--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স ৫৮ বছৰ। খেলুৱৈসকলে তাৰ বহু আগতেই অৱসৰ লয়। সাধাৰণ মানুহো এই বয়সতে অৱসৰৰ দুৱাৰমুখলৈ আহে। কিন্তু চিলিৰ টেবুল টেনিছ খেলুৱৈ টানিয়া জেঙে ৫৮ বছৰ বয়সত অলিম্পিকত অভিষেক ঘটায়। পেৰিছত প্ৰথম অলিম্পিক খেলিছে। গেমছ ভিলেজত তেওঁৰ বিষয়ে আলোচনা চলি আছে।

টানিয়া আচলতে এগৰাকী চীনা খেলুৱৈ। ১৯৮৯ চনত তেওঁ দেশ এৰি থৈ যায়। সেই সময়ত তেওঁৰ বয়স আছিল ২৩ বছৰ। দক্ষিণ আমেৰিকাৰ চিলিলৈ যায়। তাত টেবুল টেনিছ প্ৰশিক্ষকৰ চাকৰি এটা লয়। নিজৰ খেলো অব্যাহত ৰাখিলে। পিছত খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে। চিলিত বিয়াৰ পিছত ব্যৱসায় আৰম্ভ কৰিছিল। বিয়াৰ পিছত নাম সলনি হৈ টানিয়া। কিন্তু কেতিয়াও টেবুল টেনিছৰ পৰা আঁতৰি নাথাকিল। পৰিয়াল, ব্যৱসায় পৰিচালনাৰ উপৰিও তেওঁ কোচিংও কৰিছিল। সেইবাবেই তেওঁৰ প্ৰিয় খেলৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছিল।

টানিয়াই অবিশ্বাস্য কাম কৰিছে। কোনোবাই ৫৮ বছৰ বয়সত প্ৰথম অলিম্পিক খেলিছে সেয়া বিশ্বাস কৰিব নোৱাৰি। তানিয়াই ক’লে, “মই এতিয়া মানসিকভাৱে সম্পূৰ্ণ চিলিৰ। চিলিত মোক সকলোৱে চিনি পায়। সকলোৱে অভিনন্দন জনালে। মই যৎপৰোনাস্তি চেষ্টা কৰিম।’’


covid ৰ সময়ত পুনৰ খেল আৰম্ভ কৰিব বিচাৰিলে তনয়াই। পেছাদাৰী খেলুৱৈ হিচাপে নতুনকৈ আৰম্ভ কৰিলে। এই প্ৰচেষ্টাৰ ফল যোৱা বছৰ লাভ কৰা হৈছিল। চেণ্টিয়াগোত অনুষ্ঠিত হোৱা পেন আমেৰিকান গেমছত মহিলাৰ একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ৫৭ বছৰীয়া তনয়াই আত্মবিশ্বাস ঘূৰাই পালে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবছৰমান খেলিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ