--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট জড়িত হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে৷ উত্তৰ প্ৰদেশ চৰকাৰৰ নতুন কাৰ্যসূচী ‘এক জিলা এক সামগ্ৰী’ৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হ’ব কংগনা ৰাণাৱট৷ এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ৭৫ খন জিলাত নিৰ্দিষ্ট পৰম্পৰাগত ঔদ্যোগিক কেন্দ্ৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এক জিলা-এক সামগ্ৰী (One District-One Product) কাৰ্যসূচী আৰম্ভ কৰিছে।

উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (তথ্য) নবনীত চেহগলে টুইটযোগে কয়, "জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছে ৷ মুখ্যমন্ত্ৰী যোগীয়ে কংগনা ৰাণাৱটক ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে৷ এই ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বাবে কংগনা ৰাণাৱট আমাৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব৷"

নবনীত চেহগলৰ এই টুইটৰ পিছতে কংগনা ৰাণাৱটৰ এই নতুন পদক্ষেপ পোহৰলৈ আহে৷ উল্লেখ্য যে এই বৈঠকত কংগনা ৰাণাৱটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰা বিভিন্ন কৰ্মৰাজীৰ বাবে উচ্চ প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰী যোগীয়ে অভিনেত্ৰীগৰাকীক ৰাম মন্দিৰ দৰ্শন কৰিবলৈও অনুৰোধ জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ