--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত কাইলৈ বাংলাদেশৰ মুখামুখি হব টীম ইণ্ডিয়া৷ সেই লৈ ক্ৰিকেটানুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলা দেখা গৈছে৷ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অপেনিং বেটাৰ কে এল ৰাহুল৷

 

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷ ইয়াৰ কাৰণ হৈছে বিশ্বকাপৰ তিনিওখন মেচতে তেওঁৰ ব্যৰ্থতা৷ বেটত ৰাণ নাই কেএল ৰাহুলৰ৷

 

কিন্তু ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে এতিয়াও কে এল ৰাহুলৰ ওপৰত আস্থা ৰাখিছে৷ ইংগিত দিছে যে কাইলৈও বাংলাদেশৰ বিৰুদ্ধে অপেনিং কৰিবলৈ খেলপথাৰত নামিব বেটাৰগৰাকী৷

 

‘‘ৰাহুল অত্যন্ত ভাল ক্ৰিকেটাৰ৷ মই ভাবো, ৰাহুলে খুব ভাল বেটিং কৰিছে৷ কিন্তু টি টুৱেণ্টিত এইধৰণৰ ঘটনা হব পাৰে৷ অপেনিং কৰা সহজ নহয়৷ এইদৰে কাৰো সমালোচনা কৰা উচিত নহয়৷’’- কে এল ৰাহুল সম্পৰ্কত ৰাহুল দ্ৰাৱিড়ে এইদৰে কয়৷

 

‘‘এইবাৰৰ বিশ্বকাপ বেটাৰৰ বাবে কঠিন৷ প্ৰস্তুতিমূলক মেচখনত পেট কামিন্স, মিচেল ষ্টাৰ্কৰ বিৰুদ্ধে ৰাহুলে খুব ভাল বেটিং কৰিছিল৷ আশা কৰো পৰৱৰ্তী মেচখনত তেওঁৰ বেটলৈ ৰাণ আহিব৷’’- ৰাহুল দ্ৰাৱিড়ে কয়৷

 

কেএল ৰাহুলৰ বেটিং শৈলীক প্ৰশংসা কৰি ৰাহুল দ্ৰাৱিড়ে কয় যে সাধাৰণতে কে এল ৰাহুলে বেকফুটত খেলি ভাল পায় আৰু ইয়াত তেওঁ সুখী৷ কে এল ৰাহুলৰ খেলাৰ ধৰণ অষ্ট্ৰেলিয়াৰ পিটচৰ বাবে উপযোগী বুলিও তেওঁ কয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক