--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হৈছে মনু ভাকেৰ। অলিম্পিকত ভাৰতীয় খেলুৱৈ হিচাবে ইতিহাস ৰচনা কৰিলে মনু ভাকেৰে। তেওঁৰ সফলতাক লৈ সমগ্ৰ দেশ এতিয়া উৎফুল্লিত।  ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত এক সাক্ষাৎকাৰত মনুৱে কয় যে এই পদক কেৱল তেওঁৰ নহয়, এই পদক সমগ্ৰ দেশবাসীৰ। কঠিন সময়ত যিসকলে সহায় আগবঢ়াইছে, তেওঁলোকো এই পদকৰ অংশীদাৰ।

২০২০ চনৰ টকিঅ’ অলিম্পিকৰ সময়তো   মনু ভাকেৰকলৈ বহুতে  আশা কৰিছিল। কিন্তু প্ৰতিভাৱান শ্বুটাগৰাকীয়ে সেইবেলি খালী হাতেৰে উভতি আহিবলগীয়া হৈছিল।কিন্তু সেই বিফলতাই মনুক বহু কথা শিকাইছিল। সেইবাবেই পেৰিছ অলিম্পিক ২০২৪ত  ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভেৰে তেওঁ সকলোৰে আশা পূৰণ কৰিলে। এক সাক্ষাৎকাৰত মনুৱে  কয়, ‘মই বিশ্বাস কৰোঁ যে জয় বা সফলতাই জীৱনত যিমানখিনি শিকাব নোৱাৰে, সিমানখিনি আমি বিফলতাৰ পৰা শিকিব পাৰো। টকিঅ’ৰ পৰা যিখিনি শিকিছো তাকে লৈ মই আগবাঢ়িছো।" লগতে তেওঁ কয় যে কঠিন সময়ত বহু লোক তেওঁৰ কাষত আছিল। আজি অলিম্পিকত পদক লাভ কৰি ইতিহাস ৰচনা কৰি তেওঁলোককো ধন্যবাদ জনাব বিচাৰিছে মনুয়ে। কিন্তু যিহেতু এয়া প্ৰথম অলিম্পিক পদক, গতিকে মনুৱে কয় যে এই ব্ৰঞ্জৰ পদক তেওঁৰ বাবে অতি বিশেষ।


ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত মনুয়ে  জীৱনত গীতাৰ অৱদানৰ বিষয়ে কয়। যুৱ শ্বুটাৰগৰাকীৰ  মতে, “মোৰ এজন গুৰু আছে। তেওঁ মোক প্ৰতিদিনে শুই উঠাৰ সময়ত ধ্যান কৰিবলৈ কয়। আৰু প্ৰতিদিনে মোক গীতাৰ পৰা দুটা শ্লোক আবৃত্তি কৰিবলৈ কয়। তাৰ পৰাই মই অনুভৱ কৰিলোঁ যে গীতা ইমান পুৰণি গ্ৰন্থ হ’লেও আজিও ই অতি প্ৰাসংগিক।” অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী শ্বুটাৰগৰাকীৰ মতে গীতাই তেওঁক  ইতিবাচক মানসিকতা আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈ শিকাইছে। অনাগত দিনত তেওঁ এই মন্ত্ৰ অনুসৰণ কৰি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু