--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হৈছে মনু ভাকেৰ। অলিম্পিকত ভাৰতীয় খেলুৱৈ হিচাবে ইতিহাস ৰচনা কৰিলে মনু ভাকেৰে। তেওঁৰ সফলতাক লৈ সমগ্ৰ দেশ এতিয়া উৎফুল্লিত।  ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত এক সাক্ষাৎকাৰত মনুৱে কয় যে এই পদক কেৱল তেওঁৰ নহয়, এই পদক সমগ্ৰ দেশবাসীৰ। কঠিন সময়ত যিসকলে সহায় আগবঢ়াইছে, তেওঁলোকো এই পদকৰ অংশীদাৰ।

২০২০ চনৰ টকিঅ’ অলিম্পিকৰ সময়তো   মনু ভাকেৰকলৈ বহুতে  আশা কৰিছিল। কিন্তু প্ৰতিভাৱান শ্বুটাগৰাকীয়ে সেইবেলি খালী হাতেৰে উভতি আহিবলগীয়া হৈছিল।কিন্তু সেই বিফলতাই মনুক বহু কথা শিকাইছিল। সেইবাবেই পেৰিছ অলিম্পিক ২০২৪ত  ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভেৰে তেওঁ সকলোৰে আশা পূৰণ কৰিলে। এক সাক্ষাৎকাৰত মনুৱে  কয়, ‘মই বিশ্বাস কৰোঁ যে জয় বা সফলতাই জীৱনত যিমানখিনি শিকাব নোৱাৰে, সিমানখিনি আমি বিফলতাৰ পৰা শিকিব পাৰো। টকিঅ’ৰ পৰা যিখিনি শিকিছো তাকে লৈ মই আগবাঢ়িছো।" লগতে তেওঁ কয় যে কঠিন সময়ত বহু লোক তেওঁৰ কাষত আছিল। আজি অলিম্পিকত পদক লাভ কৰি ইতিহাস ৰচনা কৰি তেওঁলোককো ধন্যবাদ জনাব বিচাৰিছে মনুয়ে। কিন্তু যিহেতু এয়া প্ৰথম অলিম্পিক পদক, গতিকে মনুৱে কয় যে এই ব্ৰঞ্জৰ পদক তেওঁৰ বাবে অতি বিশেষ।


ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত মনুয়ে  জীৱনত গীতাৰ অৱদানৰ বিষয়ে কয়। যুৱ শ্বুটাৰগৰাকীৰ  মতে, “মোৰ এজন গুৰু আছে। তেওঁ মোক প্ৰতিদিনে শুই উঠাৰ সময়ত ধ্যান কৰিবলৈ কয়। আৰু প্ৰতিদিনে মোক গীতাৰ পৰা দুটা শ্লোক আবৃত্তি কৰিবলৈ কয়। তাৰ পৰাই মই অনুভৱ কৰিলোঁ যে গীতা ইমান পুৰণি গ্ৰন্থ হ’লেও আজিও ই অতি প্ৰাসংগিক।” অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী শ্বুটাৰগৰাকীৰ মতে গীতাই তেওঁক  ইতিবাচক মানসিকতা আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈ শিকাইছে। অনাগত দিনত তেওঁ এই মন্ত্ৰ অনুসৰণ কৰি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement