--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰীল লাইফৰ পৰা ওলাই আহি ৰাজনীতিৰ পথাৰত নামিবলৈ মন মেলিছে  বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱটে। এক দীঘলীয়া সময় ধৰি ৰাজনৈতিক ভাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে কংগনা ৰানাৱটে । হিন্দু ধৰ্মত প্ৰবল বিশ্বাসী কংগনাই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক অনুসৰণ কৰি ২৪ৰ লোকসভা নিৰ্বাচনত গৃহ ৰাজ্য হিমাচল প্ৰদেশৰ পৰা নিৰ্বাচনী যুঁজত নমাৰ মন মেলিছে কংগনাই।

সেই আশাৰেই  দেওবাৰে কুল্লুত বিজেপি অধ্যক্ষ জে পি নাড্ডাক সাক্ষাতো কৰে অভিনেত্ৰীগৰাকীয়ে। 
এই সন্দৰ্ভত কংগনাই সামাজিক মাধ্যমটো এক পোষ্ট share কৰিছে। 

এই post ৰ পিছত এইবাৰ  ভাৰতীয় জনতা পাৰ্টীৰ পৰাই  কংগনাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে বুলি বু বু বা বা চলিছে। 

উল্লেখযোগ্য যে এক দীঘলীয়া  সময় ধৰি কংগনাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা কথা চর্চাত আছে। পূৰ্বে ২০২১ বৰ্ষত উপ নিৰ্বাচনতো অভিনেত্ৰী গৰাকীয়ে মণ্ডিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বিচৰাৰ  কথাকলৈ চর্চা হৈছিল । কিন্তু কোনো কাৰণবশতঃ কংগনাৰ সলনি বিজেপিয়ে খুশাল সিঙক সেই সমষ্টিত  টিকট প্ৰদান কৰিছিল। কিন্তু কংগ্ৰেছ নেত্ৰী প্ৰতিভা সিঙে সমষ্টিটোত  জয়ী হবলৈ সক্ষম হৈছিল। 

২৪তো কংগনাই মণ্ডিৰ পৰাই নিৰ্বাচন খেলাৰ কথা সম্ভাৱনা আছে বুলি চৰ্চা চলিছে।এটা কথা উল্লেখ কৰিব লাগিব যে বিজেপিয়ে পূৰ্বৰে পৰাই নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে চিনাকি মুখক , বিশেষকৈ জনপ্ৰিয় তাৰকাক প্ৰাৰ্থিত্ব প্ৰদান কৰি আহিছে।  হেমা মালিনী , চানি দেউল ,মনোজ তিৱাৰী আদি কেইবাগৰাকীও বলিউড তাৰকাক বিজেপিয়ে নিৰ্বাচনত অৱৰ্তীৰণ কৰোৱাইছে। তেনে ক্ষেত্ৰত ২৪ ত দলটোৱে  কংগনা ৰাণাৱটক  টিকট দিয়াৰ পূৰ্ণ সম্ভাৱনা থকা বুলি এতিয়া আলোচনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক