--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: ধুনীয়া হৈ থকাটো সকলোৰে বিচাৰে৷ উজ্জ্বল, পৰিষ্কাৰ আৰু সুন্দৰ চেহেৰাৰ অধিকাৰী হ’বলৈ প্ৰতিজনৰে হেঁপাহ থাকে৷ আপোনাৰ মুখৰ ছালখন হৈছে এনে এখন দাপোণ য’ত প্ৰতিফলিত হয় শৰীৰৰ ভিতৰৰ স্বাস্থ্য। যদি আমাৰ শৰীৰ সবল হয় তেন্তে ছাল উজ্জ্বল আৰু পৰিষ্কাৰো হ’ব। শৰীৰৰ স্বাস্থ্য বেয়া হ’লে ছাল নিস্তেজ, শুকান, দাগ থকা আৰু বয়সৰ ছাপ পৰা হয়। সেয়েহে আমি নিয়মিত ছালৰ যত্ন লোৱা উচিত।

ইপিনে যি ছালৰ উজ্জ্বলতা নাথাকে তেনে ছাল অকালতে বয়স হোৱা যেন লাগে। এই অকালতে বয়স হোৱাৰ কাৰণ হৈছে হতাশা, মানসিক হেঁচা, ৰ’দৰ প্ৰখৰ তাপ, হৰম’নৰ তাৰতম্যতা, বেছিকৈ মিঠা খোৱা, তেলযুক্ত খাদ্য, প্ৰদূষণ, ব্যয়াম নকৰা ইত্যাদি। গতিকে নিজৰ ছালৰ যত্ন ল’বলৈ কিছু ঘৰুৱা বিধান কৰিব পাৰে, তাৰ ভিতৰত-

  • আপোনাৰ যদি ছাল শুকান-ৰুক্ষ ছাল তেন্তে বাদামৰ তেল দুই চামুচৰ লগত ভিটামিন ই অইল দুই চামুচ আৰু তিনি টোপাল কেম’মাইল এটা বটলত ভৰাই থৈ দিব। বেছি শুকান ছালৰ বাবে ই উপযুক্ত ক্লিনজাৰ।
  • ছালকুঁৱৰীৰ ৰসৰ লগত মৌ মিহলাই কেৱল শুকান ছালত লগাব। প্ৰায় ১৫ মিনিটমান ৰখাৰ পাছত কুঁহুমীয়া পানীৰে ধুই দিব।
  • খুব বেছি শুকান ছালত ক’কা বাটাৰ, মৌ, বাদামৰ তেল আৰু পদিনাৰ ৰস মিহলাই লগাব পাৰিলে ছাল সতেজ হোৱাৰ উপৰি দাগ আঁতৰে।
  • প্ৰতিদিনে গাখীৰ মুখত সানি ২০মিনিট পৰ্যন্ত ৰাখক, তাৰ পাছত গৰম পানীৰে ধুলে ছালৰ উজ্জ্বলতা বাঢ়ে৷
  • তাৰ উপৰি আপুনি নেমুৰস দুই টোপ, গাখীৰ এচামুচ আৰু মৌ মিশ্ন মুখত লগাব লাগে৷ এনে কৰিলও ছালখনৰ উজ্জ্বলতা বাঢ়িব।
  • প্ৰতিদিনে গৰম বায়ু বা ষ্ট্ৰীম ল’ব লাগে৷
    *তাৰ উপৰি কফি, ফেনি আৰু গাখীৰৰ মিশ্ৰণ মুখত লগালে ছাল পৰিষ্কাৰ হয় আৰু দাগ কিছু পৰিমাণে আঁতৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ