--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। সুখী জীৱনৰ বাবে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। যেতিয়া হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়া হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। দৈনন্দিন জীৱনশৈলী বেয়া, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, টোপনিৰ অভাৱ, মানসিক চাপ হৃদৰোগ বৃদ্ধিৰ মূল কাৰণ।

ইয়াত আমি আপোনাক এনে ৫টা অভ্যাসৰ বিষয়ে ক'ম, যাৰ পৰা সাৱধান হৈ আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে।

১/ পৰ্যাপ্ত টোপনি নোপোৱা
আমাৰ শৰীৰৰ বাবে খাদ্য-পানীয় যিমানেই গুৰুত্বপূৰ্ণ, টোপনিও সমানেই গুৰুত্বপূৰ্ণ। সুস্থ হৃদযন্ত্ৰৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়। বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে দৈনিক ৭ ঘন্টাতকৈ কম টোপনি থাকিলে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল লোকে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বেছি।

২) শাৰীৰিক ক্ৰিয়া-কলাপ কমি যোৱা
আজিকালি জীৱনশৈলী হৃদৰোগৰ প্ৰধান কাৰণ। শাৰীৰিক কাৰ্যকলাপৰ অভাৱত মেদবহুলতা, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰলৰ সৃষ্টি হয়, যাৰ ফলত হৃদৰোগ হয়। সেয়ে নিয়মীয়াকৈ ব্যায়ামৰ অভ্যাস কৰক দৈনন্দিন কাম-কাজত। ইয়াৰ বাবে আপুনি খোজ কঢ়া, যোগাসন, সাঁতোৰ, চাইকেল চলোৱা কৰিব পাৰে।

৩/ অস্বাস্থ্যকৰ খাদ্যাভ্যাস
আমাৰ খাদ্য আৰু পানীয় আমাৰ হৃদযন্ত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। অস্বাস্থ্যকৰ আৰু প্ৰচেছড খাদ্য আমাৰ হৃদযন্ত্ৰৰ শত্ৰু। ইয়াৰ ফলত মেদবহুলতা, ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰল আদি বিপদৰ সৃষ্টি হয়।

৪/ অত্যধিক মানসিক চাপ লোৱা
আজিৰ যুগত মানসিক চাপ আমাৰ জীৱনৰ অংগ হৈ পৰিছে। কিন্তু অত্যধিক মানসিক চাপ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল নহয়। মানসিক চাপৰ বাবে ষ্ট্ৰেছ হৰম’ন কৰ্টিছল উৎপন্ন হয় যিয়ে কলেষ্টেৰল, ৰক্তচাপ আৰু ৰক্তশৰ্কৰা আদি ৰোগ বৃদ্ধি কৰে। মানসিক চাপ কমাবলৈ নিয়মিতভাৱে ব্যায়াম কৰা আৰু সঠিক টোপনি লোৱাটো অতি প্ৰয়োজনীয়।

৫/ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা নকৰা
নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। স্বাস্থ্য পৰীক্ষা কৰি আমি আৰম্ভণিতে সহজেই হৃদৰোগ ধৰা পেলাব পাৰো। যিটো হৃদৰোগ প্ৰতিৰোধৰ বাবে অতি গুৰুত্বপূৰ্ণ। উচ্চ বি পি, উচ্চ কলেষ্টেৰল প্ৰাৰম্ভিক হৃদৰোগ। আমি নিয়মীয়া পৰীক্ষাৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো