--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ “গুগল হে তো মুমকিন হ্যে…”- পুৱাৰ পৰা আমি শোৱালৈকে আমি কেৱল গুগুলতে ব্যস্ত খাকো বুলি ক’লেও ভুল কোৱা নহ’ব৷ ডিজিটেল যুগৰ প্ৰত্যেকজন লোকে ৰাজনীতিৰ, ৰন্ধনৰ প্ৰণালী পৰা শিক্ষালৈকে কেৱল গুগুলতে সন্ধান কৰোঁ৷ কিন্তু আমি জানোনে যে, গুগলত সকলোবোৰ সন্ধান কৰিব নোৱাৰি! এনে কিছুমান বস্তু আছে যিয়ে আপোনাক অপৰাধী সজাব পাৰে৷ তেনে কিছুমান কৰিলে আপোনাৰ কাৰাবাস পৰ্যন্ত হ’ব পাৰে৷ গুগলত সন্ধান কৰা অপৰাধ হিচাপে পৰিগণিত হোৱা তেনে ৫ টা বস্তু হ’ল-

১)চলচ্চিত্ৰ পাইৰেচি

যদি আপুনি ছবিখন মুক্তিৰ আগতে অনলাইনত ছবিখন চাব বিচাৰে, বা ইয়াক যিকোনো প্ৰকাৰে ‘লিক’ কৰিব বিচাৰে, ই এক অপৰাধ। ভাৰতীয় দণ্ডবিধিৰ ফলত ৩ বছৰৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে অন্যথা ১০,০০০ টকাৰ জৰিমনা হ'ব পাৰে।

২)বোমা কেনেদৰে বনাব লাগে?

বোমা কেনেদৰে বনাব লাগে - গুগলত এনেধৰণৰ সন্ধান কৰাটো বিপদজনক। চাইবাৰ কোষবোৰে এই বিষয়বোৰৰ ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে। ইয়াৰ ফলত সুৰক্ষা সংস্থাসমূহে সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, হয়তো কাৰাবাস পৰ্যন্ত হ'ব পাৰে।

৩)কেনেদৰে গৰ্ভপাত কৰিব পাৰি?

কেনেকৈ গৰ্ভপাত কৰিব লাগে সেই প্ৰশ্নটোও অপৰাধৰ পৰ্যায়ত পৰে। সেই বিষয়বোৰো আপুনি গুগলত সন্ধান কৰিব নোৱাৰে৷ ভাৰতীয় আইন অনুসৰি, চিকিৎসকৰ পৰামৰ্শ বা নিৰ্দেশনা অবিহনে গৰ্ভপাত এক শাস্তিযোগ্য অপৰাধ।

৪)ব্যক্তিগত ছবি আৰু ভিডিঅ’ ‘লিক’ কৰা

কাৰোবাৰ ব্যক্তিগত ফটো বা ভিডিঅ’ ‘লিক’ কৰাৰ ফলত গুৰুতৰ অন্যায় হয়। যদি এনে ব্যক্তিৰ এখন ফটো তেওঁৰ অনুমতি অবিহনে ছ’চিয়েল মিডিয়া বা আন কোনো অনলাইন প্লেটফৰ্মত পোষ্ট কৰা হয়, ইয়াৰ ফলত সংশ্লিষ্ট ব্যক্তিজনৰ কাৰাবাস পৰ্যন্ত হ'ব পাৰে।

৫)চাইল্ড পৰ্ণগ্ৰাফী

ভাৰত চৰকাৰ শিশু পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত অতি কঠোৰ। ইয়াক অনুসন্ধান কৰা, চোৱা বা চেয়াৰ কৰাটো এক গুৰুতৰ অপৰাধ। ইয়াৰ ফলত কাৰাবাসও হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ