--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাটিকঁঠাল বহুতৰে প্ৰিয় ফল যিটো ইয়াৰ উৎকৃষ্ট মিঠা আৰু পুষ্টিৰ বাবে জনাজাত। এই ফলটোৱে কেৱল সতেজতা প্ৰদান কৰাই নহয়, ইয়াক ভিটামিন চি আৰু খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস বুলিও গণ্য কৰা হয়। মাটিকঁঠালক আনাৰস বুলিও কোৱা হয়। আনাৰস সেৱনে স্বাস্থ্যৰ বহু উপকাৰ কৰিব পাৰে যদিও একাংশ লোকে ইয়াক সেৱন কৰা উচিত নহয়, নহ’লে সমস্যা বাঢ়িব পাৰে।

কি কি ৰোগত আনাৰস খাব নালাগে?

১/ চিলিয়াক ৰোগঃ চিলিয়াক ৰোগ থকা লোকৰ বাবে আনাৰস ভাল নহয়, আনাৰসত প্ৰাকৃতিকভাৱে পোৱা এনজাইম ব্ৰ’মেলিন থাকে, যিয়ে চিলিয়াক ৰোগৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে। চিলিয়াক ৰোগীয়ে যদি আনাৰস সেৱন কৰে তেন্তে পেট ফুলা, বিষ আৰু আন বহুতো সমস্যাত ভুগিব পাৰে।

২/ এচিডিটিঃ গেষ্ট্ৰাইটিছ বা এচিডিটিৰ সমস্যা থকা লোকৰ বাবেও আনাৰস ক্ষতিকাৰক হ’ব পাৰে। ইয়াক সেৱন কৰিলে তেওঁলোকৰ সমস্যা বৃদ্ধি পাব পাৰে। বিশেষকৈ ৰাতি এই ফল খোৱাৰ পৰা তেওঁলোকে নিশ্চয় পৰিহাৰ কৰিব লাগে।

৩/ বৃক্কৰ ৰোগঃ ভিটামিন চি গ্ৰহণৰ সৰ্বোচ্চ সীমা দৈনিক প্ৰায় ২০০ মিলিগ্ৰাম। অত্যধিক পৰিমাণৰ ভিটামিন চি সেৱন কৰিলে বৃক্কৰ সমস্যা থকা লোকৰ ক্ষতি হব পাৰে। গতিকে যদি আপুনি আপোনাৰ বৃক্কক ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে ইয়াৰ সেৱন সীমিত কৰক।

৪/ ডায়েবেটিছঃ আনাৰসত প্ৰাকৃতিক চেনি আৰু কেলৰি বেছি থাকে, যদি কোনো ডায়েবেটিছ ৰোগীয়ে ইয়াক গ্ৰহণ কৰে তেন্তে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পাব আৰু তেতিয়া আপোনাৰ স্বাস্থ্যৰ হঠাতে অৱনতি ঘটিব পাৰে। ডায়েবেটিছ ৰোগীয়ে আনাৰসৰ সলনি আন ফল-মূল খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement