--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী এজন বহুৰূপী। প্ৰধানমন্ত্ৰীৰ ভণ্ডামীক উদঙাই দিয়াৰ প্ৰয়োজন আহি পৰিছে।- এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি তীব্ৰ সমালোচনাত মুখৰ হৈ পৰিছে জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং। সিহসিঙে প্ৰধানমন্ত্ৰী মোদীক ধংগী আখ্যা দিছে।

শনিবাৰে এটা দলীয় অনুষ্ঠানত সিঙে কয় যে বিজেপিৰ শাসনকালত সমগ্ৰ দেশে জীয়াতু ভুগিছে। মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা ভাৰতৰ ইতিহাসত অত্যধিক সংখ্যক জীৱিকা দেশবাসীয়ে হেৰুৱাইছে।

বহুৰূপী কোন? যিগৰাকীয়ে বাৰ দিনত বাৰটা ৰূপ দেখাব পাৰে, তেওঁৱেই বহুৰূপী। গোটেই বিজেপি দলটোৱেই তেনেকুৱা।”- সিঙে কয়। উল্উল্লেখযোগ্য যে বিজেপিৰ স’তে মিত্ৰতা ছিন্ন কৰাৰ পাছৰে পৰা নীতিশ কুমাৰৰনীতি জেডিইউৱে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যাপক সমালোচনা কৰি আহিছে।

সিঙে এই সমালোচনা অব্যাহত ৰাখি কয় যে বিজেপি এটা ৰিজাৰ্ভেচন বিৰোধী দল। ২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে ৰিজাৰ্ভেছন চিষ্টেমটো পুনৰ্বিবেচনা কৰাৰ সময় আহি পৰিছে বুলি কৈছিল। সিঙে কয় যে ইয়াৰ দ্বাৰা বিজেপি-আৰএছএছ যে ৰিজাৰ্ভেচনৰ বিৰোধী, সেয়া উলাই পৰিছে।

আনহাতে, নৰেন্দ্ৰ মোদীয়ে নিজকে অ’বিচি সম্প্ৰদায়ৰ লোক বুলি দাবী কৰি আহিলেও প্ৰকৃততে ইয়াক ভুৱা বুলি অভিযোগ কৰে সিঙে। কয় যে মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ আগলৈকে তেওঁৰ সম্প্ৰদায় অবিচিৰ তালিকাত নাছিল। মুখ্যমন্ত্ৰী হোৱাৰ পাছতহে অ’বিচিৰ তালিকাত সোমোৱাই লোৱা হৈছিল। সেয়ে মোদীক এজন ডুপ্লিকেট আখ্যা দিয়ে সিঙে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক