৰয়োজনীয়।

৫/ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা নকৰা
নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। স্বাস্থ্য পৰীক্ষা কৰি আমি আৰম্ভণিতে সহজেই হৃদৰোগ ধৰা পেলাব পাৰো। যিটো হৃদৰোগ প্ৰতিৰোধৰ বাবে অতি গুৰুত্বপূৰ্ণ। উচ্চ বি পি, উচ্চ কলেষ্টেৰল প্ৰাৰম্ভিক হৃদৰোগ। আমি নিয়মীয়া পৰীক্ষাৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ