--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট জড়িত হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে৷ উত্তৰ প্ৰদেশ চৰকাৰৰ নতুন কাৰ্যসূচী ‘এক জিলা এক সামগ্ৰী’ৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হ’ব কংগনা ৰাণাৱট৷ এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ৭৫ খন জিলাত নিৰ্দিষ্ট পৰম্পৰাগত ঔদ্যোগিক কেন্দ্ৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এক জিলা-এক সামগ্ৰী (One District-One Product) কাৰ্যসূচী আৰম্ভ কৰিছে।

উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (তথ্য) নবনীত চেহগলে টুইটযোগে কয়, "জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছে ৷ মুখ্যমন্ত্ৰী যোগীয়ে কংগনা ৰাণাৱটক ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে৷ এই ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বাবে কংগনা ৰাণাৱট আমাৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব৷"

নবনীত চেহগলৰ এই টুইটৰ পিছতে কংগনা ৰাণাৱটৰ এই নতুন পদক্ষেপ পোহৰলৈ আহে৷ উল্লেখ্য যে এই বৈঠকত কংগনা ৰাণাৱটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰা বিভিন্ন কৰ্মৰাজীৰ বাবে উচ্চ প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰী যোগীয়ে অভিনেত্ৰীগৰাকীক ৰাম মন্দিৰ দৰ্শন কৰিবলৈও অনুৰোধ জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু