--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাময়িকভাৱে পিছুৱাই দিয়া হৈছে ইউজিচি নেট পৰীক্ষা। নেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা নেচনেল টেষ্টিং এজেঞ্চীয়ে এই কথা নিশ্চিত কৰিছে। পূৰ্বৰ সময়সূচী অনুসৰি ২০২০-২১ বৰ্ষৰ ইউজিচি পৰীক্ষা ৬ৰ পৰা ৮ অক্টোবৰলৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল।

শেহতীয়াকৈ পূৰ্বৰ সময়সূচী সাল-সলনি কৰি ১৭ৰ পৰা২৫ অক্টোবৰলৈকে সৰ্বভাৰতীয় নেট পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্ত লৈছে সংস্থাটোৱে, অৱশ্যে পৰীক্ষাৰ বিস্তৃত সূচী পৰৱৰ্তী সময়তহে প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে, নেচনেল টেষ্টিং এজেঞ্চীয়ে এই সম্পৰ্কত জাননী জাৰি কৰি কয় যে,

যিহেতু আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰৱেশ পৰীক্ষা ইউজিচি নেটৰ লগত একে দিনতে হোৱাৰ বাবে প্ৰাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই সমস্যা দূৰ কৰিবৰ বাবেই সংস্থাই এই সিদ্ধান্ত ল’ব লগা হ’ল বুলি জাননীত উল্লেখ কৰিছে, লগতে প্ৰাৰ্থীসকলেও ১০ অক্টোবৰৰ পাছতহে প্ৰাৰ্থীসকলে নেটৰ প্ৰৱেশ-পত্ৰ লাভ কৰিব বুলি জানিবলৈ দিছে। প্ৰাৰ্থীসকলৰ পৰীক্ষাৰ প্ৰৱেশ-পত্ৰৰ লগতে পৰীক্ষা সমন্ধীয় গুৰুত্বপূৰ্ণ তথ্য-পাতি ইউজিচি অফিচিয়েল ৱেবছাইট ‘ugcnet.nta.nic.in’ত উপলদ্ধ হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু