--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৩০ চনৰ ভিতৰত মংগল গ্ৰহলৈ মানুহ প্ৰেৰণ কৰিব আমেৰিকাই। তাৰেই এতিয়া পূৰ্ণ প্ৰস্তুি চলিছে। ৰঙাগ্ৰহ মঙলত মানুহে বসতি স্থাপন কৰাৰ পৰিকল্পনা চলি থকাৰ সময়তে মঙল গ্ৰহণৰ পৰিবেশত চাৰিজনকৈ লোকে বাস কৰি থকাৰ খবৰে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। হয়, সেই  চাৰিজন লোকে মঙলৰ জনপ্ৰাণীহীন, পানী হীন, উদ্ভিদহীন পৰিবেশৰ মাজত বাস কৰি আছে। 

এয়া কোনো  কল্পবিজ্ঞানৰ কাহিনীৰ নহয়। তেওঁলোকে সঁচাকৈয়ে মঙল গ্ৰহৰ অভিযানত জড়িত হৈ আছে  কিন্তু ইয়াতো এটা "কিন্তু" আছে। দৰাচলতে সেই চাৰিজন  লোকে বাস কৰা মঙল গ্ৰহটো পৃথিৱীতে অৱস্থিত।মানুহে  চন্দ্ৰত ভৰি থোৱাৰ পিছত  পাঁচ দশকৰো অধিক সময় অতিবাহিত হৈছে। নাছাই চন্দ্ৰলৈ পুনৰ  মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰি আছে। 

একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে  মঙল গ্ৰহতো  মানুহে  ভৰি থব পৰাকৈ পৰিকল্পনা কৰিছে। এনে পৰিস্থিতিত মঙল অভিযানৰ বাবে চাৰিজন লোকক প্ৰস্তুত কৰি তোলা  হৈছে। তেওঁলোকক মঙল গ্ৰহণৰ পৰিবেশত খাপ খুৱাই ল’বলৈ পৃথিৱীতে মঙল গ্ৰহৰ দৰে পৰিবেশ ৰচনা কৰা হৈছে।  হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰত ১,৭০০  বৰ্গফুটৰ ত্ৰিমাত্ৰিক পদ্ধতিৰে  "মঙল গ্ৰহ" নিৰ্মাণ কৰি উলিওৱা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ উদ্যোগত পৃথিৱীতে সৃষ্টি কৰা হৈছে মঙল গ্ৰহৰ পৰিবেশ।

পৃথিৱীত সৃষ্টি কৰা মঙল গ্ৰহটোতে বাস কৰিছে মঙল অভিযানত ভাগ ল’বলগীয়া  ফ্লাইট ইঞ্জিনিয়াৰ ৰছ ব্ৰকৱেল, চিকিৎসা বিষয়া নাথান জোনছ, বৈজ্ঞানিক বিষয়া আনকা চেলাৰিউ আৰু দলৰ নেতা কেলি হাষ্টনে। তেওঁলোকে মঙল গ্ৰহত উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হৈছে আৰু সেইবোৰৰ মোকাবিলা কৰি গৈছে। অৱশেষত সেই স্থানত এবছৰ কটাই মহাকাশচাৰীকেইগৰাকী বাহিৰলৈ ওলাই আহিছে। 

তেওঁলোকে মঙল গ্ৰহৰ পৰিবেশত বিভিন্ন কাৰ্য  যেনে শস্য উৎপাদন, খাদ্য প্ৰস্তুত কৰা, যন্ত্ৰ মেৰামতি, ব্যায়াম, বিজ্ঞানৰ কাম আৰু টোপনি আদি কিদৰে মাৰিব পাৰি সেই বিষয়ত প্ৰশিক্ষণ লৈ আছে।  তেওঁলোকে মঙল অভিযানৰ সময়ত  হেলিকপ্টাৰৰ দৰে ড্ৰোন আৰু উৰিব পৰা ৰবট উৰুৱাব লাগিব।
মহাকাশচাৰীসকলক এনেদৰে  মঙ্গল গ্ৰহত সন্মুখীন হ'বলগীয়া শাৰীৰিক আৰু মানসিক প্ৰতিকূলতাৰ সৈতে খাপ খুৱাবলৈ প্ৰচেষ্টা চলি আছে। 

গোটেই বিষয়টো পৰীক্ষা কৰাৰ পিছত প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা হৈছে। নাছাই২০২৩০ বৰ্ষত  মঙল গ্ৰহত  অভিযান আৰম্ভ কৰিব । প্ৰস্তুতি সেয়ে   ২০২৫ আৰু ২০২৬ চনতো চলি থাকিব। কিন্তু মানুহক প্ৰথমে মঙল গ্ৰহলৈ  পঠোৱা নহ’ব।  অদূৰ ভৱিষ্যতে সকলো দিশ চালি-জাৰি চাই  সিদ্ধান্ত লোৱা হ'ব । তাৰ আগতে নাছাই মঙল গ্ৰহৰ পৰিবেশত মিলিব পৰাকৈ  মহাকাশচাৰীক সাজু কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ