--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  থাইলেণ্ডত একে সময়তে দুই লাখৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি  হৈছে। তেওঁলোকৰ আটাইৰে ৰোগৰ লক্ষণো প্ৰায় একেই।  কিন্তু হঠাতে দেশ খনত এনে  কি ৰোগে দেথা দিলে? লোকলকলে এনেদৰে  চিকিৎসালয়ত ভৰ্তি হোৱাৰ কাৰণ শুনি আপুনি নিশ্চয় আচৰিত হ'ব। ইমান সংখ্যক লোকে একে সময়তে  চিকিৎসালয়ত ভৰ্তি হোৱাৰ কাৰণ আন একো নাই।এয়া হৈছে বায়ু প্ৰদূষণৰ চূড়ান্ত পৰিমাণ! 

বছৰটোৰ আৰম্ভণিৰ পৰা থাইলেণ্ডৰ প্ৰাকৃতিক অৱস্থা বিধ্বস্ত হৈ পৰিছে। দেশখনৰ ৰাজধানী চহৰ বেংককত কেৱল ধোঁৱা আৰু ধোঁৱা  বিয়পি পৰিছে। প্ৰশাসনৰ মতে, গাড়ী, কাৰখানা আৰু কৃষি ক্ষেত্ৰত সামগ্ৰী জ্বলোৱাৰ ফলতে  বৃহৎ পৰিমাণৰ ধোঁৱাৰ সৃষ্টি  হৈছে।  এনে বৃহৎ পৰিমাণৰ বায়ু প্ৰদূষণে দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰতো চাপ সৃষ্টি কৰিছে।  বায়ু প্ৰদূষণৰ ফলত সেই দেশ খনৰ ১.৩ নিযুত লোক বিভিন্ন ৰোগত ভুগি আছে। শেহতীয়াকৈ দুই লাখ লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  

বেংককত প্ৰদূষণে অতি কালান্তক ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈবিশ্বৰ বিভিন্ন চহৰৰ বায়ুৰ মানৰ বিষয়ে এক পৰিসংখ্যা প্ৰকাশ পাইছে। সেই পৰিসংখ্যা অনুসৰি, থাইলেণ্ডৰ বেংকক সমগ্ৰ বিশ্বৰ ভিতৰতে  তৃতীয় আটাইতকৈ প্ৰদূষিত চহৰ। কেৱল বেংককেই নহয়, সমগ্ৰ থাইলেণ্ডৰ ৫০  খন চহৰক প্ৰশাসনে অস্বাস্থ্যকৰ বুলি ঘোষণা কৰিছে। 

 প্ৰদূষণে   শিশু আৰু গৰ্ভৱতী মাতৃসকলৰ  বেছিকৈ ক্ষতি সাধন কৰিছে। সেয়েহে প্ৰশাসনে  সৰু ল'ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাসকলক  পৰাপক্ষত  ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ