--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত কাইলৈ বাংলাদেশৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷ সেই লৈ ক্ৰিকেটানুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলা দেখা গৈছে৷ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অপেনিং বেটাৰ কে এল ৰাহুল৷

 

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷ ইয়াৰ কাৰণ হৈছে বিশ্বকাপৰ তিনিওখন মেচতে তেওঁৰ ব্যৰ্থতা৷ বেটত ৰাণ নাই কেএল ৰাহুলৰ৷

 

কিন্তু ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে এতিয়াও কে এল ৰাহুলৰ ওপৰত আস্থা ৰাখিছে৷ ইংগিত দিছে যে কাইলৈও বাংলাদেশৰ বিৰুদ্ধে অপেনিং কৰিবলৈ খেলপথাৰত নামিব বেটাৰগৰাকী৷

 

‘‘ৰাহুল অত্যন্ত ভাল ক্ৰিকেটাৰ৷ মই ভাবো, ৰাহুলে খুব ভাল বেটিং কৰিছে৷ কিন্তু টি টুৱেণ্টিত এইধৰণৰ ঘটনা হ’ব পাৰে৷ অপেনিং কৰা সহজ নহয়৷ এইদৰে কাৰো সমালোচনা কৰা উচিত নহয়৷’’- কে এল ৰাহুল সম্পৰ্কত ৰাহুল দ্ৰাৱিড়ে এইদৰে কয়৷

 

‘‘এইবাৰৰ বিশ্বকাপ বেটাৰৰ বাবে কঠিন৷ প্ৰস্তুতিমূলক মেচখনত পেট কামিন্স, মিচেল ষ্টাৰ্কৰ বিৰুদ্ধে ৰাহুলে খুব ভাল বেটিং কৰিছিল৷ আশা কৰো পৰৱৰ্তী মেচখনত তেওঁৰ বেটলৈ ৰাণ আহিব৷’’- ৰাহুল দ্ৰাৱিড়ে কয়৷

 

কেএল ৰাহুলৰ বেটিং শৈলীক প্ৰশংসা কৰি ৰাহুল দ্ৰাৱিড়ে কয় যে সাধাৰণতে কে এল ৰাহুলে বেকফুটত খেলি ভাল পায় আৰু ইয়াত তেওঁ সুখী৷ কে এল ৰাহুলৰ খেলাৰ ধৰণ অষ্ট্ৰেলিয়াৰ পিটচৰ বাবে উপযোগী বুলিও তেওঁ কয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু