--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ হ’ল এদিনীয়া বিশ্বকাপ!ভাৰতে ফাইনেলত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় ক্ৰীড়াপ্ৰেমী শোকদগ্ধ হৈ থকাৰ মাজতে ঘোষণা কৰা হ’ল ভাৰত বনাম অষ্ট্ৰেলিয়াৰ আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ নাম৷এই দলৰ বাবে অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে সূৰ্যকুমাৰ যাদৱক৷কিন্তু এই  দলত স্থান লাভৰ পৰা বঞ্চিত প্ৰতিভাৱান অসমীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগ৷


অষ্ট্ৰেলিয়া টি-২০ শৃংখলাৰ বাবে ৰিয়ান পৰাগক নিৰ্বাচিত কৰাটো নিশ্চিত বুলি বিবেচিত হৈছিল কাৰণ এই যুৱ খেলুৱৈগৰাকীয়ে সদ্য সমাপ্ত দেওধৰ ট্ৰফী আৰু ছৈয়দ মুস্তাক আলী ট্ৰফীত বল আৰু বেটৰ সৈতে ভাল প্ৰদৰ্শন কৰিছিল। দেওধৰ ট্ৰফীত তেওঁ ১১টা উইকেট লোৱাৰ লগতে ৩৫৪ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰাৰ হোৱাৰ বিপৰীতে মুস্তাক আলী ট্ৰফীত ১১টা উইকেট লোৱাৰ উপৰিও ৫১০ ৰাণ সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ সৰ্বাধিক স্ক’ৰাৰ হিচাপে বিবেচিত হয়।


কিন্তু অসমীয়া ক্ৰিকেটাৰজনে এই উপেক্ষা লাভ কৰাৰ কাৰণ কি?বহুতে ইয়াৰ বাবে বিচিচিআইৰ পক্ষপাতদুষ্ট ব্যৱহাৰক দায়ী কৰাৰ বিপৰীতে দলৰ মুখ্য নিৰ্বাচকৰ লগত ঘনিষ্ঠতা নথকাৰ বাবে এই উপেক্ষা লাভ কৰা বুলি বহুতে দাবী কৰিছে৷ইতিমধ্যে অসম ক্ৰিকেট সন্থাৰ পূৰ্বৰ শীৰ্ষস্থানীয় ব্যক্তি দেৱজিৎ শইকীয়া বৰ্তমান বিচিচিআইৰ উচ্চ পদত আসন গ্ৰহণ কৰি আছে৷এনে প্ৰেক্ষাপটত অসমত উচ্চমানৰ ক্ৰিকেট পৰিবেশ তথা সকলোৱে সমান সুযোগ আৰু সুবিধা পোৱাটো নিশ্চিত কৰাটো বিচিচিআই আৰু অসম ক্ৰিকেট সন্থাৰ নৈতিক কৰ্তব্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক