--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া বহু ঠাইৰ পৰাই মোবাইল ফোনৰ বিস্ফোৰণ ঘটাৰ খবৰ আহি থাকে । আনকি এনে ঘটনাত বহুতৰে মৃত্যুও ঘটে। বহু লোক ঘূণীয়া হয় । আমাৰ বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰা স্মাৰ্টফোনটোৱেই কেতিয়াবা আমাৰ জীৱনলৈ ভাবুকি নমাই আনিব পাৰে।

স্মাৰ্টফোনৰ  ব্যৱহাৰ  এতিয়া যিমানে বাঢ়িছে,সিমানেই  এনে ফোনৰ বিস্ফোৰণৰ ঘটনাও বৃদ্ধি পাইছে।  স্মাৰ্টফোনটোক নিৰাপদে ৰাখিবলৈ আৰু  বিস্ফোৰণ ঘটাৰ পৰা  পৰা ৰক্ষা কৰিবলৈ এই ভুল দুটা আমি কেতিয়াও কৰা উচিৎ নহয়—

(ক)অন্য চাৰ্জাৰেৰে  ফোনটো চাৰ্জ দিয়া–

আমি বহুতেই মোবাইল ফোনটো চাৰ্জ দিবলৈ ফোনটোত খাপ খোৱা যিকোনো চাৰ্জাৰ ব্যৱহাৰ কৰো। দৰাচলতে কোম্পানীয়ে একো একোটা মোবাইল ফোনৰ বাবে নিৰ্দিষ্ট চাৰ্জাৰ দিয়ে। সেই নিৰ্দিষ্ট চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে বিপদ ঘটাৰ ভয় বহু খিনি কমি যায়। কিন্তু চাৰ্জ দিবলৈ আজি এটা চাৰ্জাৰ, কাইলৈ এটা চাৰ্জাৰ ব্যৱহাৰ কৰিলে ফোনটো বিস্ফোৰণ ঘটাৰ আশংকা বৃদ্ধি পায়। দৰাচলতে একোটা স্মাৰ্টফোন চাৰ্জাৰৰ ইনপুট আৰু আউটপুট নিৰ্দিষ্ট কৰি থোৱা থাকে। আনকি একে কোম্পানিৰ হ’লেও, দুটা বেলেগ বেলেগ ম’বাইল ফোনৰ চাৰ্জাৰৰ ক্ষমতা বেলেগ বেলেগ হয়।

 আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰটো ফোনটোৰ প্ৰয়োজনীয়তা অনুসৰি কোম্পানিয়ে তৈয়াৰ কৰে। কিন্তু বেছিভাগ লোকেই হাতত যি চাৰ্জাৰ পায় তাৰেই চাৰ্জ কৰা দেখা যায়।

বিস্ফোৰণৰ হাত সাৰিব থাকিবলৈ বেলেগ চাৰ্জাৰেৰে কেতিয়াও আপোনাৰ ফোনটো চাৰ্জ নকৰিব। এডাল চাৰ্জাৰ যদি বেয়া হৈছে তেন্তে সেই নিৰ্দিষ্ট ফোনটোৰ কাৰণে তৈয়াৰী আন এডাল চাৰ্জাৰহে সংগ্ৰহ কৰি ল'ব।

(খ) চাৰ্জ দি থকা অৱস্থাতে ফোনটো  ব্যৱহাৰ কৰা–

বহুতেই মোবাইল ফোনটো চাৰ্জ দি থকা অৱস্থাতো ফোন কৰাকে ধৰি আন কামো কৰি থাকে। এনে কৰিলে বিপদৰ আশংকা বহু গুণে বাঢ়ি যায়।  ফোনটো চাৰ্জ দি থকা অৱস্থাত কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব নালাগে।

চাৰ্জ কৰি থাকোতে প্ৰায়ভাগ ফোন গৰম হোৱা দেখা যায়। তাতে আকৌ তাত আন এপ্লিকে’চন চলাই থাকিলে স্বাভাৱিকতেই তাৰ ওপৰত প্ৰ’চেছিঙৰ বোজা বাঢ়ি যায়। ফলত ফোনটোৰ উষ্ণতা বৃদ্ধি হৈ বিস্ফোৰণ ঘটিব  পাৰে।

সাধাৰণ যেন লগা এই দুই দুটা ভুলৰ বাবেই মোবাইল ফোনৰ প্ৰায় ভাগ বিস্ফোৰণ ঘটি আহিছে। গতিকে এনে ভুলবোৰ নকৰাকৈ থাকিলেই ফোনটোৰ লগতে আমাৰো স্বাস্থ্য ভালে থাকিব, কুশলে থাকিব পাৰিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু