--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিচিআইৰ সভাপতি পদক লৈ চৰ্চা চলি থকাৰ সময়তে প্ৰথমবাৰৰ বাবে মুখ খুলিছে সৌৰভ গাংগুলীয়ে। বৃহস্পতিবাৰে এটা অনুষ্ঠানত তেওঁ কয়- "মই এজন প্ৰশাসক হিচাপে কাম কৰি আহিছো আৰু এতিয়া অন্য এটা কাম হাতত ল’ম।"

অনুষ্ঠানটোতে নিজৰ জীৱনৰ বহুকেইটা কথা উল্লেখ কৰে গাংগুলীয়ে। কয় যে ভাৰতৰ হৈ খেলি থকাৰ সময়ছোৱাই হৈছে তেওঁৰ নিজৰ সৰ্বশ্ৰেষ্ঠ  সময়। খেলপথাৰ ত্যাগ কৰাৰ পাছত তেওঁ বিচিচিআইৰ সভাপতি হ’ল  আৰু এইবাৰ আন এটা বৃহৎ কাম কৰিবলৈ আগবাঢ়িব- গাংগুলীয়ে জনায়।

৫০ বৰ্ষীয় গাংগুলীয়ে যে এজন লোকে চিৰদিনৰ বাবে এজন খেলি থাকিব নোৱাৰে, চিৰদিনৰ বাবে প্ৰশাসকো হ'ব নোৱাৰে। দুয়োটা কাম কৰি তেওঁৰ ভাল লাগিছিল বুলি গাংগুলীয়ে অনুভৱ ব্যক্ত কৰে।

“আপুনি এদিনতে আম্বানী বা নৰেন্দ্ৰ মোডী হ’ব নোৱাৰে। সেই পৰ্যায় পাবলৈ হ’লে আপুনি মাহ আৰু বছৰ ধৰি পৰিশ্ৰম কৰি যাব লাগিব"- গাংগুলীয়ে কয়।

উল্লেখযোগ্য যে যোৱা তিনি বছৰ ধৰি বিচিচিআইৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল গাংগুলীয়ে। শেহতীয়াকৈ তেওঁক আই পি এলৰ অধ্যক্ষ পদ প্ৰদান কৰা হৈছিল। কিন্তু তেওঁ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিল। তেওঁৰ যুক্তি আছিল যে তেওঁ একেটা প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়াৰ পিছত বিচিচিআইৰ এখন উপ-সমিতিৰ মুৰব্বী হ’ব তেওঁ নিবিচাৰে।

আনহাতে, গাংগুলীয়ে সভাপতি পদ এৰাৰ সময়ছোৱাতে তেওঁৰ পদৰ বাবে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ৰজাৰ বিন্নীৰ নাম চৰ্চাত আছে। বিন্নীয়ে মঙলবাৰে বিচিচিআইৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল।
 
বিন্নীৰ বিপৰীতে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। সেয়ে তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক