--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ হ’ল এদিনীয়া বিশ্বকাপ!ভাৰতে ফাইনেলত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় ক্ৰীড়াপ্ৰেমী শোকদগ্ধ হৈ থকাৰ মাজতে ঘোষণা কৰা হ’ল ভাৰত বনাম অষ্ট্ৰেলিয়াৰ আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ নাম৷এই দলৰ বাবে অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে সূৰ্যকুমাৰ যাদৱক৷কিন্তু এই  দলত স্থান লাভৰ পৰা বঞ্চিত প্ৰতিভাৱান অসমীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগ৷


অষ্ট্ৰেলিয়া টি-২০ শৃংখলাৰ বাবে ৰিয়ান পৰাগক নিৰ্বাচিত কৰাটো নিশ্চিত বুলি বিবেচিত হৈছিল কাৰণ এই যুৱ খেলুৱৈগৰাকীয়ে সদ্য সমাপ্ত দেওধৰ ট্ৰফী আৰু ছৈয়দ মুস্তাক আলী ট্ৰফীত বল আৰু বেটৰ সৈতে ভাল প্ৰদৰ্শন কৰিছিল। দেওধৰ ট্ৰফীত তেওঁ ১১টা উইকেট লোৱাৰ লগতে ৩৫৪ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰাৰ হোৱাৰ বিপৰীতে মুস্তাক আলী ট্ৰফীত ১১টা উইকেট লোৱাৰ উপৰিও ৫১০ ৰাণ সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ সৰ্বাধিক স্ক’ৰাৰ হিচাপে বিবেচিত হয়।


কিন্তু অসমীয়া ক্ৰিকেটাৰজনে এই উপেক্ষা লাভ কৰাৰ কাৰণ কি?বহুতে ইয়াৰ বাবে বিচিচিআইৰ পক্ষপাতদুষ্ট ব্যৱহাৰক দায়ী কৰাৰ বিপৰীতে দলৰ মুখ্য নিৰ্বাচকৰ লগত ঘনিষ্ঠতা নথকাৰ বাবে এই উপেক্ষা লাভ কৰা বুলি বহুতে দাবী কৰিছে৷ইতিমধ্যে অসম ক্ৰিকেট সন্থাৰ পূৰ্বৰ শীৰ্ষস্থানীয় ব্যক্তি দেৱজিৎ শইকীয়া বৰ্তমান বিচিচিআইৰ উচ্চ পদত আসন গ্ৰহণ কৰি আছে৷এনে প্ৰেক্ষাপটত অসমত উচ্চমানৰ ক্ৰিকেট পৰিবেশ তথা সকলোৱে সমান সুযোগ আৰু সুবিধা পোৱাটো নিশ্চিত কৰাটো বিচিচিআই আৰু অসম ক্ৰিকেট সন্থাৰ নৈতিক কৰ্তব্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক