--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  থাইলেণ্ডত একে সময়তে দুই লাখৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি  হৈছে। তেওঁলোকৰ আটাইৰে ৰোগৰ লক্ষণো প্ৰায় একেই।  কিন্তু হঠাতে দেশ খনত এনে  কি ৰোগে দেথা দিলে? লোকলকলে এনেদৰে  চিকিৎসালয়ত ভৰ্তি হোৱাৰ কাৰণ শুনি আপুনি নিশ্চয় আচৰিত হ'ব। ইমান সংখ্যক লোকে একে সময়তে  চিকিৎসালয়ত ভৰ্তি হোৱাৰ কাৰণ আন একো নাই।এয়া হৈছে বায়ু প্ৰদূষণৰ চূড়ান্ত পৰিমাণ! 

বছৰটোৰ আৰম্ভণিৰ পৰা থাইলেণ্ডৰ প্ৰাকৃতিক অৱস্থা বিধ্বস্ত হৈ পৰিছে। দেশখনৰ ৰাজধানী চহৰ বেংককত কেৱল ধোঁৱা আৰু ধোঁৱা  বিয়পি পৰিছে। প্ৰশাসনৰ মতে, গাড়ী, কাৰখানা আৰু কৃষি ক্ষেত্ৰত সামগ্ৰী জ্বলোৱাৰ ফলতে  বৃহৎ পৰিমাণৰ ধোঁৱাৰ সৃষ্টি  হৈছে।  এনে বৃহৎ পৰিমাণৰ বায়ু প্ৰদূষণে দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰতো চাপ সৃষ্টি কৰিছে।  বায়ু প্ৰদূষণৰ ফলত সেই দেশ খনৰ ১.৩ নিযুত লোক বিভিন্ন ৰোগত ভুগি আছে। শেহতীয়াকৈ দুই লাখ লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  

বেংককত প্ৰদূষণে অতি কালান্তক ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈবিশ্বৰ বিভিন্ন চহৰৰ বায়ুৰ মানৰ বিষয়ে এক পৰিসংখ্যা প্ৰকাশ পাইছে। সেই পৰিসংখ্যা অনুসৰি, থাইলেণ্ডৰ বেংকক সমগ্ৰ বিশ্বৰ ভিতৰতে  তৃতীয় আটাইতকৈ প্ৰদূষিত চহৰ। কেৱল বেংককেই নহয়, সমগ্ৰ থাইলেণ্ডৰ ৫০  খন চহৰক প্ৰশাসনে অস্বাস্থ্যকৰ বুলি ঘোষণা কৰিছে। 

 প্ৰদূষণে   শিশু আৰু গৰ্ভৱতী মাতৃসকলৰ  বেছিকৈ ক্ষতি সাধন কৰিছে। সেয়েহে প্ৰশাসনে  সৰু ল'ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাসকলক  পৰাপক্ষত  ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী