--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰীল লাইফৰ পৰা ওলাই আহি ৰাজনীতিৰ পথাৰত নামিবলৈ মন মেলিছে  বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱটে। এক দীঘলীয়া সময় ধৰি ৰাজনৈতিক ভাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে কংগনা ৰানাৱটে । হিন্দু ধৰ্মত প্ৰবল বিশ্বাসী কংগনাই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক অনুসৰণ কৰি ২৪ৰ লোকসভা নিৰ্বাচনত গৃহ ৰাজ্য হিমাচল প্ৰদেশৰ পৰা নিৰ্বাচনী যুঁজত নমাৰ মন মেলিছে কংগনাই।

সেই আশাৰেই  দেওবাৰে কুল্লুত বিজেপি অধ্যক্ষ জে পি নাড্ডাক সাক্ষাতো কৰে অভিনেত্ৰীগৰাকীয়ে। 
এই সন্দৰ্ভত কংগনাই সামাজিক মাধ্যমটো এক পোষ্ট share কৰিছে। 

এই post ৰ পিছত এইবাৰ  ভাৰতীয় জনতা পাৰ্টীৰ পৰাই  কংগনাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে বুলি বু বু বা বা চলিছে। 

উল্লেখযোগ্য যে এক দীঘলীয়া  সময় ধৰি কংগনাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা কথা চর্চাত আছে। পূৰ্বে ২০২১ বৰ্ষত উপ নিৰ্বাচনতো অভিনেত্ৰী গৰাকীয়ে মণ্ডিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বিচৰাৰ  কথাকলৈ চর্চা হৈছিল । কিন্তু কোনো কাৰণবশতঃ কংগনাৰ সলনি বিজেপিয়ে খুশাল সিঙক সেই সমষ্টিত  টিকট প্ৰদান কৰিছিল। কিন্তু কংগ্ৰেছ নেত্ৰী প্ৰতিভা সিঙে সমষ্টিটোত  জয়ী হবলৈ সক্ষম হৈছিল। 

২৪তো কংগনাই মণ্ডিৰ পৰাই নিৰ্বাচন খেলাৰ কথা সম্ভাৱনা আছে বুলি চৰ্চা চলিছে।এটা কথা উল্লেখ কৰিব লাগিব যে বিজেপিয়ে পূৰ্বৰে পৰাই নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে চিনাকি মুখক , বিশেষকৈ জনপ্ৰিয় তাৰকাক প্ৰাৰ্থিত্ব প্ৰদান কৰি আহিছে।  হেমা মালিনী , চানি দেউল ,মনোজ তিৱাৰী আদি কেইবাগৰাকীও বলিউড তাৰকাক বিজেপিয়ে নিৰ্বাচনত অৱৰ্তীৰণ কৰোৱাইছে। তেনে ক্ষেত্ৰত ২৪ ত দলটোৱে  কংগনা ৰাণাৱটক  টিকট দিয়াৰ পূৰ্ণ সম্ভাৱনা থকা বুলি এতিয়া আলোচনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক