--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেন মেক্সৱেলৰ হাতত অষ্ট্ৰেলিয়াৰ ষষ্ঠটো বিশ্বকাপ জয়। আফগানিস্তানৰ বিৰুদ্ধে ২০১ ৰানৰ অবিশ্বাস্য ইনিংছটো নোহোৱা হ’লে হয়তো অষ্ট্ৰেলিয়াৰ ফাইনেললৈ যোৱাৰ পথ ইমান মসৃণ নহ’লহেঁতেন। হয়তো গড অৱ ক্ৰিকেটে বিচাৰিছিল যে বিশ্ব বিজয়ী ৰানবোৰ মেক্সৱেলৰ বেটৰ পৰাই আহক।

মেক্সৱেল আৰু বিৰাট কোহলী দুয়ো দুয়োৰ প্ৰিয় বন্ধু। আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰতিদ্বন্দ্বী হ’লেও আই পি এলত সতীৰ্থ। কোহলী আৰু মেক্সৱেল দুয়োজনেই আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে। দেওবাৰে ফাইনেলৰ পিছত কোহলীয়ে নিজৰ প্ৰিয় বন্ধুক অভিনন্দন জনাবলৈ নাপাহৰিলে। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে মেক্সৱেলক নিজাকৈ এখন জার্চি উপহাৰ দিয়ে৷ এইবাৰ বিশ্বকাপৰ ফাইনেলৰ স্মৃতি হিচাপে এই উপহাৰ দিলে কোহলীয়ে।

কোহলীৰ জাৰ্চি লাভ কৰিবলৈ পাই উত্তেজিত হৈ পৰে অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ। মেক্সৱেলেও নিজৰ বন্ধুক সমবেদনা প্ৰকাশ কৰিবলৈ নাপাহৰিলে। আহমেদাবাদ খেলপথাৰত কোহলীয়ে মেক্সৱেলক উপহাৰ দিয়ে। সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফাইনেলৰ পাছত কোহলীয়ে মেক্সৱেলৰ সৈতে পৃথকে পৃথকে কেইবাটাও মুহূৰ্তত কথা পাতিছিল।

একেৰাহে ১০খন মেচত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ পাছতো ভাৰতে বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ফাইনেলত কোহলিৰ ৫৪ ৰানৰ ইনিংছটোৱে কাম নকৰিলে। আনহাতে, ক্ৰিকেটৰ সকলো শাখাতে ভাৰতক চেম্পিয়ন হিচাপে পৰাস্ত কৰি অষ্ট্ৰেলিয়াই একেৰাহে আঠখন মেচত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। এই জয়ত মেক্সৱেলৰ ২ ৰান আপাত দৃষ্টিত বৰ গুৰুত্বপূৰ্ণ নহয় যদিও অতি মূল্যৱান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক