--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৩০ চনৰ ভিতৰত মংগল গ্ৰহলৈ মানুহ প্ৰেৰণ কৰিব আমেৰিকাই। তাৰেই এতিয়া পূৰ্ণ প্ৰস্তুি চলিছে। ৰঙাগ্ৰহ মঙলত মানুহে বসতি স্থাপন কৰাৰ পৰিকল্পনা চলি থকাৰ সময়তে মঙল গ্ৰহণৰ পৰিবেশত চাৰিজনকৈ লোকে বাস কৰি থকাৰ খবৰে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। হয়, সেই  চাৰিজন লোকে মঙলৰ জনপ্ৰাণীহীন, পানী হীন, উদ্ভিদহীন পৰিবেশৰ মাজত বাস কৰি আছে। 

এয়া কোনো  কল্পবিজ্ঞানৰ কাহিনীৰ নহয়। তেওঁলোকে সঁচাকৈয়ে মঙল গ্ৰহৰ অভিযানত জড়িত হৈ আছে  কিন্তু ইয়াতো এটা "কিন্তু" আছে। দৰাচলতে সেই চাৰিজন  লোকে বাস কৰা মঙল গ্ৰহটো পৃথিৱীতে অৱস্থিত।মানুহে  চন্দ্ৰত ভৰি থোৱাৰ পিছত  পাঁচ দশকৰো অধিক সময় অতিবাহিত হৈছে। নাছাই চন্দ্ৰলৈ পুনৰ  মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰি আছে। 

একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে  মঙল গ্ৰহতো  মানুহে  ভৰি থব পৰাকৈ পৰিকল্পনা কৰিছে। এনে পৰিস্থিতিত মঙল অভিযানৰ বাবে চাৰিজন লোকক প্ৰস্তুত কৰি তোলা  হৈছে। তেওঁলোকক মঙল গ্ৰহণৰ পৰিবেশত খাপ খুৱাই ল’বলৈ পৃথিৱীতে মঙল গ্ৰহৰ দৰে পৰিবেশ ৰচনা কৰা হৈছে।  হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰত ১,৭০০  বৰ্গফুটৰ ত্ৰিমাত্ৰিক পদ্ধতিৰে  "মঙল গ্ৰহ" নিৰ্মাণ কৰি উলিওৱা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ উদ্যোগত পৃথিৱীতে সৃষ্টি কৰা হৈছে মঙল গ্ৰহৰ পৰিবেশ।

পৃথিৱীত সৃষ্টি কৰা মঙল গ্ৰহটোতে বাস কৰিছে মঙল অভিযানত ভাগ ল’বলগীয়া  ফ্লাইট ইঞ্জিনিয়াৰ ৰছ ব্ৰকৱেল, চিকিৎসা বিষয়া নাথান জোনছ, বৈজ্ঞানিক বিষয়া আনকা চেলাৰিউ আৰু দলৰ নেতা কেলি হাষ্টনে। তেওঁলোকে মঙল গ্ৰহত উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হৈছে আৰু সেইবোৰৰ মোকাবিলা কৰি গৈছে। অৱশেষত সেই স্থানত এবছৰ কটাই মহাকাশচাৰীকেইগৰাকী বাহিৰলৈ ওলাই আহিছে। 

তেওঁলোকে মঙল গ্ৰহৰ পৰিবেশত বিভিন্ন কাৰ্য  যেনে শস্য উৎপাদন, খাদ্য প্ৰস্তুত কৰা, যন্ত্ৰ মেৰামতি, ব্যায়াম, বিজ্ঞানৰ কাম আৰু টোপনি আদি কিদৰে মাৰিব পাৰি সেই বিষয়ত প্ৰশিক্ষণ লৈ আছে।  তেওঁলোকে মঙল অভিযানৰ সময়ত  হেলিকপ্টাৰৰ দৰে ড্ৰোন আৰু উৰিব পৰা ৰবট উৰুৱাব লাগিব।
মহাকাশচাৰীসকলক এনেদৰে  মঙ্গল গ্ৰহত সন্মুখীন হ'বলগীয়া শাৰীৰিক আৰু মানসিক প্ৰতিকূলতাৰ সৈতে খাপ খুৱাবলৈ প্ৰচেষ্টা চলি আছে। 

গোটেই বিষয়টো পৰীক্ষা কৰাৰ পিছত প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা হৈছে। নাছাই২০২৩০ বৰ্ষত  মঙল গ্ৰহত  অভিযান আৰম্ভ কৰিব । প্ৰস্তুতি সেয়ে   ২০২৫ আৰু ২০২৬ চনতো চলি থাকিব। কিন্তু মানুহক প্ৰথমে মঙল গ্ৰহলৈ  পঠোৱা নহ’ব।  অদূৰ ভৱিষ্যতে সকলো দিশ চালি-জাৰি চাই  সিদ্ধান্ত লোৱা হ'ব । তাৰ আগতে নাছাই মঙল গ্ৰহৰ পৰিবেশত মিলিব পৰাকৈ  মহাকাশচাৰীক সাজু কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু