--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী এজন বহুৰূপী। প্ৰধানমন্ত্ৰীৰ ভণ্ডামীক উদঙাই দিয়াৰ প্ৰয়োজন আহি পৰিছে।- এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি তীব্ৰ সমালোচনাত মুখৰ হৈ পৰিছে জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং। সিহসিঙে প্ৰধানমন্ত্ৰী মোদীক ‘ধংগী’ আখ্যা দিছে।

শনিবাৰে এটা দলীয় অনুষ্ঠানত সিঙে কয় যে বিজেপিৰ শাসনকালত সমগ্ৰ দেশে জীয়াতু ভুগিছে। মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা ভাৰতৰ ইতিহাসত অত্যধিক সংখ্যক জীৱিকা দেশবাসীয়ে হেৰুৱাইছে।

“বহুৰূপী কোন? যিগৰাকীয়ে বাৰ দিনত বাৰটা ৰূপ দেখাব পাৰে, তেওঁৱেই বহুৰূপী। গোটেই বিজেপি দলটোৱেই তেনেকুৱা।”- সিঙে কয়। উল্উল্লেখযোগ্য যে বিজেপিৰ স’তে মিত্ৰতা ছিন্ন কৰাৰ পাছৰে পৰা নীতিশ কুমাৰৰনীতি জেডিইউৱে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যাপক সমালোচনা কৰি আহিছে।

সিঙে এই সমালোচনা অব্যাহত ৰাখি কয় যে বিজেপি এটা ৰিজাৰ্ভেচন বিৰোধী দল। ২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে ৰিজাৰ্ভেছন চিষ্টেমটো পুনৰ্বিবেচনা কৰাৰ সময় আহি পৰিছে বুলি কৈছিল। সিঙে কয় যে ইয়াৰ দ্বাৰা বিজেপি-আৰএছএছ যে ৰিজাৰ্ভেচনৰ বিৰোধী, সেয়া উলাই পৰিছে।

আনহাতে, নৰেন্দ্ৰ মোদীয়ে নিজকে অ’বিচি সম্প্ৰদায়ৰ লোক বুলি দাবী কৰি আহিলেও প্ৰকৃততে ইয়াক ভুৱা বুলি অভিযোগ কৰে সিঙে। কয় যে মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ আগলৈকে তেওঁৰ সম্প্ৰদায় অবিচিৰ তালিকাত নাছিল। মুখ্যমন্ত্ৰী হোৱাৰ পাছতহে অ’বিচিৰ তালিকাত সোমোৱাই লোৱা হৈছিল। সেয়ে মোদীক এজন ডুপ্লিকেট আখ্যা দিয়ে সিঙে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু