--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিচিআইৰ সভাপতি পদক লৈ চৰ্চা চলি থকাৰ সময়তে প্ৰথমবাৰৰ বাবে মুখ খুলিছে সৌৰভ গাংগুলীয়ে। বৃহস্পতিবাৰে এটা অনুষ্ঠানত তেওঁ কয়- "মই এজন প্ৰশাসক হিচাপে কাম কৰি আহিছো আৰু এতিয়া অন্য এটা কাম হাতত ল’ম।"

অনুষ্ঠানটোতে নিজৰ জীৱনৰ বহুকেইটা কথা উল্লেখ কৰে গাংগুলীয়ে। কয় যে ভাৰতৰ হৈ খেলি থকাৰ সময়ছোৱাই হৈছে তেওঁৰ নিজৰ সৰ্বশ্ৰেষ্ঠ  সময়। খেলপথাৰ ত্যাগ কৰাৰ পাছত তেওঁ বিচিচিআইৰ সভাপতি হ’ল  আৰু এইবাৰ আন এটা বৃহৎ কাম কৰিবলৈ আগবাঢ়িব- গাংগুলীয়ে জনায়।

৫০ বৰ্ষীয় গাংগুলীয়ে যে এজন লোকে চিৰদিনৰ বাবে এজন খেলি থাকিব নোৱাৰে, চিৰদিনৰ বাবে প্ৰশাসকো হ'ব নোৱাৰে। দুয়োটা কাম কৰি তেওঁৰ ভাল লাগিছিল বুলি গাংগুলীয়ে অনুভৱ ব্যক্ত কৰে।

“আপুনি এদিনতে আম্বানী বা নৰেন্দ্ৰ মোডী হ’ব নোৱাৰে। সেই পৰ্যায় পাবলৈ হ’লে আপুনি মাহ আৰু বছৰ ধৰি পৰিশ্ৰম কৰি যাব লাগিব"- গাংগুলীয়ে কয়।

উল্লেখযোগ্য যে যোৱা তিনি বছৰ ধৰি বিচিচিআইৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল গাংগুলীয়ে। শেহতীয়াকৈ তেওঁক আই পি এলৰ অধ্যক্ষ পদ প্ৰদান কৰা হৈছিল। কিন্তু তেওঁ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিল। তেওঁৰ যুক্তি আছিল যে তেওঁ একেটা প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়াৰ পিছত বিচিচিআইৰ এখন উপ-সমিতিৰ মুৰব্বী হ’ব তেওঁ নিবিচাৰে।

আনহাতে, গাংগুলীয়ে সভাপতি পদ এৰাৰ সময়ছোৱাতে তেওঁৰ পদৰ বাবে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ৰজাৰ বিন্নীৰ নাম চৰ্চাত আছে। বিন্নীয়ে মঙলবাৰে বিচিচিআইৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল।
 
বিন্নীৰ বিপৰীতে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। সেয়ে তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু