--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ “গুগল হে তো মুমকিন হ্যে…”- পুৱাৰ পৰা আমি শোৱালৈকে আমি কেৱল গুগুলতে ব্যস্ত খাকো বুলি ক’লেও ভুল কোৱা নহ’ব৷ ডিজিটেল যুগৰ প্ৰত্যেকজন লোকে ৰাজনীতিৰ, ৰন্ধনৰ প্ৰণালী পৰা শিক্ষালৈকে কেৱল গুগুলতে সন্ধান কৰোঁ৷ কিন্তু আমি জানোনে যে, গুগলত সকলোবোৰ সন্ধান কৰিব নোৱাৰি! এনে কিছুমান বস্তু আছে যিয়ে আপোনাক অপৰাধী সজাব পাৰে৷ তেনে কিছুমান কৰিলে আপোনাৰ কাৰাবাস পৰ্যন্ত হ’ব পাৰে৷ গুগলত সন্ধান কৰা অপৰাধ হিচাপে পৰিগণিত হোৱা তেনে ৫ টা বস্তু হ’ল-

১)চলচ্চিত্ৰ পাইৰেচি

যদি আপুনি ছবিখন মুক্তিৰ আগতে অনলাইনত ছবিখন চাব বিচাৰে, বা ইয়াক যিকোনো প্ৰকাৰে ‘লিক’ কৰিব বিচাৰে, ই এক অপৰাধ। ভাৰতীয় দণ্ডবিধিৰ ফলত ৩ বছৰৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে অন্যথা ১০,০০০ টকাৰ জৰিমনা হ'ব পাৰে।

২)বোমা কেনেদৰে বনাব লাগে?

বোমা কেনেদৰে বনাব লাগে - গুগলত এনেধৰণৰ সন্ধান কৰাটো বিপদজনক। চাইবাৰ কোষবোৰে এই বিষয়বোৰৰ ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে। ইয়াৰ ফলত সুৰক্ষা সংস্থাসমূহে সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, হয়তো কাৰাবাস পৰ্যন্ত হ'ব পাৰে।

৩)কেনেদৰে গৰ্ভপাত কৰিব পাৰি?

কেনেকৈ গৰ্ভপাত কৰিব লাগে সেই প্ৰশ্নটোও অপৰাধৰ পৰ্যায়ত পৰে। সেই বিষয়বোৰো আপুনি গুগলত সন্ধান কৰিব নোৱাৰে৷ ভাৰতীয় আইন অনুসৰি, চিকিৎসকৰ পৰামৰ্শ বা নিৰ্দেশনা অবিহনে গৰ্ভপাত এক শাস্তিযোগ্য অপৰাধ।

৪)ব্যক্তিগত ছবি আৰু ভিডিঅ’ ‘লিক’ কৰা

কাৰোবাৰ ব্যক্তিগত ফটো বা ভিডিঅ’ ‘লিক’ কৰাৰ ফলত গুৰুতৰ অন্যায় হয়। যদি এনে ব্যক্তিৰ এখন ফটো তেওঁৰ অনুমতি অবিহনে ছ’চিয়েল মিডিয়া বা আন কোনো অনলাইন প্লেটফৰ্মত পোষ্ট কৰা হয়, ইয়াৰ ফলত সংশ্লিষ্ট ব্যক্তিজনৰ কাৰাবাস পৰ্যন্ত হ'ব পাৰে।

৫)চাইল্ড পৰ্ণগ্ৰাফী

ভাৰত চৰকাৰ শিশু পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত অতি কঠোৰ। ইয়াক অনুসন্ধান কৰা, চোৱা বা চেয়াৰ কৰাটো এক গুৰুতৰ অপৰাধ। ইয়াৰ ফলত কাৰাবাসও হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু