--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাময়িকভাৱে পিছুৱাই দিয়া হৈছে ইউজিচি নেট পৰীক্ষা। নেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা নেচনেল টেষ্টিং এজেঞ্চীয়ে এই কথা নিশ্চিত কৰিছে। পূৰ্বৰ সময়সূচী অনুসৰি ২০২০-২১ বৰ্ষৰ ইউজিচি পৰীক্ষা ৬ৰ পৰা ৮ অক্টোবৰলৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল।

শেহতীয়াকৈ পূৰ্বৰ সময়সূচী সাল-সলনি কৰি ১৭ৰ পৰা২৫ অক্টোবৰলৈকে সৰ্বভাৰতীয় নেট পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্ত লৈছে সংস্থাটোৱে, অৱশ্যে পৰীক্ষাৰ বিস্তৃত সূচী পৰৱৰ্তী সময়তহে প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে, নেচনেল টেষ্টিং এজেঞ্চীয়ে এই সম্পৰ্কত জাননী জাৰি কৰি কয় যে,

যিহেতু আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰৱেশ পৰীক্ষা ইউজিচি নেটৰ লগত একে দিনতে হোৱাৰ বাবে প্ৰাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই সমস্যা দূৰ কৰিবৰ বাবেই সংস্থাই এই সিদ্ধান্ত ল’ব লগা হ’ল বুলি জাননীত উল্লেখ কৰিছে, লগতে প্ৰাৰ্থীসকলেও ১০ অক্টোবৰৰ পাছতহে প্ৰাৰ্থীসকলে নেটৰ প্ৰৱেশ-পত্ৰ লাভ কৰিব বুলি জানিবলৈ দিছে। প্ৰাৰ্থীসকলৰ পৰীক্ষাৰ প্ৰৱেশ-পত্ৰৰ লগতে পৰীক্ষা সমন্ধীয় গুৰুত্বপূৰ্ণ তথ্য-পাতি ইউজিচি অফিচিয়েল ৱেবছাইট ‘ugcnet.nta.nic.in’ত উপলদ্ধ হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ