--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেন মেক্সৱেলৰ হাতত অষ্ট্ৰেলিয়াৰ ষষ্ঠটো বিশ্বকাপ জয়। আফগানিস্তানৰ বিৰুদ্ধে ২০১ ৰানৰ অবিশ্বাস্য ইনিংছটো নোহোৱা হ’লে হয়তো অষ্ট্ৰেলিয়াৰ ফাইনেললৈ যোৱাৰ পথ ইমান মসৃণ নহ’লহেঁতেন। হয়তো গড অৱ ক্ৰিকেটে বিচাৰিছিল যে বিশ্ব বিজয়ী ৰানবোৰ মেক্সৱেলৰ বেটৰ পৰাই আহক।

মেক্সৱেল আৰু বিৰাট কোহলী দুয়ো দুয়োৰ প্ৰিয় বন্ধু। আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰতিদ্বন্দ্বী হ’লেও আই পি এলত সতীৰ্থ। কোহলী আৰু মেক্সৱেল দুয়োজনেই আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে। দেওবাৰে ফাইনেলৰ পিছত কোহলীয়ে নিজৰ প্ৰিয় বন্ধুক অভিনন্দন জনাবলৈ নাপাহৰিলে। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে মেক্সৱেলক নিজাকৈ এখন জার্চি উপহাৰ দিয়ে৷ এইবাৰ বিশ্বকাপৰ ফাইনেলৰ স্মৃতি হিচাপে এই উপহাৰ দিলে কোহলীয়ে।

কোহলীৰ জাৰ্চি লাভ কৰিবলৈ পাই উত্তেজিত হৈ পৰে অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ। মেক্সৱেলেও নিজৰ বন্ধুক সমবেদনা প্ৰকাশ কৰিবলৈ নাপাহৰিলে। আহমেদাবাদ খেলপথাৰত কোহলীয়ে মেক্সৱেলক উপহাৰ দিয়ে। সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফাইনেলৰ পাছত কোহলীয়ে মেক্সৱেলৰ সৈতে পৃথকে পৃথকে কেইবাটাও মুহূৰ্তত কথা পাতিছিল।

একেৰাহে ১০খন মেচত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ পাছতো ভাৰতে বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ফাইনেলত কোহলিৰ ৫৪ ৰানৰ ইনিংছটোৱে কাম নকৰিলে। আনহাতে, ক্ৰিকেটৰ সকলো শাখাতে ভাৰতক চেম্পিয়ন হিচাপে পৰাস্ত কৰি অষ্ট্ৰেলিয়াই একেৰাহে আঠখন মেচত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। এই জয়ত মেক্সৱেলৰ ২ ৰান আপাত দৃষ্টিত বৰ গুৰুত্বপূৰ্ণ নহয় যদিও অতি মূল্যৱান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক